Zubin Garg Murder Case Hearing: Fourth Hearing Held in Kamrup Courtজুবিন হত্যাৰ গোচৰৰ চতুৰ্থ শুনানী

গুৱাহাটীঃ জনতাৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানী শনিবাৰে সম্পন্ন হয়। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এই চতুৰ্থ শুনানী সম্পন্ন হয় (Zubin Garg Murder Case Hearing)। এই শুনানীত ভাৰ্চুৱেল পদ্ধতিৰে ৭ অভিযুক্তক হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকাণু মহন্ত আৰু সিদ্ধাৰ্থ গোস্বামীয়ে কলিকতাৰ অধিবক্তা নিয়োগ কৰিছে (Zubin Garg case update) ।

শেখৰ জ্যোতি গোস্বামীহৈ অধিবক্তা এ এছ কলিতাক নিয়োগ কৰা হৈছে। সিদ্ধাৰ্থ গোস্বামীৰ হৈ কলিকতাৰ অধিবক্তা অনিল মিশ্ৰই যুক্তি দৰ্শাই। একেদৰে অমৃতপ্ৰভাই নিয়োগ কৰিছে অধিবক্তা আনন কুমাৰ ভূঞাক (Kamrup court hearing)।

বিশেষ লোক অধিবক্তাৰ দল

ইপিনে অসম চৰকাৰে গোচৰ প্ৰক্ৰিয়াক আগবঢ়াই নিবৰ বাবে গঠন কৰা ৫জনীয়া লোক অধিবক্তাৰ দলে আজি শুনানী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে (Special Public Prosecutor Assam)। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে বিশেষ লোক অধিবক্তা হিচাপে, অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰীয়ে অতিৰিক্ত বিশেষ লোক অধিবক্তা হিচাপে, অধিবক্তা কিশোৰ দত্তই সহকাৰী লোক অধিবক্তা হিচাপে, অধিবক্তা প্ৰাঞ্জল দত্তই সহকাৰী লোক অধিবক্তা হিচাপে আৰু অধিবক্তা বিকাশ জামাৰে সহকাৰী লোক অধিবক্তা হিচাপে আজি নিযুক্তি লাভ কৰাৰ বিষয়ে আনুষ্ঠানিক ভাবে আদালতক জনায় ।

অপশক্তি ধ্বংস হব লাগিবঃ গৰিমা গাৰ্গ

শুনানি প্ৰক্ৰিয়াৰ পিচত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। তেওঁ কয়, “ভগৱানে যদি ন্যায় দিয়ে সেইটোৱেই ন্যায় হব। অপশক্তি ধ্বংস হব লাগিব।” ইপিনে চিংগাপুৰ চলি থকা গোচৰত তেওঁ সহযোগ কৰা-নকৰা বিষয়লৈ চৰ্চিত হোৱা সম্পৰ্কত গৰিমা গাৰ্গে কয়, “প্ৰথমৰ পৰাই চিংগাপুৰ আৰক্ষীৰ লগত আমাৰ যোগাযোগহৈ আছে। আমাৰ লগত ভিডিঅ কনফাৰেন্সিং হৈছে। ই মেইলত যোগাযোগ কৰিছো। কিন্তু আমি কিছুমান বিষয় চৰকাৰৰ জৰিয়তে হোৱাটো বিচাৰিছো। কাৰণ দুখন দেশৰ মাজত তদন্ত প্ৰক্ৰিয়া চলি থাকিলে কিছুমান নীতি নিয়ম মানি চলিব লাগে।” তেওঁ লগতে কয়, “চিংগাপুৰৰ তদন্ত বা সেই স্থানৰ গোচৰৰ শুনানী হয়তো অসমৰ আদালতত গ্ৰাহ্য নহব। তাত সেই দিনটোত কি হৈছিল সেইটোহে চোৱা হৈছে। কাৰণ তেওঁলোকক পূৰ্বতে আমি সাক্ষ্য দিছিলো। ইয়াতো সাক্ষ্য দিয়া হৈছিল। ইয়াৰ গোচৰ প্ৰক্ৰিয়াৰ বিষয়ে তেওলোকক অবগত কৰিছিলো। তেতিয়া চিংগাপুৰৰ তদন্তকাৰী বিষয়াই আমাক কৈছিল যে তেওঁলোকৰ গোচৰ পৃথক। তদুপৰি চিংগাপুৰত ঘটনাটোৰ তদন্তহে কৰা হৈছে। তাত শাস্তিমূলক ব্যৱস্থা নাই। আমাৰ ইয়াত কি হৈছিল, ঘটনাটোৰ অন্তৰালত কাৰ হাত আছিল সকলোবোৰ কথা থাকিব (Garima Garg statement)।”

ঘটনাৰ উদ্দেশ্যে কি সেই বিষয়েও জানিব লাগিব বুলি মন্তব্য কৰি গৰিমা গাৰ্গে কয়, ” মুখ্যমন্ত্ৰীয়েও দীৰ্ঘদিন ধৰি ষড়যন্ত্ৰহৈ থকাৰ বিষয়ে অবগত কৰিছিল। তেওঁ নিশ্চয় তথ্যৰ ভিত্তিতে এই কথা কৈছিল। বিচাৰৰ আওতালৈ এই সকলোবোৰ আহিব লাগিব।”

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা চিংগাপুৰৰ ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী সন্দিপন গাৰ্গৰ প্ৰতি আহ্বান জনাই গৰিমা গাৰ্গে কয়, “সন্দিপন গাৰ্গে সঁচা কথা কওক । এজন ভাতৃ হিচাপে আৰু আৰক্ষী বিষয়া হিচাপে তেওঁ ঘটনাস্থলীত উপস্থিত থকাৰ পিচত সঁচা কথা কোৱা উচিত। নিজৰ ককায়েকৰ বাবে আৰু নিজৰ পৰিয়ালৰ বাবে এইখিনি কৰাটো তেওঁৰ কৰ্তব্য।”

বিচাৰকলৈ আত্মবিশ্বাস জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰঃ

গোচৰৰ ফলাফল সম্পৰ্কত আত্মবিশ্বাসী বুলি মন্তব্য কৰি জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰে কয়, “লোক অধিবক্তাৰ দলটোৱে যেনেদৰে যুক্তি সমূহ আদালতত উপস্থাপন কৰিছে আমাৰ আত্মবিশ্বাস বাঢ়িছে। আমি আশা কৰিছো আগলৈ আৰু ভালদৰে যুঁজিব পাৰিম।”

অভিযুক্ত সকলক শক্তিশালী মানুহ বুলি মন্তব্য কৰি তেওঁলোকৰ বিৰুদ্ধে যুঁজিব পাৰিব নে নোৱাৰে সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত ডঃ বৰঠাকুৰে কয়, “আমি যিহেতু যুক্তিত আছো, সত্যত আছো জয় আমাৰ হব। ডাঙৰ সৰু কথা নাই। অসমৰ ৰাইজ আমাৰ লগত আছে।”

বিশেষ লোক অধিবক্তাৰ মন্তব্যঃ

বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে কয় ,”
আজি আমি আদালতত উপস্থিতহৈ লোক অধিবক্তা হিচাবে আমাক নিযুক্তি দিয়াৰ বিষয়ে অবগত কৰো। অভিযুক্তৰ বৰ্তমান আবেদন স্থগিত আছে। ২২ তাৰিখে অভিযুক্তৰ জামিনৰ পাঁচখন আবেদনৰ শুনানী হব।”

লগতে পঢ়কঃ Zubeen Garg death case: এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ .. যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁঃ গৰিমা


Advertisement