Nagaon Para Sports Committee formed under Assam Paralympic Associationনগাঁৱত গঠিত হ’ল অসম পেৰা অলিম্পিক সংস্থাৰ নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা

নগাঁও: আজি শনিবাৰে (২৪ জানুৱাৰী, ২০২৬) নগাঁও জিলাৰ ক্ৰীড়া জগতত এক নতুন অধ্যায়ৰ সূচনা হয়। অসম পেৰা অলিম্পিক সংস্থাৰ অধীনত নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাৰ আনুষ্ঠানিকভাৱে গঠন কৰা হৈছে। এই উপলক্ষে নগাঁও চহৰৰ খুটিকটীয়াৰ ডিআৰটি (DRT) হলত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

অসম পেৰা অলিম্পিক সংস্থাৰ গুৰুত্ব

উল্লেখ্য যে, অসম পেৰা অলিম্পিক সংস্থা (Paralympic Association of Assam) হৈছে ভাৰতীয় পেৰা অলিম্পিক কমিটি (PCI) ৰ সৈতে জড়িত আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা স্বীকৃত এটা সংস্থা। ১৯৯২ চনত প্ৰতিষ্ঠা হোৱা PCI-য়ে পেৰা অলিম্পিক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় পেৰা-ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ভাৰতীয় খেলুৱৈসকলক বাচনি কৰা আৰু প্ৰেৰণ কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে।

Nagaon Para Sports Committee formed under Assam Paralympic Association

নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাৰ লক্ষ্য: দিব্যাংগ প্ৰতিভাক বিশ্ব দৰবাৰলৈ নিয়াৰ সংকল্প

অসম পেৰা অলিম্পিক সংস্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাৰ উদ্যোগ তথা পৰামৰ্শ মৰ্মে অনুষ্ঠিত আজিৰ এই সভাত অসম পেৰা অলিম্পিক সংস্থাৰ সভাপতি চন্দন বৰুৱা, সাধাৰণ সম্পাদক ৰাজীৱ দে যুটীয়া সম্পাদক গীত গুঞ্জন ডেকা আৰু কেইবাগৰাকীও ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে। এই নতুন কমিটিখনে জিলাখনৰ দিব্যাংগ খেলুৱৈসকলক আগুৱাই লৈ যোৱাত বিশেষ সহায় কৰিব বুলি আশা কৰা হৈছে।

অসম পেৰা অলিম্পিক সংস্থাৰ সম্পাদক ৰাজীৱ দেয়ে নতুন কমিটিখনৰ সন্দৰ্ভত কয়, “পূৰ্বে নগাঁৱত জিলা পেৰা ক্ৰিয়া সংস্থাৰ কোনো শাখা নাছিল। সেই বাবেই জিলাখনত পেৰা-ক্ৰীড়াৰ উন্নয়নৰ বাবে একাংশ ক্ৰীড়া উদ্যোগী আৰু বিশেষজ্ঞৰ সৈতে বৈঠক কৰি আমি আনুষ্ঠানিকভাৱে এই নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা গঠন কৰিলো। এই নতুন কমিটিয়ে অনাগত বছৰত নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাই সুচাৰুৰূপে আগুৱাই লৈ যাব বুলি মই আশাবাদী।”

অসম পেৰা অলিম্পিক সংস্থাৰ সভাপতি চন্দন বৰুৱাই নতুন বিষয়ববীয়াসকলক আদৰণি জনাই কয়, “আশা কৰিছোঁ আগন্তুক সময়ত নগাঁও জিলা কমিটিৰ উদ্যোগত জিলাখনৰ পৰা বহু প্ৰতিভাসম্পন্ন খেলুৱৈ ওলাই আহিব। জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যই এই বিশেষভাৱে সক্ষম খেলুৱৈসকলক লৈ গৌৰৱ কৰিব পাৰিব।”

নতুন সভাপতিৰ সংকল্প

নগাঁও জিলা কমিটিৰ নৱ-নিৰ্বাচিত সভাপতি তথা ক্ৰীড়া উদ্যোগী অমিতাভ বৰাই অসম পেৰা অলিম্পিক সংস্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাৰ নিৰন্তৰ প্ৰচেষ্টা আৰু পৰামৰ্শৰ ফলতেই আজি নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাটো গঠন কৰা সম্ভৱ হ’ল। আমি জিলাখনৰ চুকে-কোণে থকা বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীসকলক বিচাৰি উলিয়াই উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিম। তেওঁলোকক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিবলৈ আমি দৃঢ়প্ৰতিজ্ঞ।”

জিলাখনৰ এগৰাকী সমাজকৰ্মী তথা ক্ৰীড়া উদ্যোগী অভিজিত নাথে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয়, “আমি ক্ৰীড়া ক্ষেত্ৰখনৰ লগত পূৰ্বৰে পৰা জড়িত হৈ জিলাখনৰ প্ৰতিভাশালী খেলুৱৈসকলক উলিয়াই আনিবলৈ কাম কৰি আহিছিলোঁ। কিন্তু বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীসকলৰ বাবে কাম কৰাৰ ক্ষেত্ৰত আমি ক’ৰবাত যেন অলপ পিছুৱাই আছিলোঁ। এতিয়া আমাৰ সেই অভাৱ দূৰ হ’ব। মই আশাবাদী যে নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা গঠনৰ লগে লগে আমি সেইসকল বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীকো এখন সুন্দৰ মঞ্চ দিবলৈ সক্ষম হম, যাৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ৰাজ্যৰ লগতে জিলালৈ সুনাম কঢ়িয়াই আনিব।”

নতুনকৈ গঠন হোৱা কমিটিখনত উপদেষ্টা হিচাপে সমাজকৰ্মী অভিজিত নাথে দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে ক্ৰীড়া উদ্যোগী অমিতাভ বৰাক সভাপতি আৰু দুৰ্লভ পৱন বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। সমিতিখনৰ অন্যান্য গুৰুত্বপূৰ্ণ পদত আছে কোষাধ্যক্ষ জোন ৰাজখোৱা, উপ-সভাপতিদ্বয় শ্যামন্ত দাস আৰু ৰীতা বৈদ্য কাকতি, যুটীয়া সম্পাদক হিচাপে অজয় শৰ্মা, ঋষভ জাজোদিয়া আৰু প্ৰত্যুষ প্ৰতিম বৰা, লগতে জনসংযোগ বিষয়া হিচাপে দায়িত্ব লাভ কৰিছে মনোজ লস্কৰে। ইয়াৰ উপৰিও কাৰ্যবাহী সদস্য হিচাপে জুন মণি দাস, বংকিমা চক্ৰৱৰ্তী আৰু আনন্দ সুৰণাক অন্তৰ্ভুক্ত কৰি এই জিলা কমিটিখন গঠন কৰা হৈছে।

সভাত আগন্তুক দিনত জিলাখনত পেৰা-ক্ৰীড়া প্ৰতিযোগিতা, প্ৰশিক্ষণ শিবিৰ আৰু খেলুৱৈ বাছনি প্ৰক্ৰিয়া আদি আয়োজন কৰাৰ বিষয়টোত বিতংভাৱে আলোচনা কৰা হয়।

উপস্থিত সদস্যসকলে মত প্ৰকাশ কৰে যে এই পদক্ষেপে নগাঁও জিলাত পেৰা-ক্ৰীড়াৰ বিকাশত এক নতুন দিশৰ সূচনা কৰিব।

লগতে পঢ়ক: বিশ্ববিজয়ী চিমু দাসৰ পৰিয়ালৰ বিষয়ে জানিলে আপোনাৰো নিগৰিব অশ্ৰু


Advertisement