গৌতম শৰ্মা (অধ্যাপক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়) :
প্ৰদীপ বৰুৱা (১৯৩৮ – ২০২৬) অসমৰ এগৰাকী অতি সন্মানীয় লেখক, সম্পাদক, প্ৰকাশক আৰু সাংবাদিক আছিল (Prantik Magazine Editor Pradeep Baruah)। আজীৱন অসমীয়া ভাষা, সাহিত্য আৰু ৰাজ্যখনৰ বৃহত্তৰ সাংস্কৃতিক বিবেক আৰু বৌদ্ধিক জগতখনৰ সৈতে গভীৰভাৱে জড়িত হৈ থকা বৰুৱা আছিল অসমৰ আধুনিক সংবাদ জগতৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কনিষ্ঠতম সন্তান। ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্ম লাভ কৰা প্ৰদীপ বৰুৱাই নিজৰ স্বকীয় চিন্তা আৰু বৈশিষ্ট্যৰে প্ৰান্তিকৰ দৰে এখন সৰ্বাংগসুন্দৰ পষেকীয়া আলোচনীৰ প্ৰতিষ্ঠাপক, প্ৰকাশক তথা পিছলৈ সম্পাদক ৰূপে গুৰুদায়িত্ব লৈ অসমৰ সংবাদ, সাহিত্য সাংস্কৃতিক আৰু বৌদ্ধিক জগতত নিজৰ নাম অনন্তকাললৈ খোদিত কৰি গ’ল।
তেওঁৰ চিন্তাৰ উৎকৃষ্ট ফচল প্ৰান্তিক হৈছে অসমৰ সংবাদ আৰু সাহিত্য জগতত আটাইতকৈ দীঘলীয়া সময় ধৰি প্ৰকাশ হৈ থকা অসমৰ প্ৰভাৱশালী এখন আলোচনীৰ ভিতৰত অন্যতম। ১৯৮০ৰ দশকৰ আৰম্ভণিতে জন্ম লাভ কৰাৰ পৰা আৰম্ভ কৰি জীৱনৰ অন্তিম ক্ষণলৈকে প্ৰদীপ বৰুৱাই প্ৰান্তিকৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত হৈ আছিল। যিখন আলোচনীৰ কেৱল প্ৰকাশক হিচাপে নহয়, এক জীৱন্ত বৌদ্ধিক প্ৰতিষ্ঠান হিচাপে তেওঁ গঢ় দি গৈছিল। কেইবাটাও দশকজুৰি চলা অক্লান্ত সাধনাৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি দেখুৱাই গ’ল যে বাণিজ্যিক চাপ, ৰাজনৈতিক পৃষ্ঠপোষকতা বা ভাষাগত আপোচৰ আগত আত্মসমৰ্পণ নকৰাকৈও গভীৰ সাংবাদিকতা আৰু সাহিত্যক জীয়াই ৰাখিব পাৰি।
বৰুৱাদেৱৰ ব্যক্তিগত জীৱনলৈ চকু দিলে পাওঁ যে তেওঁৰ শৈশৱকাল ডিব্ৰুগড়তেই অতিবাহিত হৈছিল। ১৯৪৮ চনত তেওঁৰ পৰিয়াল গুৱাহাটীলৈ স্থানান্তৰিত হয়। য’ত ডনবস্ক’ বিদ্যালয়ৰ পৰা তেওঁৰ নিয়মিত শিক্ষা জীৱনৰ আৰম্ভণি ঘটে। পিছলৈ তেওঁ অসমৰ অন্যতম প্ৰখ্যাত শিক্ষানুষ্ঠান কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। অতি সৰু বয়সৰে পৰা বৰুৱাৰ পঢ়া-শুনা, নাট্যচৰ্চা, তৰ্ক আৰু ৰাজহুৱা জীৱনৰ প্ৰতি গভীৰ আগ্ৰহ দেখা গৈছিল।
