Rokibul Hussain Slams Assam Government Over Voter List Revision, Targets CM Himanta Biswa Sarmaপুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ একালৰ সতীৰ্থ ৰকিবুল

নগাঁওঃ ভূৱা আৰু ভিত্তিহীন অভিযোগেৰে এটা দুষ্ট চক্ৰই ভোটাৰ তালিকাৰ পৰা বৈধ নাগৰিকথ নাম কৰ্তনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰাৰ অভিযোগ কৰিছে সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Rokibul Hussain on voter list revision Assam)।

বুধবাৰে নগাঁৱত এখন সংবাদমেলত হুছেইনে কয়, “আমি কংগ্ৰেছ দলে কৈছিলো অসমত এচ আই আৰ হব নোৱাৰে। এচ আই আৰৰ বাবে যিবোৰ নথিপত্ৰৰ পুনৰীক্ষণৰ কাম পুংখানুপুংখ ভাবে হব লাগে সেইবোৰ হৈ গৈছে। কাৰণ ইয়াত এন আৰ চি হৈছে। অসমত যদিও এচ আই আৰ হব লগীয়া হয় তেতিয়া হলে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা এন আৰ চিৰ প্ৰসংগত উচ্চতম ন্যায়ালয়লৈ যাব লাগিব আৰু এচ আই আৰ প্ৰক্ৰিয়াটো বন্ধহৈ যাব।”

লগতে ৰকিবুল হুছেইনে আৰু কয়,”নিৰ্বাচনী আয়োগক আবেদন দিয়াৰ পিচত তেওঁলোকে কৈছিল যে অসমত এচ আই আৰ নহয়, এন আৰ চি হৈছে। তেতিয়া আমি স্বস্তিৰ নিশ্বাস পেলাইছিলো যে ইয়াত অন্ততঃ ভোট চোৰ নহয়‌। কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ গৈ ডাঙৰ ডাঙৰ মন্ত্ৰীক লগ কৰাৰ পিচত নিৰ্বাচনী আয়োগে এচ আৰ বুলি এক নতুন পদ্ধতি অসমতো ৰূপায়ণৰ কাম আৰম্ভ কৰে। মৃত ব্যক্তিৰ নাম কৰ্তন, কোনো ভোটাৰৰ ঠিকনা সলনি আদি পদ্ধতি আছে কিন্তু বিশেষ পুনৰীক্ষণ কতো হোৱা নাই। স্বাধীন ভাৰতত কেতিয়াও বিশেষ পুনৰীক্ষণ হোৱা নাই।”

অসমত বিশেষ পুনৰীক্ষণৰ নামত হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰি হুছেইনে কয়,”কোনো ব্যক্তি যদি অসমৰ বাহিৰতো আছে তেন্তে তেওঁৱো আহি শুনানী দিব লাগিব। ৰোগাক্ৰান্ত কোনো ব্যক্তিয়ে যদি শুনানী দিব নোৱাৰে তেওঁৰ নামো কৰ্তন হব।”

জীৱিত লোককো মৃত দেখুৱাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ কৰি সাংসদ হুছেইনে কয়, “বি এল অ, যি বিষয়াই বিশেষ পুনৰীক্ষণৰ নথি পত্ৰ পৰীক্ষা কৰিছে সেই বি এল অ জনেই মৃত বুলি আহিছে। বহু ক্ষেত্ৰত অভিযোগকাৰীয়ে নিজেই অভিযোগ দিয়া বুলি নাজানে। এই বিষয় সমূহ পোহৰলৈ অহাৰ পিচতেই জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াই শুনানী বন্ধ কৰি দিছে।”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি হুছেইনে কয়, “ভোট যি সকলে দিব তেওঁলোক যি জাতিৰ বা যি ধৰ্মৰে নহওক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত নাই। গোপন হওক কি হওক নাজানো খোদ তেওঁলোকৰ নেতাই এই কথা কৈছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত জনসাধাৰণ ইমান অতীষ্ঠ হৈছে যে তেওঁক জনতাই এইবাৰ সমৰ্থন নকৰে।”

হুছেইনে লগতে কয়,” বহু সমষ্টিত ৰেচন কাৰ্ডৰ লগত কে ৱাই চি নিদিয়া সকলৰ নাম কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। গতিকে যি সকলে কে ৱাই চি দিয়া নাই তেওঁলোকে কে ৱাই দি দিয়ক। নহলে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ৰেচন কাৰ্ডৰ পৰা আৰু পৰৱৰ্তী সময়ত ভোটৰ পৰাও বঞ্চিত কৰিব।”

তেওঁ কয়, ” বিজেপিক বিৰোধিতা কৰা স্থানীয় লোকৰ নাম কৰ্তন কৰাৰ বিপৰীতে অন্যহাতেদি বাহিৰৰ মানুহ সোমোৱাইছে।”

অন্যহাতেদি, চামগুৰি সমষ্টিত বহুকেইজনে কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব বিচৰাৰ প্ৰসংগত হুছেইনে কয় যে, “এইটোৱেই গণতন্ত্ৰ। কংগ্ৰেছ দলৰ কৰ্মী এজনে বিধায়ক হব বিচৰাত আপত্তি কৰিবলগীয়া কি আছে। কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিলে আপত্তি একো নাই। আমাৰ মণ্ডল, বুথ সমিতিৰ সদস্য হলে কিয় নোৱাৰিব।। যদি তেওঁ বিজেপি বা অন্যদলৰ প্ৰৰোচনাত পৰিব নালাগে”

আনহাতে অখিল গগৈয়ে ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হব বুলি কৰা মন্তব্য সন্দৰ্ভত হুছেইনে এনে তুলুঙা মন্তব্যৰ উত্তৰ নিদিও বুলিও কয় সংবাদ মেলত।

লগতে পঢ়কঃ জীৱিত লোকক মৃত সজাই নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ শুনানিৰ বাবে জাননী জাৰিৰ অভিযোগ


Advertisement