21 Killed in Spain Train Accident as High-Speed Trains Collide in Southern SpainSpain Train Accident: দক্ষিণ স্পেইনত ৰেল দুৰ্ঘটনাত ২১ গৰাকী যাত্ৰী নিহত

ইন্টাৰনেশ্যনেল ডেস্কঃ দক্ষিণ স্পেইনৰ আদামুজ পৌৰসভাৰ কৰ্ডোবাৰ ওচৰত দেওবাৰে দুখন ৰেল লাইনচ্যুত হোৱাৰ ফলত ২১ গৰাকীকৈ যাত্ৰী নিহত হয় (Spain Train Accident)। আন্দালুছিয়া আঞ্চলিক চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আন্তোনিঅ’ ছান্‌জে স্থানীয় সংবাদ মাধ্যমক কয় যে, পৰিস্থিতি জটিল আৰু নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। তেওঁ লগতে কয় যে অন্ততঃ ৭৩ জন লোক আহত হৈছে আৰু ৩০ জনতকৈ অধিক লোক ছটা ভিন্ন চিকিৎসা কেন্দ্ৰত চিকিৎসাধীন আছে।

কেনেকৈ সংঘটিত হৈছিল ঘটনাটোঃ

স্পেইনৰ পৰিবহণ মন্ত্ৰী অস্কাৰ পুয়েন্তেৰ মতে,
মেলাগাৰ পৰা মাদ্ৰিদ অভিমুখে গৈ থকা এখন দ্ৰুতগতিৰ ৰেল লাইনচ্যুত হৈ আন এটা ৰে’লপথলৈ পাৰ হৈ যায়। লাইনচ্যুত ৰে’লখনৰ মাদ্ৰিদৰ পৰা হুৱেলভালৈ গৈ থকা আন এখন ৰে’লৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাৰ চৰকাৰী কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

স্পেইনৰ প্ৰধানমন্ত্ৰী শোক প্ৰকাশঃ

স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছাঞ্চেজে ঘটনা সম্পৰ্কত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, দেশখনে “গভীৰ বেদনাৰে ভৰা এটা ৰাতি” পাৰ কৰিছে। এই শোকাৱহ দুৰ্ঘটনাক লৈ লৈ স্পেইনৰ ৰজা ফিলিপ ষষ্ঠ আৰু ৰাণী লেতিছিয়াইও শোকপ্ৰকাশ কৰিছে। তেওঁলোকে উল্লেখ কৰা মতে নিহতসকলৰ আত্মীয়স্বজন আৰু প্ৰিয়জনসকলৰ প্ৰতি গভীৰ সমবেদনা জনাইছোঁ আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰোঁ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষা উৰ্সুলা ফন ডাৰ লেয়েনেও শোকবাৰ্তা প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, লাইনচ্যুত প্ৰথম ৰেলখন ইৰিঅ’ কোম্পানীয়ে আৰু দ্বিতীয়খন ‘ৰেনফে’ কোম্পানীয়ে পৰিচালনা কৰিছিল । দুৰ্ঘটনাগ্ৰস্ত প্ৰথম ৰেলখন পৰিচালনা কৰা প্ৰতিষ্ঠানটোৱে জাৰি কৰা এক বিবৃতিমতে, প্ৰথম লাইনচ্যুত হোৱা ৰে’লখন আছিল ‘ইৰিঅ’ ৬১৮৯’ । য’ত প্ৰায় ৩০০ জন যাত্ৰী আছিল। আনহাতে, দ্বিতীয়খন ৰেল ব্যক্তিগত প্ৰতিষ্ঠান ‘ৰেনফে’ পৰিচালনা কৰিছিল। সেই ৰেলখনত প্ৰায় ১০০ জন যাত্ৰী আছিল।

স্থানীয় মেয়ৰৰ ভাষ্য

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতেই সেই স্থানত উপস্থিত হোৱা আদামুজ নগৰৰ মেয়ৰ ৰাফায়েল মৰেনোৱে এইটো এটা দুঃস্বপ্ন বুলি বৰ্ণনা কৰিছে। এক্স (X) প’ষ্টত আন্দালুছিয়া জৰুৰী সংস্থাই দুৰ্ঘটনাৰ পৰা বাচি যোৱা লোকসকল জীৱিত আছে বুলি জনাবলৈ আহ্বান জনায়।

মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজৰ উচ্চগতিৰ ৰে’ল সেৱা স্থগিত

ৰেল নেটৱৰ্কৰ ৰাজহুৱা পৰিচালক সংস্থা ‘ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ এডমিনিষ্ট্ৰেটৰ’ (আদিফ)’ৰ মতে মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজৰ উচ্চগতিৰ ৰে’ল সেৱা স্থগিত কৰা হৈছে। ছেভিল-মাদ্ৰিদ লাইনৰ ৰে’লসমূহ নিজৰ আৰম্ভণি স্থানলৈ ঘূৰাই দিয়া হৈছে। আদিফ’-ৰ মতে, ৰে’লখন স্থানীয় সময় সন্ধিয়া ৬:৪০ বজাত (GMT ৫:৪০) মালাগাৰ পৰা ওলাই যোৱাৰ প্ৰায় দহ মিনিট পাছতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। সংস্থাটোৱে জনাইছে যে নিহত আৰু আহতসকলৰ আত্মীয়স্বজনৰ বাবে আত’চা, ছেভিল, কৰ্ডোবা, মালাগা আৰু হুৱেলভা ষ্টেচনত বিশেষ সহায় কেন্দ্ৰ স্থাপন কৰা হৈছে।প্ৰভাৱিত যাত্ৰীসকলৰ বাবে ষ্টেচনসমূহ ৰাতিটো খোলা ৰখা হ’ব বুলিও সংস্থাটোৱে কয়।

দ্ৰুত গতিৰ ৰেল আছিল দুৰ্ঘটনাগ্ৰস্ত প্ৰথম ৰেলখন

দুৰ্ঘটনাগ্ৰস্ত প্ৰথম ৰেলখন দ্ৰুত গতিৰ আছিল। ‘ফ্ৰেচ্চিয়া ১০০০’ প্ৰকাৰৰ এই ৰেলখনৰ সৰ্বাধিক গতি ৪০০ কিলোমিটাৰ প্ৰতি ঘণ্টা (২৫০ মাইল প্ৰতি ঘণ্টা) পৰ্যন্ত হ’ব পাৰে বুলি ইটালীৰ ৰে’ল কোম্পানী ‘ফেৰোভিয়ে ডেল্লো ষ্টাটো’-ৰ এজন মুখপাত্ৰই ‘ৰয়টাৰ্ছ’ সংবাদ সংস্থাক জনায়।

ৰেডক্ৰছৰ সহায়

স্পেইনৰ ৰেড ক্ৰছেও ঘটনাস্থলীত জৰুৰী সহায় সেৱা প্ৰেৰণ কৰিছে । ৰেড ক্ৰছৰ মিগেল এঞ্জেল ৰ’দ্ৰিগেজে RNE ৰেডিঅ’ক কয়— “তথ্যৰ অভাৱৰ বাবে পৰিয়ালসমূহে গভীৰ উৎকণ্ঠাৰ মাজেৰে পাৰ হৈ আছে। এইবোৰ অতি দুখজনক আৰু উদ্বেগজনক” ।

প্ৰত্যক্ষদৰ্শীৰ অনুভৱ

সমগ্ৰ ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী হৈছে এজন সাংবাদিক। RTVE- নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিক সালভাদোৰ জিমেনেজ দুৰ্ঘটনাগ্ৰস্ত এখন ৰেলৰ যাত্ৰী আছিল। তেওঁ কয় যে সংঘৰ্ষৰ অনুভৱ “ভূমিকম্পৰ দৰে” হৈছিল।

“মই প্ৰথম ডবাত আছিলোঁ। এটা মুহূৰ্তত এনেকুৱা লাগিল যেন ভূমিকম্প হৈছে। তাৰ পাছতেই বুজিলোঁ যে ৰে’লখন সঁচাকৈয়ে লাইনচ্যুত হৈছে,” জিমেনেজে কয়।

লগতে পঢ়কঃ Tata Ernakulam Express Fire: অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুর্ঘটনা, দুটা ডবা সম্পূৰ্ণৰূপে ভস্মীভূত, ১ জনৰ মৃত্যু


Advertisement