নগাঁওঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ ভূমি পূজন কৰে। তদুপলক্ষে কলিয়াবৰ মৌচন্দা পথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত তেওঁ ভাষন প্ৰদান কৰে (Kaziranga Elevated Corridor)।
অসমীয়াতে ভাষন আৰম্ভ নৰেন্দ্ৰ মোদীৰ
প্ৰকৃতিপ্ৰেমী ৰাইজলৈ প্ৰণাম’ বুলি অসমীয়াতে ভাষন আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ ভাষন প্ৰসংগত কয়, “কাজিৰঙা এশিঙীয়া গঁড়ৰ ঘৰ । বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিয়ে বিপদ মাতি আনে। তেতিয়া বিভিন্ন বণ্যপ্ৰাণীয়ে ওখ ঠাই বিচাৰি যায়। এই পথতে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হব লাগে। এনেকুৱা সময়ত গঁড় হাতী পথৰ কাষত বিপদত পৰে। নতুন পৰিকল্পনাৰ জৰিয়তে আমি প্ৰয়াস কৰিছো যে যাতায়ত ব্যৱস্থাও চলি থাকে। বনাঞ্চলো সুৰক্ষিত হৈ থাকে। সেইবাবেই কলিয়াবৰৰ পৰা নুমলিগড়ৰ পৰ্যন্ত ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ নিৰ্মাণ কৰা হৈছে। ইয়াত ৭ হাজাৰ কোটি টকা খৰচ হব। ইয়াৰ ভিতৰত ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰো নিৰ্মাণ হব। ওপৰেদি গাড়ী যাব আৰু তলেদি বণ্য জীৱ জন্তু যাব পাৰিব। এই কৰিডৰে উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ সংযোগো উন্নত কৰিব।” কংগ্ৰেছে অসম বা কাজিৰঙাৰো কোনো উন্নয়ন কৰা নাই বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,” কাজিৰঙাৰ সৌন্দৰ্য সম্পৰ্কত ভাৰতৰত্ন ভূপেন হাজৰিকাই কৈছিল ‘আমাৰ কাজিৰঙা ধন্য/ প্ৰকৃতিৰ ধুনীয়া কোলাত খেলি আমাৰ মন হ’ল পূৰ্ণ’ এই শব্দৰ আঁৰত কাজিৰঙা প্ৰতি থকা অনুভৱ আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম লুকাই আছে। কাজিৰঙা কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয়। কাজিৰঙা অসমৰ আত্মা। ই ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ অমূল্য ৰত্ন। ইউনেস্ক’ ই ইয়াক বিশ্ব ঐতিহ্যৰ সন্মান দিছে। কাজিৰঙা আৰু বণ্য জীৱজন্তুৰ সুৰক্ষা কেৱল প্ৰকৃতিৰ সুৰক্ষাই নহয়।ই অসমৰ ভৱিষ্যতথা আৰু আহি থকা প্ৰজন্মৰ প্ৰতি আমাৰ দায়িত্ব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে।ইয়াৰ ব্যাপক প্ৰভাৱ হব ।”
২০২৫ চনত এটাও গঁড় হত্যা হোৱা নাই
