Vande Bharat Sleeper Express Guwahati–Howrah Flagged Off by PM Narendra Modiগুৱাহাটী–হাওৰা বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুৱাহাটীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ শনিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Vande Bharat Sleeper Express Guwahati Howrah)। কলিকতাৰ মালদা ৰেলৱে ষ্টেচনৰ পৰা ৰেলখন ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

BEML-এ ICF প্ৰযুক্তিৰ সহায়ত নিৰ্মিত এই আধুনিক উচ্চগতিসম্পন্ন ৰে’লখনে হাওৰা (কলকাতা) আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত যাতায়ত কৰিব।

১৭ জানুৱাৰীত উদ্বোধনী যাত্ৰাৰ সময়ত, কামাখ্যা–হাওৰা বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ ৰে’লখন ০২০৭৬ নম্বৰ ৰে’ল হিচাপে যাত্ৰা কৰে।

একেদৰে, হাওৰা–কামাখ্যা বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ ৰে’লখন ০২০৭৫ নম্বৰ হিচাপে শনিবাৰে উদ্বোধনী যাত্ৰাত মালদা টাউন আৰু কামাখ্যাৰ মাজত যাতায়ত কৰিছে।

এই ৰে’লখন ৰ’ব মুঠ ১৩টা ষ্টেচনত

শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছখন মুঠ ১৩ টা ষ্টেচনত যাত্ৰী উঠা নমাৰ বাবে ৰখিব। এই ষ্টেচনসমূহ হৈছে ৰঙিয়া, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, জলপাইগুৰি ৰোড, নিউ জলপাইগুৰি, আলুৱাবাৰী ৰোড, মালদা টাউন, নিউ ফাৰাক্কা, আজিমগঞ্জ, কাটুৱা, নবদ্বীপ ধাম আৰু বান্দেল।

শনিবাৰে, ১৭ জানুৱাৰী তাৰিখে, ০২০৭৬ নম্বৰ কামাখ্যা–হাওৰা বন্দে ভাৰত শ্লিপাৰ (উদ্বোধনী বিশেষ) ৰে’লখন কামাখ্যাৰ পৰা দুপৰীয়া ১৩:১৫ বজাত ৰাওনা হৈ দেওবাৰে পুৱা ০৩:৫৫ বজাত হাওৰাত উপস্থিত হ’ব। ইয়াৰ উপৰিও, ০২০৭৫ নম্বৰ মালদা টাউন–কামাখ্যা বন্দে ভাৰত শ্লিপাৰ (উদ্বোধনী বিশেষ) ৰে’লখন মালদা টাউনৰ পৰা দুপৰীয়া ১৩:১৫ বজাত ৰাওনা হৈ একেদিনে ৰাতি ২৩:১৫ বজাত কামাখ্যাত উপস্থিত হ’ব।

ৰে’লখন মুঠ ৮২৩ জন যাত্রীয়ে যাতায়ত কৰিব পাৰিব ।ৰেলখনত ১৬ টা ডবা থাকিব। ইয়াৰ ভিতৰত ১১ টা এচি ৩ টায়াৰ দবা, ৪ টা এচি ২ টায়াৰ দবা আৰু ১ টা প্ৰথম টায়াৰ এচি দবা অন্তর্ভুক্ত ।

উল্লেখযোগ্য যে, গুৱাহাটী কামাখ্যা জংছনত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে এই ৰেলখনে ঐতিহাসিক ভাবে বান্ধখাই থকা কলিকতা তথা পশ্চিম বংগ আৰু গুৱাহাটী তথা অসমৰ মাজৰ সম্পৰ্ক উন্নত কৰিব বুলি কয়। মুখ্যমন্ত্ৰীয়ে এই ৰেল সেৱাই যাত্ৰাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদানৰ লগতে যাত্রীসকলক বিশ্বমানৰ যাত্রাৰ অভিজ্ঞতা প্ৰদান কৰিব বুলিও কয়। একেদৰে ৰাজ্যপাল লক্ষ্মণ আচাৰ্যইও এই ৰেল সেৱাই ৰাজ্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।

লগতে পঢ়কঃ ২০২৭ত চলিব দেশৰ প্ৰথমখন বুলেট ট্ৰেইন: মুম্বাই–আহমেদাবাদ প্ৰকল্পত দ্ৰুত অগ্ৰগতি


Advertisement