প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, ছাইফুল ইছলামঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক জোনবিল মেলাৰ শুক্ৰবাৰে দ্বিতীয়টো দিনত লোকে লোকাৰণ্য হ’ল জোনবিল মেলা স্থলী (Jonbeel Mela Barter System)।
প্ৰতিবছৰৰ দৰে এইবছৰো ২২ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। আন্তৰ্জাতিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা এই ঐতিহাসিক জোনবিল মেলাৰ বৃহস্পতিবাৰে দ্বিতীয় দিনা অনুষ্ঠিত হয় বিনিময় প্ৰথা (Barter System Festival)।
মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰত অৱস্থিত ঐতিহাসিক জোনবিলৰ পাৰত। এই বিখ্যাত জোনবিল মেলাৰ আজি দ্বিতীয় দিনত পৰম্পৰাগত বিনিময় প্ৰথাৰ (barter system) শুভাৰম্ভ হয়। এই ঐতিহাসিক বিনিময় পৰ্ব মুকলি কৰে গোভা ৰজা দীপসিং দেওৰজাই (Jonbeel Mela Assam)। এই মেলাই আধুনিক যুগতো মুদ্ৰাৰ প্ৰচলনক স্থবিৰ কৰি ৰাখে আৰু বস্তুৰ সলনি বস্তুৰ আদান-প্ৰদানৰ জৰিয়তে পাহাৰ আৰু ভৈয়ামৰ মাজৰ প্ৰাচীন সম্প্ৰীতি আৰু ভাতৃত্ববোধক জীয়াই ৰাখে।
জোনবিল মেলাৰ এই বিনিময় প্ৰথাৰ মূল আকৰ্ষণ হৈছে পাহাৰৰ তিৱা, কাৰ্বি, খাচী মামা মামী আদি জনজাতিসকলে নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰী যেনে আলু, কচু, আদা, হালধি, জলকীয়া, তিল, ধুনা, লাও আদি লৈ আহে (Tiwa Culture)। আনহাতে ভৈয়ামৰ তিৱা আৰু অন্যান্য লোকে নিজে বনোৱা চিৰা, পিঠা তিলপিঠা, ভাপত দিয়া পিঠা, সান্দহগুৰি, শুকান মাছ, লাড্ডু, কেঁচা মাছ আদিৰে বিনিময় কৰে। এই আদান-প্ৰদানত কোনো টকা-পইচাৰ লেনদেন নহয়—কেৱল বিশ্বাস, মৰম আৰু পাৰস্পৰিক সন্মানৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে এই ব্যৱস্থা। পুৱাৰ পৰাই মেলাস্থলীত প্ৰচণ্ড ভীৰ দেখা গৈছে, হাজাৰ হাজাৰ লোকে এই ঐতিহাসিক দৃশ্য চাবলৈ আহিছে।
আজিৰ এই দিনটোত গোভা ৰাজ্যৰ দীপসিং দেওৰজাই মধ্য অসমৰ ১৯ জনকৈ তিৱা ৰজা ক্ৰমে পাটনায়া ৰজা ভদ্ৰসিং দেওৰজা, অদিত ৰজা অৰূপ ৰজা, নয়নজ্যোতি দেওৰজা, চুচেন ৰজা ৰাজসিং দেওৰজা, নেলীৰজা ভোগেশ্বৰ কোৱৰ আদি) ৰাজভাট্টা প্ৰদান কৰে। এই ৰাজভাট্টা প্ৰদান অনুষ্ঠানত ৰাজদৰবাৰৰ পৰম্পৰা অনুসৰি গোভা ৰজাই তিৱা ৰজাসকলক সন্মান জনোৱাৰ লগতে প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰাৰ ৰীতি পালন কৰা হয় (Assam Tribal Fair)।
দ্বিতীয় দিনত তিৱা লোকৰ কৃষি প্ৰদৰ্শনীৰ লগতে গোভা ৰাজ্যৰ ঐতিহ্যবাহী অস্ত্ৰ-শস্ত্ৰ আৰু সম্পদৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। ষড়দশ শতিকাৰ পৰা চলি অহা এই মেলাই তিৱা ৰাজ্য গোভাৰ ঐতিহ্য, পৰম্পৰা আৰু পাহাৰ-ভৈয়ামৰ মিলনৰ প্ৰতীক হিচাপে বিশ্বৰ বুকুত স্বীকৃতি লাভ কৰিছে। মেলালৈ কাৰ্বি আংলং, মেঘালয় আদি গাঁৱৰ লোক আহি উপস্থিত হৈছে, যাৰ ফলত মেলাখনত এক জাতীয় সম্প্ৰীতিৰ মহামিলনৰ পৰিৱেশ সৃষ্টি হৈছে।
সমান্তৰালভাৱে সামৰনি দিনত জোনবিলত সমূহীয়া মাছ ধৰা পৰ্ব (mass fishing festival) চলিব য’ত সকলো ধৰ্ম-জাতি-সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰিব। মেলাৰ এই দিনটোৱে অসমৰ সাংস্কৃতিক ঐতিহ্যক জীয়াই ৰখাৰ লগতে পাহাৰ আৰু ভৈয়ামৰ মাজৰ সহাৱস্থান আৰু শান্তিৰ বাৰ্তা প্ৰচাৰ কৰে।
ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাই জনজাতীয় সংস্কৃতি আৰু সামাজিক সম্প্রীতি, ভাতৃত্ববোধৰ অনন্য নিদর্শন দাঙি ধৰি আহিছে।
ঐতিহাসিক গোভা দেওৰজা পৰম্পৰাগত জোনবিল মেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী পিয়ুষ হাজৰিকা। মন্ত্ৰী গৰাকীয়ে শুক্ৰবাৰে মেলাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ তিৱা ৰজাসকলক চৰকাৰী ভাট্টা প্ৰদান কৰে।
