নেশ্যনেল ডেস্কঃ দেশৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ আজিৰ দিনটোত ভাৰতৰ সৰ্বোচ্চ শান্তিকালীন সামৰিক সন্মান ‘অশোক চক্ৰ ‘ৰে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মানিত কৰে (Shubhanshu Shukla Ashok Chakra)। ভাৰতৰ প্ৰথমজন মহাকাশযাত্ৰী স্কুৱাডন লিডাৰ ৰাকেশ শৰ্মাই পূৰ্বতে এই সন্মান লাভ কৰিছিল।
কোন এই শুভাংশু শুক্লা
উল্লেখযোগ্য , যোৱা বছৰৰ ২৫ জুনত নাচা, ইচৰ’ আৰু স্পেছএক্সৰ যৌথ বাণিজ্যিক মহাকাশ অভিযানযত শুভাংশু শুক্লাই মিছন পাইলট হিচাপে অংশগ্ৰহণ কৰিছিল (Indian Air Force Astronaut)। ‘ড্ৰেগন’ মহাকাশযানত আৰোহণ কৰি শুভাংশু শুক্লা আৰু তেওঁৰ সহযাত্রীসকলে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএছ)-ৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল। তেওঁৰ সৈতে আছিল এক্সিয়ম মিছন-৪ৰ মিছনৰ ক্ৰু কমাণ্ডাৰ পেগী হুইটছন, মিছন বিশেষজ্ঞ স্লাওছ উজনানস্কি-উইজনিৱেস্কি আৰু টিবৰ কাপু। সেই মহাকাশ যাত্ৰাৰ সময়ত শুভাংশুৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লগত নিছিল। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎকাৰৰ সময়ত শুভাংশুৱে সেই পতাকাখন তেওঁৰ হাতত তুলি দিছিল। ১৮ দিন মহাকাশত থকাৰ পিছত ২০২৫ চনৰ ১৫ জুলাইত তেওঁ কেলিফৰ্ণিয়াৰ প্ৰশান্ত মহাসাগৰৰ উপকুলবৰ্তী অঞ্চলত অৱতৰণ কৰিছিল (International Space Station India)।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা শুভাংশু শুক্লাই ২০০৫ চনত ভাৰতীয় প্ৰতিৰক্ষা অকাডেমী অৰ্থাৎ National Defence Academy ত নামভৰ্তি কৰে। তেওঁ ফ্লাইং শাখাৰ বাবে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত সেয়ে তেওঁ ভাৰতীয় বিমান বাহিনী অকাডেমী অৰ্থাৎ Air force Academy ত নামভৰ্তি কৰে আৰু স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতীয় বায়ু সেনাৰ এজন ফ্লাইং অফিচাৰ হয়। এজন ফাইটাৰ পাইলট হিচাপে পৰিচিত শুভাংশু শুক্লাই মীগ ২১, মীগ ২৯ আদি বিমান চালনাৰ ক্ষেত্ৰতো অভিজ্ঞ।
২০১৯ চনত তেওঁ ভাৰতীয় মানৱ মহাকাশযান কৰ্মসূচীৰ অধীনস্থ মহাকাশযান অভিযানৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ দ্বাৰা মনোনীত চাৰিজন মহাকাশচাৰীৰ এজন আছিল।
মহাকাশৰ পৰাই দেশবাসীৰ বাবে প্ৰেৰণ কৰিছিল বাৰ্তা
২০২৫ চনৰ ২৫ জুনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত মহাকাশৰ পৰাই শুভাংশু শুক্লাই দেশবাসীৰ উদ্দেশ্যে বাৰ্তা প্ৰেৰণ কৰিছিল। তেওঁ উল্লেখ কৰিছিল,” নমস্কাৰ, মোৰ প্ৰিয় দেশবাসী। ই আছিল এক অসাধাৰণ অভিযান। ৪১ বছৰৰ পিছত ভাৰতে পুনৰ মহাকাশত পদাৰ্পণ কৰিলে। এই মুহূৰ্তত আমি প্ৰতি ছেকেণ্ডত ৭.৫ কিলোমিটাৰ বেগৰে পৃথিৱীৰ চাৰিওফালে ঘূৰি আছো। মোৰ হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আছে। এই পতাকাখনে মোক সদায় এই কথাই সোঁৱৰাই দিয়ে যে মই আপোনালোক সকলোৰে সৈতে একেলগে আছোঁ।
মোৰ এই যাত্ৰা কেৱল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰাৰ উদ্দেশ্যে নহয়। বৰঞ্চ ইয়াৰ জৰিয়তেই ভাৰতৰ নিজস্ব স্বতন্ত্ৰ ভাৰতীয় মানব মহাকাশ যাত্ৰা কাৰ্যসূচীৰ সূচনা হ’ল (Indian Human Spaceflight Programme)। মই বিচাৰোঁ যে আপোনালোক সকলোৱে এই যাত্ৰাৰ অংশ হওক। আপোনালোকৰ হৃদয় গৌৰৱত ফুলি উঠক।
একেলগে আহক, ভাৰতীয় মানব মহাকাশ যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰোঁ। জয় হিন্দ । জয় ভাৰত!”
অশোক চক্ৰ
অশোক চক্ৰ হৈছে ভাৰতৰ সৰ্বোচ্চ শান্তিকালীন সামৰিক সন্মান। এই সন্মান সাহস আৰু বীৰত্বৰ বাবে প্ৰদান কৰা হয়। সাধাৰণতে সামৰিক বাহিনীৰ লোকক এই সন্মান প্ৰদান কৰা হয় যদিও অসামৰিক লোককো কেতিয়াবা এই সন্মানৰে সন্মানিত কৰা হয় (Ashok Chakra Award India)। এই সন্মান পৰম বীৰ চক্ৰৰ সমান। নায়ক নৰ বাহাদুৰ থাপা, ফ্লাইট লেফটেনেণ্ট সুহাস বিশ্বাস আৰু হাবিলদাৰ বচিত্তৰ সিঙে প্ৰথম ‘অশোক চক্ৰ’ সন্মানৰে সন্মানিত হৈছিল।
লগতে পঢ়কঃ যুদ্ধ বিমান সুৰক্ষাত মুৰ্গী মাংস