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলিয়াবৰৰ মৌচন্দা পথাৰত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ২০২৫ চনত এটাও গঁড় হত্যা হোৱা নাই বুলি কয়। তেওঁ কয়, “এটা সময় আছিল কাজিৰঙাত গঁড় হত্যা ডাঙৰ সমস্যা আছিল। ২০১৩ আৰু ২০১৪ চনত এক ডজনৰ অধিক এশিঙীয়া গঁড়ৰ হত্যা হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সংকল্প ললে যে আমি এইয়া হবলৈ নিদিও। আমি সুৰক্ষা ব্যৱস্থা নতুনকৈ শক্তিশালী কৰিলো। বনবিভাগক আধুনিক সজুলিৰে সু সজ্জিত কৰিলো। কঠোৰ তথা সতৰ্ক নিৰীক্ষণৰ ব্যৱস্থা কৰা হ’ল। বন সুৰক্ষা কৰ্মী হিচাবে মহিলাৰ অংশগ্ৰহণ হল। ইয়াৰ সুফল লাভ কৰিলো। ২০২৫ চনত গঁড় হত্যাৰ এটাও ঘটনা সংঘটিত নহল। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক ইচ্ছা শক্তি আৰু অসমৰ জনসাধাৰণৰ প্ৰয়াসৰ দ্বাৰা সম্ভৱ হৈছে।”
কংগ্ৰেছৰ পৰা অসমৰ জনতাক সাৱধানে থাকিবলৈ আহ্বান
কংগ্ৰেছৰ পৰা অসমৰ জনতাক সাৱধানে থাকিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “কংগ্ৰেছৰ এটাই নীতি, অনুপ্ৰৱেশ কাৰীক সুৰক্ষা দিয়া আৰু অনুপ্ৰৱেশকাৰীৰ সহায়ত শাসনলৈ অহা। সমগ্ৰ দেশতে কংগ্ৰেছ আৰু সহযোগী দলসমূহে এই কাৰ্যকে কৰি আছে। বিহাৰতো অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিবলৈ সমদল উলিয়াইছিল।” কংগ্ৰেছে অসমত কেৱল চৰকাৰ গঠন কৰিবলৈ আৰু ভোট লাভৰ বাবে অসমৰ ভূমি অনুপ্ৰৱেশকাৰীক সমৰ্পন কৰিছিল বুলি তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ” কংগ্ৰেছে দশক ধৰি অসমত চৰকাৰ চলাইছিল। সেই সময়ত অসমত অনুপ্ৰৱেশকাৰীৰ সংখ্যা বাঢ়ি গ’ল। এই অনুপ্ৰৱেশকাৰীৰ অসমৰ সংস্কৃতি, পৰম্পৰাৰ সৈতে কোনো সম্পৰ্ক, আত্মীয়তা নাই। অনুপ্ৰৱেশ কাৰীয়ে ‘এনিমেল কৰিডৰ’ বেদখল কৰিছিল। অবৈধ চিকাৰ বৃদ্ধি পাইছিল। অপৰাধ বৃদ্ধি পাইছিল। জনসংখ্যা বৃদ্ধিৰে সমস্যা সৃষ্টি কৰিছিল। আমাৰ সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিছিল। উপাৰ্জন কাঢ়ি নিছে। আদিবাসী ক্ষেত্ৰত প্ৰৱঞ্চনাৰে ভূমি বেদখল কৰিছে। এইয়া অসম আৰু দেশৰ সুৰক্ষাৰ বাবে সংকট।”
নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যুত্তৰ দিবলৈ আহ্বান
২০২৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে ।তেওঁ কয়, “বিহাৰৰ জনতাই নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছিল। মোৰ বিশ্বাস অসমৰ জনতাইও কংগ্ৰেছক উচিত প্ৰত্যুত্তৰ দিব।” তেওঁ লগতে কয়, “বৰ্তমান অসমৰ সন্মুখত এক গুৰুত্বপূৰ্ণ সংকট আহিছে। এইটো হৈছে অসমৰ পৰিচয়, অস্তিত্ব সুৰক্ষা দিয়া, অসমৰ সংস্কৃতি সুৰক্ষা দিয়া। পূৰ্ব পুৰুষৰ উত্তৰাধিকাৰী সুৰক্ষা দিব লাগিব। বৰ্তমান অসমত বিজেপি চৰকাৰে যেনেদৰে অনুপ্ৰৱেশকাৰীৰ প্ৰত্যুত্তৰ দিছে। যেনেদৰে অসমৰ বনাঞ্চল, সাংস্কৃতিক ক্ষেত্ৰ সমূহ তথা জনতাৰ ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিছে। জনতাই প্ৰশংসা কৰিছে।”
