গুৱাহাটীঃ অসমত ভোটাৰ তালিকা সংশোধনৰ নামত খিলঞ্জীয়া ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে (Voter List Revision Assam) ৷
বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ বিৰুদ্ধে বিজেপি দল আৰু চৰকাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷ ভোটাৰ তালিকা সংশোধনৰ নামত খিলঞ্জীয়া লোকৰ নাম কৰ্তনে বিজেপি চৰকাৰৰ অসমবিৰোধী ষড়যন্ত্ৰক উন্মোচিত কৰিছে৷ অসমৰ ভোটাৰৰ নাম কৰ্তন কৰি বাহিৰৰ ৰাজ্য— বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অভিসন্ধি ৰচনা কৰিছে৷ এয়া অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত বিজেপি দল আৰু চৰকাৰে চলোৱা এক সংগঠিত ৰাজনৈতিক আক্ৰমণ।’’
গগৈ আৰু ভূঞাই কয়, ‘‘বিজেপি চৰকাৰে অসমত সম্পূৰ্ণ আৰু শুদ্ধ NRC প্ৰস্তুত কৰাত ব্যৰ্থ হ’ল। কিয়নো অনুপ্ৰৱেশ সমস্যাৰ সমাধান বিজেপিৰ লক্ষ্য নহয়— জোৰ, বল প্ৰয়োগ কৰি ক্ষমতা দখল কৰাই তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য। সেই কাৰণেই সম্প্ৰতি অবৈধ লোকৰ নাম সাংবিধানিকভাৱে কৰ্তন কৰাৰ সলনি অসমৰ খিলঞ্জীয়া নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি ল’বলৈ চৰকাৰখন উঠিপৰি লাগিছে৷’’
অজাপৰ নেতাদ্বয়ে লগতে কয়, ‘‘দুটা ব্যৱস্থাৰে অসমীয়া মানুহক ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ বিচৰা হৈছে। এটা হৈছে ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়া। এইটো প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট দিব নোখোজা খিলঞ্জীয়া মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৌশলেৰে কৰ্তন কৰা আৰু বহিঃৰাজ্যৰ অচিনাকি মানুহৰ নাম অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰি বিজেপিৰ ভোট বৃদ্ধি কৰা। আনটো প্ৰক্ৰিয়া হৈছে সমষ্টি পুনৰ্নিৰ্ধাৰণ। এইটো প্ৰক্ৰিয়াৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীসমূহ যেনে আহোম, মৰাণ, মটক, কোচ, কছাৰী, চুতীয়া আদিৰ সংখ্যাধিক্য থকা সমষ্টিৰ সংখ্যা হ্ৰাস কৰা।’’
সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘বিজেপি চৰকাৰৰ এই কাৰ্য অসমৰ জনগোষ্ঠীয় অস্তিত্ব আৰু ঐতিহ্যক ধ্বংস কৰাৰ এক গভীৰ ষড়যন্ত্ৰ, সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজনৈতিক মুনাফা ল’বলৈ বিজেপিয়ে অসমক ভোট বেংকৰ পৰীক্ষাগাৰ কৰি তুলিছে।’’
গগৈ আৰু ভূঞাই দৃঢ়তাৰে কয় যে অসমৰ খিলঞ্জীয়া নাগৰিকৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি ল’বলৈ বিজেপি চৰকাৰে কৰা যিকোনো অপচেষ্টাক অসম জাতীয় পৰিষদে কেতিয়াও সহ্য নকৰে। জাতিৰ অস্তিত্ব বিপন্ন কৰি বহিৰাগত ভোটবেংক সৃষ্টিৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ বিজেপিক সকীয়াই দিয়ে অসম জাতীয় পৰিষদে৷
অজাপই অসমৰ কেইবাটাও সমষ্টিত হাজাৰ হাজাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি চৰকাৰে পৰিকল্পিতভাৱে ব্যাপক ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি সদৰী কৰে৷ নেতাদ্বয়ে কয়, ‘‘হাজাৰ হাজাৰ স্থায়ী বাসিন্দাক স্থানান্তৰিত বুলি ছদ্মবেশী লোকৰ দ্বাৰা ভুৱা অভিযোগ দাখিল কৰোৱাই সেই বৃহৎসংখ্যক লোকলৈ জাননী জাৰি কৰি সেইসমূহ নাম কৰ্তনৰ চৰকাৰী ষড়যন্ত্ৰ আৰম্ভ হৈছে।’’
গগৈ আৰু ভূঞাই ভাৰতৰ নিৰ্বাচন আয়োগক নিৰপেক্ষভাৱে গণতন্ত্ৰক সুৰক্ষিত কৰাৰ স্বাৰ্থত কাম কৰাৰ পৰিৱৰ্তে বিজেপিৰ ৰাজনৈতিক এজেণ্টসদৃশ আচৰণ নকৰিবলৈ সকীয়াই দিয়ে।
লগতে পঢ়কঃ পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ একালৰ সতীৰ্থ ৰকিবুল