তেওঁ কেতিয়াও একেটা শাখা বা বিষয়তেই সীমাবদ্ধ হৈ থকা নাছিল; বৰঞ্চ বহুমুখী বৌদ্ধিক কৌতূহল বিকাশ কৰিছিল, যিটো পিছলৈ গৈ প্ৰান্তিকৰ মূল চৰিত্ৰ হিচাপে প্ৰতিফলিত হৈছিল। নিজা আলোচনী আৰম্ভ কৰাৰ আগতে তেওঁ দ্য আসাম ট্ৰিবিউন গোষ্ঠীৰ সৈতে জড়িত আছিল, য’ৰ পৰা তেওঁ সংবাদকক্ষৰ সংস্কৃতি, ছপা প্ৰণালী, বিতৰণ ব্যৱস্থা আৰু প্ৰকাশন অৰ্থনীতিৰ বাস্তৱ অভিজ্ঞতাসমূহ লাভ কৰিছিল। কিন্তু লাহে লাহে তেওঁ অনুভৱ কৰিবলৈ ধৰে যে অসমীয়া সমাজৰ বাবে এখন স্বাধীন, গাম্ভীৰ্যপূৰ্ণ আৰু মূল্যবোধনিষ্ঠ আলোচনীৰ অতি প্ৰয়োজন আছে; যিয়ে সাহিত্য, বিজ্ঞান, সমাজ, ৰাজনীতি আৰু সংস্কৃতি এই সকলোবোৰ দিশ একেলগে আলোচনা কৰিব পাৰে।
সেই উদ্দেশ্য আগত ৰাখিয়েই প্ৰতিষ্ঠিত এক সংবাদ-মাধ্যম সংস্থাৰ পৰা ওলাই আহি নিজাকৈ এখন অসমীয়া আলোচনী আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। বৰুৱাদেৱৰ এই সিদ্ধান্তটো তেওঁৰ নিজৰ সুবিধাৰ বাবে নহয়, দৃঢ় বিশ্বাসৰ বাবেহে গ্ৰহণ কৰিছিল। তেওঁ নিজকে প্ৰায়ে অলপ দৃঢ় স্বভাৱৰ বুলি চিনাকি দি ভাল পাইছিল। যি দৃঢ়তাই তেওঁ সমষ্টিগত আপোচৰ সৈতে খাপ খোৱাতকৈ নিজে যি বুজে আৰু যি বিশ্বাস কৰে, সেই অনুসাৰেই কাম কৰিব বিচাৰিছিল। প্ৰায় ১৯৮০ চনৰ পৰা তেওঁ স্পষ্ট দৃষ্টিভংগীৰে প্ৰান্তিকৰ পৰিকল্পনা আৰম্ভ কৰিছিল। তেওঁৰ এই যাত্ৰাত এক গুৰুত্বপূৰ্ণ সহযোগিতা পাইছিল অসমৰ অন্যতম মহীৰূহ সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে। এই সম্পৰ্ক কেৱল পেচাগত নহয়। বৰঞ্চ নাট্যচৰ্চা, প্ৰকাশন আৰু পাৰিবাৰিক জীৱনৰলৈকে বিস্তৃত এক আন্তৰিক বন্ধনত পৰিণত হৈছিল।
যেতিয়া ৰাজনৈতিক পৰিস্থিতিৰ ফলত হঠাতে শইকীয়াদেৱে ৰে’লৱে পাব্লিক চাৰ্ভিচ কমিচনৰ অধ্যক্ষ পদ হেৰুৱাবলগীয়া হয়, তেতিয়া প্ৰদীপ বৰুৱাই তেওঁক প্ৰান্তিকৰ পথ-প্ৰদৰ্শক শক্তি হিচাপে আগবঢ়াই আনে। এই সহযোগিতাই আলোচনীখনৰ বৌদ্ধিক মেৰুদণ্ড গঢ়ি তোলে। আইনী আৰু ব্যৱস্থাপনা দিশত সম্পাদক হিচাপে বৰুৱাই দায়িত্ব পালন কৰি থাকিল যদিও, প্ৰান্তিকৰ নৈতিকতা, ভাষাগত শুদ্ধতা আৰু সৌন্দৰ্যবোধৰ মূল আধাৰ হৈ উঠিছিল ভৱেন্দ্ৰ নাথ শইকীয়া। এই অংশীদাৰিত্ব নথকা হ’লে প্ৰান্তিকে পিছলৈ যি উচ্চ জনপ্ৰিয়তা লাভ কৰিছিল, সেয়া সম্ভৱ নহ’লহেঁতেন বুলি প্ৰদীপ বৰুৱাই নিজেই বহু সময়ত স্বীকাৰ কৰি গৈছে।
