জ্যোতিপ্ৰসাদ বৰাঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শত-সহস্ৰ মাধুৰ্যপূৰ্ণ সুৰৰ মাজৰ অন্যতম এক ঝংকাৰ হৈছে ‘আমি যেন যন্ত্ৰ’ নামৰ গীতটি (Assamese Child Drama) । ২০০৪ চনত মুক্তিপ্ৰাপ্ত এন কে প্ৰডাকচনৰ ‘যন্ত্ৰ’ নামৰ এলবামটিৰ গীত আছিল এই অৰ্থৱহ সংযোজনটি ।
গীতটিৰ প্ৰথম অংশতেই প্ৰতিযোগিতাৰ দৌৰত চেতনা হেৰুওৱা অভিভাৱক সকলৰ প্ৰতি আছিল কঠোৰ সকীয়নি ।
সন্তানৰ শিক্ষণ-শিকনৰ নামত মাত্ৰাধিক বোজা জাপি একো একোটা যন্ত্ৰলৈ ৰূপান্তৰিত কৰা সেই শ্ৰেণীৰ অভিভাৱকৰ অস্থিৰ মন-মগজুক স্থিৰ কৰাৰ প্ৰয়াস আছিল এই সুমধুৰ গীতটিৰ প্ৰথম অংশ ।
যাৰ জৰিয়তে গঢ়িব বিচৰা হৈছিল বিৱৰ্তন । অৰ্নথক আন্ধাৰৰ বাবে ই আছিল পোহৰৰ এছাটি প্ৰতিফলন । এনে এক প্ৰেক্ষাপটকে সামৰি তথা এই জনপ্ৰিয় গীতটিৰ আধাৰত নগাঁৱৰ যুৱ নাট্যকৰ্মী লক্ষ্যজ্যোতি শইকীয়াই সংৰচনা কৰিলে তেওঁৰ নতুন সৃষ্টি ‘পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই’ ।
নগাঁৱৰ একাধিক মঞ্চত মঞ্চস্থ হৈ থকা শিশুনাটখন শেহতীয়াকৈ আমিও উপভোগ কৰিলোঁ যোৱা ১০ জানুৱাৰীৰ সন্ধিয়া । পূৰ্বৰ মঞ্চায়নৰ ভুল-ত্ৰূটীসমূহৰ প’ষ্টমৰ্টেমেৰে মাজৰআটিৰ সমূহীয়া ভৱনত সীমিত সংখ্যক দৰ্শকক লৈ মঞ্চস্থ কৰা হয় বাৰ্তাবাহী নাটখন ।
নাট্যকাৰ লক্ষ্যজ্যোতি শইকীয়াই নিজেই পৰিচালনা কৰা এই নাটখন হৈছে ‘পাৰ্থ’ নামৰ এটি শিশু চৰিত্ৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এখন সুদৃশ্যমান ছবি ।
যিখন ছবিত একাংশ অভিভাৱকে শিশুৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ কথা স্পষ্টকৈ অংকন কৰা হৈছে । নাটখনত ‘পাৰ্থ’ নামৰ শিশুটিক মাক-দেউতাকে অৰ্থহীন প্ৰতিযোগিতাৰ দৌৰত নমাই অসুস্থ কৰি তুলিছিল ।
শিক্ষণ-শিকনৰ নামত মাক-দেউতাকৰ তীব্ৰ হেচাঁৰ বাবেই মুকলি আকাশ দেখা পোৱা নাছিল কণমাণি ল’ৰাটোৱে । দেখা পোৱা নাছিল সোণোৱালী শৈশৱৰ ৰূপ-লাৱণ্য । ‘শিকিবই লাগিব, শিকি থাক’ জাতীয় কথাৰে ‘পাৰ্থ’ হৈ পৰিছিল ভাৰাক্ৰান্ত ।
অৱশেষত নাটখনৰ ‘ডাঃ প্ৰিয়া’ নামৰ চৰিত্ৰটোৱে উদ্ধাৰ কৰে ‘পাৰ্থ’ক । চিকিৎসক গৰাকীয়ে ঘূৰাই আনে মাক-দেউতাকৰ মনৰ চেতনা । কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰভু শ্ৰীকৃষ্ণ অৰ্জুনৰ সাৰথি হোৱাৰ দৰেই এই কাহিনী ।
সেইবাবেই হয়তো নাটৰ নাম ‘পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই’ । ১৮ টাকৈ চৰিত্ৰসম্পন্ন এই নাটখনৰ পৰিচালনা উৎকৃষ্ট হৈছে যদিও আৰু অধিক নিমজ কৰাৰ প্ৰয়োজন আছে । নাটৰ শেষাংশত ‘ডাঃ প্ৰিয়া’ৰ মুখত দিয়া সংলাপ সমূহ সৰল আৰু চুটি কৰিলে অধিক মনোগ্ৰাহী হোৱাৰ সম্ভাৱনা দেখা যায় ।
পৰিচালকে শিশু শিল্পীসকলৰ সংলাপ নিক্ষেপনৰ লগতে উচ্চাৰণৰ ক্ষেত্ৰত অলপ পৰিৱৰ্তন আনিলেই এখনি সৰ্বাংগসুন্দৰ ৰচনা হৈ পৰিব নাটখনি । তথাপিও ১৮ টি শিশুক মঞ্চত উপস্থাপন কৰোৱাটো পৰিচালকৰ কৃতিত্বৰে ৰেঙনি ।
সমীৰণ বৰুৱা আৰু বুবু শইকীয়াৰ সংগীত সমৃদ্ধ নাটখনৰ অভিনয় শিল্পীসকল হৈছে ধনজিৎ শইকীয়া, কিশোৰ ৰঞ্জন গাৰ্গ, বেদশ্ৰী বৰা, শান্তু দাস, বৰ্ণম গোস্বামী, জয়ন্ত কলিতা, প্ৰিয়া বৰদলৈ, লক্ষ্যজ্যোতি শইকীয়া, ৰিংকুমণি কলিতা, মনোজ বৰা, অনিন্দিতা শইকীয়া, দিব্যাংশু কলিতা, হিমাংশু চক্ৰৱৰ্তী, আকছান্ত্ৰী শইকীয়া, ভাগ্যশ্ৰী চক্ৰৱৰ্তী, বৰ্ণাক্ষি হাজৰিকা, দিক্ দৰ্শন কাকতি আৰু দীপলিনা বৰা ।
যথাৰ্থতে লক্ষ্যজ্যোতি শইকীয়াৰ এই নাটখন হৈছে যন্ত্ৰৱৎ পৃথিৱীৰ অযথা আস্ফালনৰ ঢৌ স্তিমিত কৰাৰ এক মথাউৰি, তথাকথিত শিক্ষিত-সভ্যৰ চাৰিবেৰৰ জলঙাৰে ওলোৱা শিশুৰ বিষাদ আৰু আৰ্তনাদৰ কিৰিলি এজাউৰি ।
লগতে পঢ়কঃ Assamese Play Akumari Kunti: পুহৰ সন্ধিয়াত ‘পাঞ্চজন্য’ৰ পোহৰ …
