Republic Day Elderly Care in Assam: Food Packets Distributed at Old Age Homeগণৰাজ্য দিৱসত বৃদ্ধা আশ্ৰমত খাদ্যৰ টোপোলা বিতৰণ

মৰিগাঁওঃ দেশজুৰি উলহ মালহেৰে উদযাপন ৭৭ সংখ্যাক গণৰাজ্য দিৱস। ৭৭ সংখ্যক গণৰাজ্য দিৱসত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি প্ৰশংসিত তাহৰীঘাট সম জিলাৰ আয়ুক্ত (Republic Day elderly care Assam)। যি সময়ত জীৱনৰ আটাইতকৈ শেষৰ স্তৰ বৃদ্ধাৱস্থাত নিজ পিতৃ মাতৃয়েই যেন বহুতৰ বাবে হৈ পৰে এক ক’ব নোৱাৰা বোজা স্বৰূপ। কিন্তু বৃ্দ্ধাশ্ৰমত থকা অসহায় লোকৰ কাষত থিয় দিলে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া শিল্পী কলিতাই।

হয়, বহু ব্যস্ততাৰ মাজতো লাহৰী ঘাট সম জিলাৰ আয়ুক্ত শিল্পী কলিতাই মৈৰাবাৰী স্থিত বয়োজ্যেষ্ঠ আশ্ৰমৰ আৱাসী সকলৰ লগত মত বিনিময় কৰাৰ লগতে বহু অসুবিধাৰ মাজতো আশ্ৰম খনৰ সুন্দৰ পৰিচৰ্য্যা দেখি সমাজ সেৱক আজহাৰ উদ্দিন আহমেদৰ লগতে উক্ত বৃদ্ধাশ্ৰম কৰ্তৃপক্ষৰ শলাগ লয়।

বৃদ্ধাশ্ৰমৰ সকলো সুবিধা অসুবিধাৰ বুজ লোৱাৰ লগতে গণৰাজ্য দিৱস উপলক্ষে বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত বিতৰণ কৰ্ খাদ্য টোপোলা। বিভিন্ন ধৰণৰ ফলমূলৰ টোপোলা বিতৰণ কৰে লাহৰীঘাট সমজিলাৰ আয়ুক্ত শিল্পীকা কলিতাই।

হয়, বৃদ্ধা অৱস্থা যেন শিশু অৱস্থাৰ পুনৰাবৃত্তি। বৃদ্ধ লোকৰ চকুযোৰ চালেই অনুমান কৰিব পাৰি, জীৱনৰ বিয়লি বেলাত স্মৃতিৰ পাত লুটিয়াই এৰি অহা দিনৰ স্মৃতি বোৰে বৃদ্ধ লোক এজনক কিমান কাতৰ কৰি তোলে! বেছি সংখ্যকেই হয়তো নিজৰ পৰিয়ালৰ পৰা অৱহেলিত হৈ বৃদ্ধাশ্ৰমত আশ্ৰয় ল’বলগীয়া হৈছে।

সদায় বহু আশাৰে পৰিয়ালৰ কাৰোবাৰ মূখখন চাবলৈ বাট চাই থকা দৃশ্য অতি কষ্টকৰ। বৃদ্ধাশ্ৰমত আহিলে আপুনিও মন কৰিব, শুকান , কৰুণ আৰু কোচ খোৱা ছালৰ মূখনত কিমান গভীৰ আশা লৈ বৃদ্ধাশ্ৰমৰ বেঞ্চত বহি আলিবাটলৈ চকু আবদ্ধ কৰি ৰখা কৰুণ, হতাশাভৰা আৰু নিসংগতাৰ একোখন নিটোল তথা দৈনন্দিন চিত্ৰ।

গণৰাজ্য দিৱসৰ দিনা মৈৰাবাৰীৰ বৃদ্ধাশ্ৰমৰ এইসকল আৱাসীৰ সৈতে কিছু সম. অতিবাহিত কৰি সম জিলা আয়ুক্ত শিল্পী কলিতাই সংবাদ মাধ্যমৰ জড়িয়তে সকলোকে আহ্বান জনায় কয়, “আমাৰ প্ৰত্যেকৰে জীৱনত বয়োজ্যেষ্ঠ লোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেখেত সকলৰ মনত কোনেও কষ্ট নিদিব।”

লগতে পঢ়কঃ সাংবিধানিক গণতন্ত্ৰৰ শক্তি আৰু প্ৰত্যাহ্বান


Advertisement