Hojai Girls Shine in Assam U-14 Cricket, Bringing Pride to Central Assamক্ৰিকেটত সফলতা বুটলি মধ্য অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি কিশোৰীয়ে

জ্যোতিকা বৰা : ভোগালী বিহুৰ উৎসাহৰ মাজতে মধ্য অসমবাসীলৈ ভাল খবৰ কঢ়িয়াই আনিলে তিনিগৰাকীকৈ কিশোৰীয়ে। মধ্য অসমৰ তিনি কিশোৰী উজলি উঠিল ক্ৰীড়া জগতত (Hojai girls cricket success)।

ক্ৰিকেট জগতত সফলতা বুটলি মধ্য অসমবাসীকে গৌৰাস্বিত কৰিলে হোজাই জিলাৰ তিনিগৰাকীকৈ কিশোৰীয়ে।

হোজাই জিলাখনৰ লগতে সমগ্ৰ মধ্য অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কিশোৰী তিনিগৰাকীক লৈ উৎফুল্লিত হোজাইবাসী। ক্ৰিকেট খেলত অসমক প্ৰতিনিধিত্ব কৰি জিলাখনক গৌৰাম্বিত কৰে হোজাইৰ লংকাৰ এই তিনি কিশোৰীয়ে।

হোজাই জিলাৰ লগতে সমগ্ৰ মধ্য অসমকে গৌৰাম্বিত কৰা কিশোৰী তিনিগৰাকী হৈছে হোজাই জিলাৰ লংকা শ্ৰীমন্ত শংকৰদেৱ নগৰৰ দিপাঞ্জলী চাহু,কৌষল্যা চাহু আৰু ৰিত্তিকা মালাকাৰ।

হোজাই জিলাৰ লংকা শ্ৰীমন্ত শংকৰদেৱ নগৰৰ দিপাঞ্জলী চাহু,কৌষল্যা চাহু আৰু ৰিত্তিকা মালাকাৰ নামৰ এই কিশোৰা তিনিগৰাকীয়ে ১৪ বছৰ অনুৰ্দ্ধৰ অসম ক্ৰিকেট দলৰ হৈ খেলি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

কৌষল্যা চাহুৰ নেতৃত্বত জিলাখনৰ আন দুগৰাকী কিশোৰী দিপাঞ্জলী চাহু আৰু ৰিত্তিকা মালাকাৰৰ লগতে অসমৰ পৰা যোৱা ক্ৰিকেট দলটোৱে ভাৰতৰ বিভিন্ন প্ৰান্ত খেলি ক্ৰিকেট জগতত অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।

হোজাইৰ দৰে নৱগঠিত জিলাখনত অতি সীমিত সুবিধাৰ মাজতেই কংকণ কুমাৰ দাস নামৰ এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাত এই তিনিগৰাকী কিশোৰীয়ে নিজৰ চেষ্টাৰ বলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ক্ৰিকেট জগতত কিশোৰী তিনিগৰাকীয়ে সফলতা লাভ কৰাৰ পাছত নাগপুৰ, কেৰেলা, কলিকতা আদি ৰাজ্যত খেলাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি কিশোৰী তিনিগৰাকীক সহযোগিতা আগবঢ়াই অহা সকলোকে ধন্যবাদ জ্ঞাপন কৰে তিনিওগৰাকী কিশোৰীয়ে।

উল্লেখযোগ্য যে, ১৪ বছৰ তলৰ অসম ক্ৰিকেট দলৰ কেপ্তেইন হিচাপেও নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় হোজাই জিলাৰ কৌষল্যা চাহুৱে।

লগতে পঢ়কঃ বিশ্ববিজয়ী চিমু দাসৰ পৰিয়ালৰ বিষয়ে জানিলে আপোনাৰো নিগৰিব অশ্ৰু


Advertisement