প্ৰান্তিকৰ আৰম্ভণিৰ বছৰবোৰ চূড়ান্ত কঠিনতা, নতুন চিন্তাধাৰা আৰু সামূহিক নিষ্ঠাৰে ভৰপূৰ আছিল। নিজা ছপাশাল নথকা, ডিটিপি, ফটোকপি বা আধুনিক সংযোজন ব্যৱস্থাৰ সুবিধা নোহোৱা অৱস্থাত, ট্ৰিবিউন কাৰ্যালয়ৰ কাষৰ এটা সৰু কোঠাতেই আলোচনীখনৰ যাত্ৰা আৰম্ভ হৈছিল। পৃষ্ঠাসমূহ হাতেৰে সংযোজন কৰি অতি কষ্টৰে অফছেট ছপাশাললৈ প্ৰেৰণ কৰা হৈছিল। এইক্ষেত্ৰত প্ৰদীপ বৰুৱাই নিজেই পৰিয়ালৰ সদস্যসহ পাঁচ-আঠজনীয়া এটা সৰু দলেৰে সকলো ব্যৱস্থা চম্ভালিছিল। তথাপি, আৰম্ভণিৰে পৰা প্ৰান্তিকে অসমীয়া প্ৰকাশন জগতত দুৰ্লভ কিছুমান নীতি প্ৰৱৰ্তন কৰিছিল।
যি সময়ত বহু আলোচনীয়ে কোনো লেখকক একো মাননী দিয়া আছিল, সেই সময়ত সৰু লেখা হ’লেও লেখকসকলক ন্যায়সংগত আৰু সন্মানজনক মাননী প্ৰদান কৰাটো তেওঁ নিশ্চিত কৰিছিল। আকৌ, বহু অসমীয়া আলোচনী অনাদায়ী এজেণ্টৰ ফান্দত পৰি বন্ধ হৈ যোৱাৰ বিপৰীতে, প্ৰান্তিকে স্বচ্ছ আৰু শৃঙ্খলাবদ্ধ বিতৰণ ব্যৱস্থা গঢ়ি তুলিছিল। পাঠকৰ প্ৰতিক্ৰিয়াৰো আছিল তৎক্ষণাৎ আৰু অভূতপূৰ্ব। ১৯৮১ চনত ডিফু সাহিত্য সভাৰ অধিৱেশনত প্ৰকাশৰ মাত্ৰ পাঁচ মাহৰ ভিতৰতেই প্ৰান্তিকে প্ৰায় ১০,০০০ কপি ছপা কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। এই অভূতপূৰ্ব সফলতাই আলোচনীখনক আত্মবিশ্বাস আৰু বিশ্বাসযোগ্যতা দুয়োটাই প্ৰদান কৰিছিল। যাৰ মূলতে আছিল প্ৰদীপ বৰুৱাৰ সুস্থ আৰু সুন্দৰ পৰিকল্পনা।
প্ৰদীপ বৰুৱাৰ জীৱনজোৰা কৰ্মক সঁচাকৈ পৃথক কৰি তুলিছিল তেওঁৰ সম্পাদনা-দৰ্শনে। তেওঁ বিশ্বাস কৰিছিল যে এখন আলোচনী কেৱল কবিতা, চুটিগল্প আৰু সাহিত্য সমালোচনাত সীমাবদ্ধ হৈ থাকিব নালাগে। ঊনবিংশ শতিকাৰ অসমীয়া আলোচনী অৰুণোদইৰ পৰা প্ৰেৰণা লৈ তেওঁ প্ৰান্তিকক এনে এখন মঞ্চ হিচাপে কল্পনা কৰিছিল, য’ত সাহিত্যৰ সৈতে বিজ্ঞান, স্বাস্থ্য, কৃষি, ভ্ৰমণ, সমাজ-বিশ্লেষণ আৰু বিশ্ব পৰিস্থিতিৰ বিষয়সমূহো পৰিষ্কাৰ আৰু সহজ অসমীয়াত সহাৱস্থান কৰিব পাৰে। “বিশিষ্ট লেখক”ৰ আধিপত্যৰ ধাৰণাটো তেওঁ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল আৰু প্ৰতিটো লেখা কেৱল গুণগত মানৰ আধাৰতেই মূল্যায়ন কৰিছিল।
