ডিফুঃ কাৰ্বি ভূমিৰ বেদখলৰ বিৰুদ্ধে অৱশেষত চলিল প্ৰশাসনৰ বুল্ড’জাৰ। কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ এলেকাধীন বৃহৎ ভূমি অনা কাৰ্বিয়ে বেদখল কৰি থকাৰ অভিযোগ উত্থাপন কৰি দীৰ্ঘদিন ধৰিয়েই বেদখলকৃত ভূমি উচ্ছেদ কৰিবলৈ জিলাখনৰ দল সংগঠনে দাবী উত্থাপন কৰি অহাৰ পাছত অৱশেষত আৰম্ভ হৈছে উচ্ছেদ অভিযান (Karbi Anglong eviction drive)।
কাৰ্বি ভূমিত বেদখল হৈ থকা ভূমি উচ্ছেদৰ দাবীত জিলাখনত সাব্যস্ত হৈছিল প্ৰতিবাদ। প্ৰতিবাদ, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পাছত কাৰ্বি আংলং জিলাত বেদখল হৈ থকা ভূমি উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ব পৰিষদে।
ভোগালী বিহুৰ পাছতেই উচ্ছেদ কৰাৰ কথা উল্লেখ কৰি বেদখলকাৰীক কাৰ্বি আংলং স্বায়ত্ব পৰিষদে জাননীও জাৰি কৰিছিল। জাননীত উল্লেখ কৰা সময় উকলি যোৱাত মঙলবাৰৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে কাৰ্বি আংলঙত।
মঙলবাৰে পুৱাই কাৰ্বি আংলঙৰ বকলীয়াঘাটত আৰম্ভ কৰিছে উচ্ছেদ অভিযান। মঙলবাৰৰ পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযান বুধবাৰলৈকে চলিব।বকলীয়াঘাটৰ প্ৰায় তিনিশ পঞ্চাছ বিঘা জলসিঞ্চন বিভাগৰ মাঠাউৰিত মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ৷
ইতিমধ্যে প্ৰশাসনে বহুবাৰ মাইকযোগে বেদখলিকৃত ভূমি ত্যাগ কৰি যাৱলৈ ঘোষণাও কৰিছিল। মঙলবাৰেও উচ্ছেদৰ পূৰ্বে বেদখল কৰা ভূমি ত্যাগ কৰি আঁতৰি যাবলৈ প্ৰশাসনৰ তৰফৰ পৰা প্ৰচাৰ কৰা হৈছিল। ফলত ইতিমধ্যেই বহু পৰিয়ালে নিজৰ সা সম্পতি যি পাৰে লগত লৈ বেদখল কৰা স্থান ত্যাগ কৰি আত্মীয়ৰ ঘৰলৈ ঢাপলি মেলিছে ৷
উল্লেখযোগ্য যে, উক্ত চৰকাৰী ভূমিত বহু বছৰ ধৰি বিভিন্ন জাতিৰ ২১৫৯ টা পৰিয়ালে বসবাস কৰি আহিছিল ৷ মন্দীৰ, মজ্জিদৰ লগতে কেবাটাও উপাসনাস্থলী আছে উক্ত ভূমিত।
লগতে পঢ়কঃ Eviction Drive in Karbi Anglong: মাঘ বিহুৰ পিচতে হ’ব কাৰ্বি আংলঙৰ পি জি আৰ- ভি জি আৰ ভূমিত উচ্ছেদ
