Chicken Meat Used for Rafale Aircraft Bird Strike Prevention Ahead of Republic Dayযুদ্ধ বিমান সুৰক্ষাত মুৰ্গী মাংস

নিউজ ডেস্কঃ দেশৰ অত্যাধুনিক যুদ্ধ বিমান ৰাফেল, সুখোই আদিৰ সুৰক্ষাত ব্যৱহাৰ হ’ব মুৰ্গী মাংস (Rafale aircraft bird strike prevention) । আপুনি হয়তো কথাটো শুনি আচৰিত হৈছে। কিন্তু বাস্তৱত ই সত্য। ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত সমৰকলা প্ৰদৰ্শন কৰিবলগীয়া ভাৰতবৰ্ষৰ অত্যাধুনিক ৰাফেল, সুখই আদিৰ সুৰক্ষাত দিল্লীত ব্যৱহাৰ হৈছে হাড়বিহীন মুৰ্গী মাংস (Republic Day security India)।

কিমান কিলোগ্ৰাম মুৰ্গী মাংস ব্যৱহাৰ হৈছে

অহা ২৬ জানুৱাৰীত ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান সমূহে প্ৰদৰ্শন কৰিব তেওঁলোকৰ অত্যাধুনিক সমৰ কৌশল। সমৰ কৌশলৰ প্ৰদৰ্শনীৰে বায়ু সেনাই আকাশত দৃষ্টি নন্দন পৰিবেশৰ সৃষ্টি কৰিব। সমগ্র বিশ্বই উপভোগ কৰিব ভাৰতীয় বায়ু সেনাৰ বিভিন্ন কলা কৌশল (Indian Air Force safety)। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি ইয়াক উপভোগ কৰিব। সেয়ে আকাশত নিৰাপত্তাৰ বাবেই তথা যুদ্ধ বিমানক সুৰক্ষা প্ৰদানৰ বাবেই দায়িত্বত থকা ব্যক্তি সকলে ১২৭৫ কিলোগ্ৰাম হাড়বিহীন মুৰ্গী মাংসৰ ব্যৱস্থা কৰিছে। এই মাংস ২০-৩০ গ্ৰাম টুকুৰা কৰি ৫ কিলোগ্ৰামৰ পেকেট কৰি যোগান ধৰা হৈছে। গণতন্ত্ৰ দিবসৰ প্ৰায় ১০ দিন পূৰ্বৰ পৰা প্ৰতিদিনে প্ৰায় ৩১ টাকৈ মাংসৰ পেকেট যোগান ধৰা হৈছে (bird strike prevention technique)।

কি কাৰ্যত ব্যৱহৃত হৈছে এই মাংসঃ

প্ৰকৃততে সমৰকলা প্ৰদৰ্শন কৰিবলগীয়া ভাৰতীয় বায়ুসেনাৰ বিমানসমূহৰ উৰণ-পথত যাতে কোনো উৰি থকা চিকাৰী চৰাইয়ে বাধা দিব নোৱাৰে, তাৰ বাবেই চৰকাৰে এই অদ্ভুত পন্থা গ্ৰহণ কৰিছে। আকাশত চিলনী বা অন্য চিকাৰী চৰাই বহু উচ্চতাত উৰে। এই চৰাইয়ে বিমান উৰণত বিপজ্জনকভাবে বাধা সৃষ্টি কৰে। বিমানৰ সৈতে খুণ্ডা লাগিলে বায়ুসেনাৰ মূল্যৱান যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে। ইয়াৰ ফলত বিমান চালকৰ মৃত্যু পৰ্যন্ত হোৱাৰ সম্ভাৱনাও থাকে। এই বিপজ্জনক চৰাইবোৰক স্থানান্তৰিত কৰিবৰ বাবেই ১২৭৫ কিলোগ্ৰামৰো অধিক হাড়বিহীন মুৰ্গীৰ মাংস ব্যৱহাৰ কৰা হৈছে। দিল্লীৰ ২০ টা স্থানত গণতন্ত্ৰ দিবসৰ প্ৰায় ১০ দিন পূৰ্বৰে পৰা এই হাড়বিহীন মুৰ্গী মাংস নিক্ষেপ কৰা হৈছে। যোৱা ১৫ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ এই মাংস নিক্ষেপ কৰা হৈছে। অহা ২০ জানুৱাৰীত অধিক পৰিমাণে মাংস নিক্ষেপ কৰা হব(Rafale Sukhoi security)। এই মাংস নিক্ষেপত ব্যয় হব সৰ্বমুঠ চাৰিলাখ টকাৰো অধিক।

পূৰ্বতেও ব্যৱহাৰ হৈছিল মাংস

বহু উচ্চতাত আৰু দূৰন্ত গতিত উৰা চৰাইৰ পৰা ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত যুদ্ধ বিমানক সুৰক্ষা দিবৰ বাবে পূৰ্বতেও মাংস ব্যৱহাৰ হৈছিল। পূৰ্বতে ম’হৰ মাংস ব্যৱহাৰ হৈছিল। এইবাৰ ম’হৰ মাংসৰ স্থানত মুৰ্গীৰ মাংস ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়কঃ বিমান যাত্ৰাত এতিয়াৰে পৰা নিষিদ্ধ পাৱাৰ বেংকৰ ব্যৱহাৰ; DGCA-ৰ নতুন কঠোৰ নিৰ্দেশনা

Digital news website development
Digital news website development


Advertisement