AI Smart Glasses Deployed for Republic Day Security in Delhiগণতন্ত্ৰ দিৱসঃ নিৰাপত্তাৰক্ষীয়ে পৰিধান কৰিব এ আই সম্পন্ন স্মাৰ্ট গ্লাছ

নেশ্যনেল ডেস্কঃ কাইলৈ সোমবাৰ। ২৬ জানুৱাৰী। দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস। দেশৰ অন্যপ্ৰান্তৰ লগতে ৰাজধানী দিল্লীত আড়ম্মৰপূৰ্ণভাবে উদযাপন কৰা হব গণতন্ত্ৰ দিৱস (AI Smart Glasses Republic Day Security)।

৩৮ হাজাৰ নিৰাপত্তাৰক্ষীৰ হাতত থাকিব দিল্লীৰ নিৰাপত্তা

গণতন্ত্ৰ দিৱসত যাতে কোনোধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে প্ৰশাসনে। কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI সম্পন্ন স্মাৰ্ট গ্লাছ পৰিধান কৰি নিৰাপত্তা প্ৰদান কৰিব দিল্লী আৰক্ষীয়ে। ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ নিৰাপত্তাৰ বাবে ৩০ হাজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হব। তদুপৰি ৭০ টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানীও নিয়োগ কৰা হব। ইয়াকে ধৰি মুঠ ৩৮ হাজাৰ আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ দায়িত্ব থাকিব দিল্লীৰ নিৰাপত্তা।
দেশৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসত উগ্ৰপন্থী সংগঠনে কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ আশংকা কৰিছে আৰক্ষী তথা দেশৰ চোৰাংচোৱা সংস্থা সমূহে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুযায়ী কোড নেম ২৬ ২৬ নাম দি উগ্ৰপন্থী সংগঠনসমূহে কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰিব পাৰে। সেয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

কি এই এ আই যুক্ত স্মাৰ্ট গ্লাছ

দিল্লী আৰক্ষী সূত্ৰে প্ৰকাশ যে আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে পৰিধান কৰিবলগীয়া এই স্মাৰ্ট চশমাত ‘ফেচিয়েল ৰিকগনিশন ছিষ্টেম’ আৰু ‘থাৰ্মেল ইমেজিং টেকনোলজি’ সংযোজিত থাকিব। এই আধুনিক প্ৰযুক্তিৰ সহায়ত ভিৰৰ মাজৰ পৰা সহজেই অপৰাধী বা সন্দেহভাজন ব্যক্তিক চিনাক্ত কৰা সম্ভৱ হ’ব। কিয়নো এই চশমা পুলিচৰ তথ্যভাণ্ডাৰৰ সৈতে পোনপটীয়াকৈ সংযুক্ত থাকিব। ফলত কোনো অপৰাধীৰ মুখৰ সৈতে তথ্যভাণ্ডাৰত থকা তথ্য মিলি গ’লেই তৎক্ষণাৎ নিৰাপত্তাবাহিনীলৈ সংকেত প্ৰেৰণ কৰিব।

এই সন্দৰ্ভত দিল্লী পুলিচৰ এচিপি দেৱেশ কুমাৰ মাহলায়ে সংবাদ প্ৰতিষ্ঠান পি টি আইক কয়, “এই স্মাৰ্ট চশমাসমূহ ভাৰততেই নিৰ্মিত। ই আৰক্ষী বিষয়া সকলৰ মোবাইল ফোনৰ সৈতে সংযুক্ত থাকিব। যদি কোনো ব্যক্তিৰ পূৰ্বৰ অপৰাধমূলক তথ্য নাথাকে, তেন্তে এই যন্ত্ৰই সেউজীয়া সংকেত দেখুৱাব। কিন্তু যদি কাৰোবাৰ অপৰাধমূলক তথ্য থাকে, তেন্তে ৰঙা সংকেত দেখা যাব।”

আন এক সংবাদ মাধ্যমৰ সৈতে এক পৃথক সাক্ষাৎকাৰত মাহলাই কয় যে- অপৰাধীয়ে ছদ্মবেশ ধাৰণ কৰি থাকিলেও এই অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা তেওঁ চিনাক্ত হব।
এই প্ৰযুক্তিৰ এলগৰিথিমে তেওঁক চিনাক্ত কৰিব পাৰিব। এই তথ্য ভাণ্ডাৰত বিভিন্ন এলগৰিথিম ব্যৱহাৰ কৰি প্ৰশিক্ষণ দিয়া হৈছে। যাতে এজন ব্যক্তিয়ে তেওঁৰ চেহেৰা যিমানেই সলনি নকৰক কিয় তেওঁক চিনাক্ত কৰিব পৰা যাব। তদুপৰি ব্যক্তিজনৰ ২০ বছৰৰ পূৰ্বৰ ফটোৱেই হওক বা সাম্প্ৰতিক ফটোৱেই হওক, তেওঁ দাড়ি বা দীঘল চুলি থাকিলেও এই তথ্যভাণ্ডাৰৰ জৰিয়তে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন স্মাৰ্ট গ্লাছে তেওঁক চিনাক্ত কৰিবলৈ সক্ষম হ’ব।

৫০০ এ আই কেমেৰা সংস্থাপন

২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ নিৰাপত্তাৰ বাবে ৫০০ কেমেৰা সংস্থাপিত কৰিছে দিল্লীত। এই কেমেৰা সমূহো কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন। এই কেমেৰা সমূহ আৰক্ষীৰ তহলদাৰী গাড়ীৰ লগত সংযুক্ত থাকিব। এই কেমেৰা সমূহতো ফেশিয়েল ৰিকগনিশন চিষ্টেম থাকিব।

দিল্লীৰ চাৰিহেজাৰ ঘৰত নিৰাপত্তা কেন্দ্ৰ

দিল্লী আৰক্ষী সূত্ৰে প্ৰকাশ যে- দিল্লীৰ প্ৰায় চাৰি হাজাৰটা ঘৰত নিৰাপত্তা কেন্দ্ৰ গঢ়ি তুলা হৈছে। এই ঘৰসমচহৰ চাদৰ পৰ নিৰাপত্তাৰক্ষীয়ে সতৰ্ক দৃষ্টি ৰাখিব। এই চাদসমূহত আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ স্নাইপাৰসকলো মজুত থাকিব।
ইয়াৰ লগতে বাছষ্টেণ্ড, ৰেল ষ্টেচন আৰু বজাৰৰ দৰে জনবহুল স্থানসমূহতো আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়কঃ Assam DGP Commendation Medal 2025: ৪৬৫ গৰাকী আৰক্ষীলৈ আৰক্ষী সঞ্চালকৰ পদক


Advertisement