অচিনাকি নতুন লেখকসকলকো তেওঁ স্থান, দিশ-নিৰ্দেশনা আৰু মৰ্যাদা প্ৰদান কৰিছিল, আনহাতে খ্যাতনামা লেখকৰ লেখাও প্ৰকাশৰ উপযোগী নহ’লে নিঃসংকোচে প্ৰত্যাখ্যান কৰিছিল। প্ৰতিটো লেখা বৰুৱাদেৱে নিজেই প্ৰায়েই একাধিকবাৰ পঢ়িছিল। পঢ়ি ভাল পালে কেতিয়াবা লেখকলৈ ফোনো কৰিছিল। তেওঁ সদায় নিজকে এজন সাধাৰণ শিক্ষিত অসমীয়া মানুহৰ স্থানত ৰাখি বিচাৰ কৰিছিল। তেওঁৰ লক্ষ্য আছিল, কোনো বিশেষ শিতান নাথাকিলেও প্ৰতিটো পৰিয়ালে একেলগে প্ৰান্তিক পঢ়িব পৰা উচিত। বৰুৱাৰ এই দৃষ্টিভংগীয়েই অসমত অসমীয়া ছপা কিতাপ, আলোচনীৰ পঢ়াৰ অভ্যাস বিস্তৃত কৰিলে আৰু অসংখ্য লেখককো উৎসাহিত কৰিলে। যিসকল লেখকৰ বহুতেই পিছলৈ গৈ অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ হৈ উঠিছিল।
ভাষাৰ শুদ্ধতা আৰু স্পষ্টতা প্ৰদীপ বৰুৱাৰ জীৱনজোৰা সাধনাৰ এক কেন্দ্ৰীয় চিন্তা আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত ভৱেন্দ্ৰ নাথ শইকীয়াই অসমীয়া পৰিভাষা নিৰ্মাণৰ ক্ষেত্ৰত কৰা কামৰ প্ৰভাৱতেই প্ৰান্তিক ভাষাগত শৃঙ্খলাৰ এক আদৰ্শ ৰূপে গঢ় লৈ উঠিছিল।
আলোচনীখনত অপ্রয়োজনীয় ইংৰাজী শব্দ ব্যৱহাৰ সদায় এৰাই চলা হৈছিল আৰু জটিল বিজ্ঞানমূলক বা প্ৰযুক্তিগত ধাৰণাৰ বাবেও যত্নসহকাৰে গঢ়ি তোলা অসমীয়া প্ৰতিশব্দ ব্যৱহাৰ কৰা হৈছিল। সেয়েহে, ক্ৰমে পাঠকসকলে বানান, প্ৰয়োগ আৰু অৰ্থৰ ক্ষেত্ৰত প্ৰান্তিকক এক প্ৰকাৰ অনানুষ্ঠানিক মান হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। “শুদ্ধ ভাষা শিকিবলৈ প্ৰান্তিক পঢ়িব লাগে” — এই বিশ্বাসটো সমাজত বহুলভাৱে গ্ৰহণযোগ্য হৈ উঠে। ভাষাৰ মান উন্নতকৰণৰ ক্ষেত্ৰত এই অৱদান নীৰৱ, অনানুষ্ঠানিক হ’লেও, প্ৰদীপ বৰুৱাৰ আটাইতকৈ দীৰ্ঘস্থায়ী ঐতিহাসিক অৱদানসমূহৰ ভিতৰত অন্যতম হিচাপে থাকি যাব। তেওঁ কেতিয়াও এই ক্ষেত্ৰত ব্যক্তিগত কৃতিত্ব দাবী নকৰিলে; বৰঞ্চ প্ৰায়ে নিজৰ সীমাবদ্ধতাৰ কথাই উল্লেখ কৰি গ’ল। তথাপি, তেওঁৰ সম্পাদনাগত সজাগতাই আধুনিক আলোচনাত অসমীয়া ভাষাই নিজৰ প্ৰকাশৰ ক্ষমতা অটুট ৰাখিব পৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
