কোকৰাঝাৰঃ অশান্ত জৰ্জৰ কোকৰাঝাৰ জিলাৰ পৰিস্থিতি বৰ্তমান কিছু পৰিমাণে শান্ত হৈছে। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে সেনাই ফ্লেগমাৰ্চ আৰম্ভ কৰিছে (Kokrajhar situation normalizing)। সেনাৰ লগতে ৰেপিড একচন ফৰ্চৰ জোৱান সকলে ফ্লেগ মাৰ্চৰ লগতছ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে।
কোকৰাঝাৰত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা বলৱৎ
এটা দূৰ্ঘটনাজনিত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্তহৈ পৰা কোকৰাঝাৰ জিলাত মংগলবাৰৰে পৰা ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা আজি পৰ্যন্ত বলবৎ আছে। এজন বড়ো যুৱকৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত জিলাখনত কাৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী পৰৱৰ্তী সময়ত হিংসাত্মক ঘটনালৈ ৰূপান্তৰিত হয়। আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাৱে কোকৰাঝাৰ জিলা দণ্ডাধীশে মংগলবাৰৰে পৰা জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা বলৱৎ কৰিছিল। আজিও ই বলবৎহৈ আছে। সেই অনুযায়ী চাৰিজন ব্যক্তি বা ততোধিক লোকৰ সমাগম বন্ধ, দুচকীয়া বাহনত দুজন উঠা বন্ধ, ধৰ্ণা,পথ- ৰেল অৱৰোধ আৰু যিকোনো সমদল যাত্ৰা, মাৰণাস্ত্ৰ বা লাঠি, চোকা অস্ত্ৰলৈ ঘুৰি ফুৰা ইত্যাদিত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
কোকৰাঝাৰত সেনাৰ ফ্লেগমাৰ্চ ।
আশ্ৰয় শিৱিৰত ১২৪০ গৰাকী লোক
হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ।প্ৰায় ১২৪০ জন লোক আশ্ৰয় শিবিৰত আছে। এটা দুৰ্ঘটনা আৰু পৰৱৰ্তী সময়ত গণপ্ৰহাৰত এজন বড়ো যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত তথা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বড়ো আৰু আদিবাসী জনগোষ্ঠীৰ মাজত গোষ্ঠী সংঘৰ্ষৰ উপক্ৰম হয়। এপিনে বড়ো জনগোষ্ঠীৰ লোকে আদিবাসীৰ বাসগৃহত আক্ৰমণ কৰাৰ বিপৰীতে আদিবাসী সকলেও বড়ো লোকৰ ঘৰ জ্বলাই দিয়ে। নৰমুংখাপাৰাত বড়ো জনগোষ্ঠীৰ সাতটা ঘৰ আৰু বাওৰাগুৰিত বড়ো জনগোষ্ঠী এটা ঘৰ জ্বলাই দিয়ে।
ফলত প্ৰাণৰ ভয়ত শতাধিক আদিবাসী পৰিয়ালে আশ্ৰয় শিৱিৰত বাহৰ পাতিছে ৷ কাৰিগাও হাইস্কুলত চাৰিশৰোধিক পৰিয়াল আশ্ৰয় লোৱাৰ বিপৰীতে আউডাং বজাৰৰ ভাওৰাগুৰীৰ প্ৰাথমিক বিদ্যালয়তো ৬০ ঘৰ বড়ো লোকে আশ্ৰয় লৈ আছে ৷ দেনুগড়সিং পাৰা, ওদালগুৰি, লংকাপাৰা, বাউৰাগুৰি,সোণাপাৰা আদি গাৱৰ লোক সকল আশ্ৰয় শিবিৰত আছে।
পৰিস্থিতি পৰ্যবেক্ষণ শীৰ্ষ আৰক্ষী বিষয়াৰ
কোকৰাঝাৰ জিলাৰ সমগ্ৰ ঘটনাটো শীৰ্ষ আৰক্ষী বিষয়াই পৰ্যবেক্ষণ কৰি আছে। আৰক্ষী মহা পৰিদৰ্শক অখিলেশ সিং আৰা বিটিচিৰ। দায়িত্বত থকা আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিঙে আইন শৃংখলাজনিত বিষয়টো তদাৰক কৰি আছে। আৰক্ষীৰ শীৰ্ষ বিষয়াই জনোৱামতে যদি কোনোবাই আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব। আমি জনসাধাৰণ আহ্বান জনাইছো উৰাবাতৰিত গুৰুত্ব নিদি নিজৰ নিজৰ বাসগৃহলৈ যাওক। আৰক্ষী সুৰক্ষা প্ৰদান কৰিব।
ইপিনে শীৰ্ষ আৰক্ষী বিষয়া অখিলেশ সিং যাদৱে জনসাধাৰণক আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাই। তেওঁ কয় যে জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সভাৰো আয়োজন কৰা হৈছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত আছে যান বাহনৰ চলাচল।
লগতে পঢ়কঃ কোকৰাঝাৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী, আছুকে ধৰি বিভিন্নজনৰ প্ৰতিক্ৰিয়া
