গুৱাহাটীঃ আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। মংগলবাৰে এখন সংবাদমেলত তেওঁ কয়, “আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ নিৰ্মাণ কৰিব বিচাৰিছে। আমি ইয়াৰ বিৰোধিতা কৰিছো (Akhil Gogoi opposes CM residence Amingaon)। এই বাসগৃহ ২৫ হাজাৰ বৰ্গফুট হ’ব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীৰ তিনিটা চৰকাৰী বাসগৃহ আছেই। তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত কণ্যাধৰাত এটা বাসগৃহ আছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত কণ্যাধৰাৰ বাসগৃহত নাথাকি উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ খাৰঘূলিৰ জাহাজ ঘাটত এটা বাসগৃহ বনালে (Amingaon CM house protest)। সেই বাসগৃহটোক ব্ৰহ্মপুত্ৰ অতিথিশালা বুলি কয়।
লগতে বিধায়ক অখিল গগৈয়ে কয়, “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকালত এই কেইটাত নাথাকি তিনিজন মন্ত্ৰীৰ বাসগৃহ ভাঙিলৈ বহু ধন ব্যয় সাপেক্ষে দিছপুৰতো এটা বাসগৃহ নিৰ্মাণ কৰিলে। এই তিনিটা বাসগৃহ থকাৰ পিছতো এইবাৰ আমিনগাঁৱত পুনৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ নিৰ্মাণ কৰিব বিচাৰিছে। অকল পকা ঘৰটো নিৰ্মাণৰ বাবে ৯ কোটি ৫১ লাখ ৫১ হাজাৰ ৪০৬ টকা ব্যয় হ’ব। আমিনগাঁৱৰ পৰা দিছপুৰলৈ আহিবলৈ মুখ্যমন্ত্ৰীৰ সময় লাগিব । গোটেই পথচোৱা যানজঁটৰ সৃষ্টি হ’ব।”
মুখ্যমন্ত্ৰীৰ সকলো সিদ্ধান্ত টোঘলকী সিদ্ধান্তঃ অখিল গগৈ
মুখ্যমন্ত্ৰীয়ে যিমান সিদ্ধান্ত লয় কোনো সিদ্ধান্ততে অসমৰ কোনো মানুহৰ সন্মতি নাই। তেওঁৰ সকলো সিদ্ধান্ত টোঘলকী সিদ্ধান্ত। তেওঁ বিধায়ক সকলৰো পৰামৰ্শ নলয়। মুখ্যমন্ত্ৰীয়ে ৫০০ কোটি টকা ব্যয় সাপেক্ষে পঞ্চতাৰকা পৰ্যায়ৰ উচ্চ ন্যায়ালয় নিৰ্মাণ কৰিলে। পিচত আকৌ উচ্চ ন্যায়ালয় উত্তৰ-পূব গুৱাহাটীলৈ স্থানান্তৰিত কৰিলে। ফেন্সী বজাৰখন বুলে চাংসাৰিলৈ নিব। য’তে ত’তে যি মন যায় তাকে কৰে। ইখনৰ পিছত সিখন উৰণীয়া সেঁতু নিৰ্মাণ কৰিছে। এবাৰলৈ অসমৰ জনতাক সুধিছে নে ইয়াৰ প্ৰয়োজন আছেনে নাই। নুনমাটিলৈকে নিৰ্মাণ কৰা উৰণীয়া সেঁতুৰ বাবে ব্যৱসায়ী সকলৰ ৫০ শতাংশ ব্যৱসায় কমি গৈছে। চান্দমাৰী বজাৰখন স্থানীয় মানুহৰ বজাৰত পৰিণত হ’ব। অন্য মানুহ উৰণীয়া সেঁতুৰ ওপৰে ওপৰে যাব।
অসমৰ ৰাইজৰ ধনেৰে উপভোগ কৰিছে মুখ্যমন্ত্ৰীয়েঃ
অসমৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ অৱস্থা দুখলগা বুলি মন্তব্য কৰি অখিল গগৈয়ে কয়, “ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি প্ৰসূতি মাতৃৰ মৃত্যু ঘটে অসমত। তদুপৰি নৱজাত শিশুৰ মৃত্যু হোৱা ৰাজ্যৰ ভিতৰত অসমৰ স্থান তৃতীয়। তদুপৰি উচ্চ মাধ্যমিক পৰ্যায়ত ভাৰতবৰ্ষৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অসমত বেছি। এইয়াই অসমৰ স্বাস্থ্য খণ্ডৰ আৰু শিক্ষা খণ্ডৰ অৱস্থা। তাৰ পিছতো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ চাৰিটা। কাৰ্যালয়ৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত কোনোবাই বাসগৃহ নিৰ্মাণ কৰে নেকি? অসমৰ ৰাইজৰ ধনেৰে তেওঁ উপভোগ কৰিছে।” গগৈয়ে লগতে কয়, ” মুখ্যমন্ত্ৰীক সকলো বস্তুৱেই আমিনগাঁৱত লাগে। আই আই টি আমিনগাঁৱত, আই আই এমে আমিনগাঁৱত। তেওঁৰ সমষ্টিৰ এলেকা বাবেই সকলোবোৰ আমিনগাঁৱত হ’ব নেকি?”
অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰঃ
আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ নিৰ্মাণৰ বিৰোধিতা কৰি সংবাদ মাধ্যমত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, “আমিনগাঁৱত এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন নিৰ্মাণ হ’ব। হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাসভৱন নহয়। অখিল গগৈয়ে নিজেই কৈ আছে অহাবাৰ চৰকাৰ নাহে। তেতিয়া হ’লে তেওঁ কিয় এইটো মোৰ বাসভৱন বুলি কৈ আছে। তাৰমানে তেওঁ পৰোক্ষভাৱে স্বীকাৰ কৰিছে যে অসমত ২০২৬ চনৰ নিৰ্বাচনৰ পিছত বিজেপি চৰকাৰ আহিব। তদুপৰি তেওঁ কৈয়ে দিলে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হব। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হওতে চাৰিবছৰ-তিনিবছৰ লাগিব। মই ভাবো এইটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ’ব। “
লগতে পঢ়কঃ প্ৰসংগ ভোট চুৰিঃ বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল অখিল গগৈৰ