প্ৰদীপ বৰুৱাৰ কৰ্মজীৱনৰ আন এক নিৰ্ণায়ক বৈশিষ্ট্য আছিল অত্যাধিক বাণিজ্যিকীকৰণৰ বিৰুদ্ধে তেওঁৰ আপোচহীন অৱস্থান। যি সময়ত মুদ্ৰিত সংবাদ মাধ্যমৰ আৰ্থিক মেৰুদণ্ড হিচাপে বিজ্ঞাপনক ধৰা হৈছিল, সেই সময়তে তেওঁ প্ৰান্তিকক মূলতঃ বিজ্ঞাপনমুক্ত ৰাখিবলৈ সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছিল।
অসমত ৰঙীন মুদ্ৰণৰ সূচনা কৰা আলোচনী হিচাপে আৰু উল্লেখযোগ্য ৰাজহ উপাৰ্জনৰ সুযোগ থকাৰ পিছতো বৰুৱাই অনুভৱ কৰিছিল যে বিজ্ঞাপনে ভাষাৰ শুদ্ধতা আৰু সম্পাদনাগত একাগ্ৰতা ক্ষুণ্ণ কৰে। সেয়েহে তেওঁ পাঠকৰ ওপৰত ভৰসা ৰাখি বিগত ৪৫ বছৰত আলোচনীখনৰ মূল্য ক্ৰমে তিনিটকাৰ পৰা চল্লিশ টকালৈ বৃদ্ধি কৰাৰ পথ বাছি লৈছিল। এই সিদ্ধান্ত যথেষ্ট ৰিস্কি যদিও পৰিৱৰ্তিত সময়ৰেই আহ্বান আছিল বুলি ক’ব পাৰি। বহু অধিক পুঁজিধাৰী আলোচনী বন্ধ হৈ যোৱাৰ সময়তো প্ৰান্তিক টিকি থাকিল। বৰুৱাই কঠোৰ আৰ্থিক শৃঙ্খলা বজাই ৰাখি শ্ৰম আইনৰ বিধি অনুসৰি ন্যায়সংগত বেতন প্ৰদান, কৰ্মচাৰীসকলক বোনাছ আৰু বীমাৰ সুবিধা আৰু কোনো এজেণ্টৰ প্ৰাপ্য বকেয়া নাথাকিবলৈ নিশ্চিত কৰিছিল। তেওঁৰ দৃষ্টিভংগীত প্ৰকাশন লাভসৰ্বস্ব ব্যৱসায় নহয়, বৰঞ্চ এক নৈতিক দায়িত্ব আৰু সংৰক্ষণশীল তত্ত্বাৱধান আছিল।
প্ৰান্তিকৰ বাহিৰেও প্ৰদীপ বৰুৱাৰ অৱদান সাংবাদিকতা, মুদ্ৰণ, নাট্যচৰ্চা, অনুবাদ আৰু স্মৃতিগ্ৰন্থ ৰচনালৈ বিস্তৃত আছিল। ২০১৮ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী স্বগতোক্তিত তেওঁৰ ব্যক্তিগত জীৱন, সংগ্ৰাম, বিশ্বাস আৰু আপোচহীন সম্পাদন নৈতিকতাৰ এক চিন্তাশীল দলিল সংৰক্ষিত হৈ আছে। যিখন গ্ৰন্থ অধ্যয়নৰ জৰিয়তে এজন অসমীয়া বৌদ্ধিক ব্যক্তিয়ে ৰাজনৈতিক অস্থিৰতা, সাংস্কৃতিক পৰিৱর্তন আৰু প্ৰযুক্তিগত ৰূপান্তৰৰ মাজেৰে অতিক্ৰম কৰা মানসিক আৰু আদৰ্শগত যাত্ৰাৰ এক দুৰ্লভ অন্তৰ্দৃষ্টি প্ৰদান কৰে।