দেশৰ জনতাই ভাল চৰকাৰ আৰু বিকাশ বিচাৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “বিকাশ আৰু উত্তৰাধিকাৰী দুয়োটাৰ ওপৰত মনোযোগ দিব লাগিব। সেয়ে জনতাই বিজেপি পচণ্ড কৰে। মুম্বাইৰ পৌৰ নিগমৰ নিৰ্বাচনে প্ৰমাণ কৰিছে যে কংগ্ৰেছৰ নেতিবাচক ৰাজনীতিক দেশৰ জনতাই প্ৰত্যাখ্যান কৰিছে। যি মুম্বাই চহৰত কংগ্ৰেছৰ জন্ম হৈছিল তাত কংগ্ৰেছ এতিয়া চতুৰ্থ বা পঞ্চম দলত পৰিণত হৈছে। যি মহাৰাষ্ট্ৰত কংগ্ৰেছে বহু বছৰ ধৰি শাসন কৰি আছিল তাত কংগ্ৰেছ সীমিত হৈ পৰিছে। কংগ্ৰেছে দেশৰ বিশ্বাস হেৰুৱাইছে। কাৰণ কংগ্ৰেছৰ ওচৰত বিকাশৰ কোনো কাৰ্যসূচী নাই।”
অসমৰ ইতিহাসত কলিয়াবৰৰ আছে বিশেষ স্থান
অসমৰ ইতিহাসত কলিয়াবৰৰ বিশেষ স্থান আছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দীৰ্ঘদিন ধৰি এনে ধাৰণা আছিল যে প্ৰকৃতি আৰু প্ৰগতি বিপৰীতমুখী। দুয়োটা একেলগে সম্ভৱ নহয়। কিন্তু বৰ্তমান ভাৰতবৰ্ষই দেশক দেখুৱাইছে যে দুয়োটা একেলগে আগবাঢ়ি গৈছে। বিগত এটা দশকত ভাৰতবৰ্ষত বনাঞ্চল বৃদ্ধি পাইছে। জনসাধাৰণে ‘মাতৃৰ নামত এজোপা গছ’ অভিযানত অংশ লৈছে। এই অভিযানৰ জৰিয়তে ২০৭ কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে।
২০১৪ চনৰ পিচত ভাৰতবৰ্ষত ব্ৰাঘ্য আৰু হস্তী সংৰক্ষিত বনাঞ্চল বৃদ্ধি পাইছে। সংৰক্ষিত এলেকা আৰু সমূহীয়া এলেকাও বৃদ্ধি পাইছে।” দুবছৰৰ পূৰ্বে কাজিৰঙাত কটোৱা সময়ৰ কথাও প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে। আজি সভাখনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, চৰণ বড়ো, কেশৱ মহন্ত আদি উপস্থিত থাকে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীক গামোচা, কাজিৰঙা এলিভেটেড কৰিড’ৰৰ প্ৰতীক চিত্ৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানৰ মুখ্য দ্বাৰৰ চিত্ৰৰে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যচৰকাৰ প্ৰতিনিধি সকলে আদৰণি জনায়
প্ৰধানমন্ত্ৰী মোদীৰ দুখন নতুন অমৃত ভাৰত ৰেল ভাৰ্চুৱেল পদ্ধতিৰে মুকলি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নগাঁও জিলাৰ কলিয়াবৰ মৌচন্দা পথাৰৰ ৰাজহুৱা সভাৰ পৰাই কামাখ্যা–ৰোহটক আৰু ডিব্ৰুগড়–গোমতী নগৰ (লক্ষ্ণৌ)লৈ নতুন অমৃত ভাৰত ৰেলসেৱাৰ ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰে ।
কংগ্ৰেছৰ দিনত অসমত ৰেল বাজেট কম আছিল
প্ৰধানমন্ত্ৰী মোদীয়ে ভাষন প্ৰসংগত কংগ্ৰেছৰ দিনত অসমত ৰেল বাজেট কম দিয়া বুলি মন্তব্য কৰি কয়, “কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোতে অসমে বহুত কম পৰিমাণৰ ৰেল বাজেটৰ ধন লাভ কৰিছিল। কংগ্ৰেছৰ শাসনকালত অসমক দিয়া ৰে’লৱেৰ বাজেট আছিল মাত্ৰ ২,০০০ কোটি টকা আৰু বিজেপি চৰকাৰে ১০,০০০ কোটি টকালৈ ইয়াক বৃদ্ধি কৰে। ইয়াৰ জৰিয়তে ৰেল বিভাগৰ আন্তঃগাঠনি উন্নয়ন হৈছে।নতুন ৰেললাইন নিৰ্মাণ হৈছে। দ্বৈত ৰেল লাইন নিৰ্মাণ হৈছে। বৈদ্যুতিকৰণ হৈছে।”
তেওঁ লগতে কয়, ” এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ দূৰত্বৰ বাবে দুখ আছিল। দেশৰ অন্যপ্ৰান্তৰ লগত হৃদয়ৰ দূৰত্ব আছিল। উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ভাবিছিল অন্য ঠাইৰ বিকাশ হৈছে। কিন্তু বিজেপিৰ ডবল ইঞ্জিন চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশত গুৰুত্ব দিলে।” উত্তৰ পূৰ্বাঞ্চলৰ বাবে যোগাযোগ অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছে গুৰুত্ব নিদিলে বুলি কয়।
কলিয়াবৰৰ পৰা নতুন ৰেলৰ শুভাৰম্ভ হোৱাৰ কথা উল্লেখ কৰি মোদীয়ে কয়, ” এইয়াও ৰেলৰ নতুন সংযোগৰ বিকাশ। বন্দে ভাৰত শ্লিপাৰ ৰেলে গুৱাহাটীক কলিকতাৰ লগত সংযুক্ত কৰিব। এই আধুনিক শ্লিপাৰ ৰেলে দৈৰ্ঘ্য দূৰত্বৰ যাত্ৰাক আৰামদায়ক কৰিব। ইয়াৰ উপৰিও দুখন অমৃত ভাৰত ৰেলৰ শুভাৰম্ভ কৰা হৈছে। এই ৰেল পথত অসম পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বহু গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন সংযুক্ত আছে। যাৰ দ্বাৰা লক্ষাধিক যাত্ৰী উপকৃত হব। এই ৰেল সেৱাই অসমৰ ব্যৱসায়ীক নতুন বজাৰৰ লগত সংযুক্ত কৰিব। ছাত্র তথা চিকিৎসাৰ ক্ষেত্ৰত লক্ষ্যস্থান সহজতে পাবগৈ। অসমৰ জনসাধাৰণৰ বাবে দেশৰ অন্য ৰাজ্যলৈ যাতায়তৰ বাবে সহজ হব। যোগাযোগৰ এই সুবিধাই এটা বিশ্বাস আনি দিছে উত্তৰ পূৰ্বাঞ্চল বিকাশৰ পথত। উত্তৰ পূৰ্বাঞ্চল দূৰত নহয়।
উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মানে দেশৰ উন্নয়ন
উত্তৰ পূৰ্বাঞ্চল বৰ্তমান হৃদয়ৰো ওচৰত, দিল্লীৰো ওচৰত।” অসমৰ উন্নয়নে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এই উন্নয়নে নতুন দুৱাৰ মুকলি কৰিছে। অসমে এক্ট ইষ্ট পলিচিক পথ দেখুৱাইছে। অসম আগবাঢ়িলে উত্তৰ পূৰ্বাঞ্চলো আগবাঢ়িব। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মানে দেশৰ উন্নয়ন। আমাৰ প্ৰয়াস হৈছে উত্তৰ পূৰ্বাঞ্চলক উচ্চতাৰ শিখৰলৈ নিয়াটো।”
তেওঁ এলিভেটেড কৰিডৰ আৰু নতুন ৰেলসেৱাই অসমৰ জনতাৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিব বুলি মন্তব্য কৰি অসমৰ জনতাক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ৰেল সেৱাই অসমৰ সংযোগ-যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীক এই নৱতম উপহাৰৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
লগতে পঢ়কঃ এটা মাহত দুবাৰকৈ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