তেওঁ কেতিয়াও নিজকে মহান লেখক হিচাপে প্ৰদৰ্শন কৰিব খোজা নাছিল; তথাপি তেওঁৰ গদ্যত সৎ অনুভৱ, নম্ৰতা আৰু জীৱিত অভিজ্ঞতাৰ স্পষ্ট প্ৰতিফলন দেখা যায়। অসমীয়া সমাজত পঢ়াৰ অভ্যাস হ্ৰাস পাই আহিছে বুলি তেওঁ গভীৰভাৱে সচেতন আছিল। টেলিভিছন সংস্কৃতিৰ প্ৰভাৱ, মনোযোগ ক্ষমতাৰ সংকোচন আৰু মাতৃভাষাভিত্তিক শিক্ষাৰ সংকটৰ বিষয়ে তেওঁ প্ৰায়েই উদ্বেগ প্ৰকাশ কৰিছিল। তথাপি তেওঁ কেতিয়াও হতাশাবাদৰ ওচৰত আত্মসমৰ্পণ কৰা নাছিল। জীৱনৰ অন্তিম দিনবোৰৰলৈকে তেওঁ এই বিশ্বাসটো দৃঢ়ভাৱে ধৰি ৰাখিছিল যে যিমান দিনলৈকে হ’লেও সীমিতসংখ্যক নিবেদিত পাঠক থাকিব, তেতিয়ালৈকে ছপা কিতাপ, কাকত- আলোচনীসমূহো জীয়াই থাকিব।
যোৱা ১৪ জানুৱাৰীত প্ৰদীপ বৰুৱাদেৱৰ ইহলোক ত্যাগ, সমগ্ৰ জাতিটোৰ বাবে সঁচাকৈ এক অপুৰণীয় ক্ষতি। তেওঁৰ কায়িক প্ৰস্থানে এগালমান ধন-সম্পত্তি বা কোনো এখন বিশাল সাম্ৰাজ্য নহয়, বৰঞ্চ সততা, সাহস আৰু বৌদ্ধিক গভীৰতাৰ এক পৰম্পৰা ৰাখি গ’ল। তেওঁৰ জীৱন আৰু কৰ্মই দেখুৱালে যে দৃঢ় বিশ্বাস আৰু শৃঙ্খলাৰে সজ্জিত এজন ব্যক্তিয়ে কোনো প্ৰতিষ্ঠানিক ক্ষমতা নথকাৰ পাছতো সাংস্কৃতিক ইতিহাসক গঢ় দিব পাৰে।
আমিও আশা কৰিম, প্ৰান্তিকে যেনেদৰে তেওঁৰ জীৱনজোৰা সাধনাৰ এক জীৱন্ত সাক্ষ্য হৈ কেৱল এখন আলোচনী নহয়, এক অনুষ্ঠান আৰু এক পৰিয়াল হিচাপে প্ৰকাশক, লেখক আৰু পাঠকসকলক এক কৰি উজ্বলি আছিল, তেওঁৰ এই কায়িক প্ৰস্থানৰ পিছতো আলোচনীখনৰ এই স্বকীয় চিন্তা আৰু বৈশিষ্ট্যসমূহ অক্ষুণ্ণ থাকিব। কিয়নো, প্ৰান্তিকৰ দীৰ্ঘ স্থায়িত্বইহে প্ৰদীপ বৰুৱাদেৱক আমাৰ মাজত সদায় জীয়াই ৰাখিব।
বৰুৱাদেৱক স্মৰণ কৰাৰ সৈতে সমগ্ৰ জাতিটোৱে এনে এজন দুৰ্লভ ব্যক্তিত্বক সদায় স্মৰণ কৰিব, যিয়ে শব্দৰ বাবে জীৱন জীয়ালে, লেখকক সন্মান দিলে, পাঠকক মৰ্যাদা দিলে আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অসমীয়া ভাষাৰ মান-মৰ্যাদাকো অটুট ৰাখিলে।
লগতে পঢ়কঃ বিশিষ্ট সাংবাদিক, প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান
