তেজপুৰঃ অসম আন্দোলনৰ ফলশ্ৰুতিত ১৯৯৪ চনত স্থাপিত হোৱা মধ্য অসমৰ গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ অচল অৱস্থা অব্যাহত আছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ অনিয়মৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ শিক্ষক,ছাত্র আৰু কৰ্মচাৰী সকলে যোৱা ২২ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে(Tezpur University protest)।
প্ৰথম অৱস্থাত জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিচত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাকলৈ উপাচাৰ্য আৰু শিক্ষাৰ্থীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়খনত দীৰ্ঘদিন ধৰি চলি থকা অব্যৱস্থা, অস্বচ্ছতা আৰু উপাচাৰ্যৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ হয়। এনে প্ৰতিবাদৰ মাজতেই যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা উপাচাৰ্য শম্ভুনাথ সিং পলাতক অৱস্থাত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱন, একাডেমীক ভৱনো বন্ধ কৰাৰ লগতে অভিযুক্ত উপাচাৰ্য জনৰ অপসাৰণৰ দাবী উত্থাপন কৰি বিশ্ববিদ্যালয়খনৰ মূল তোৰণো বন্ধ কৰি দিয়ে।
কাৰ্যতঃ বিশ্ববিদ্যালয়খনৰ এনে অচল অৱস্থাকলৈ ৰাজ্যৰ বৌদ্ধিক মহল চিন্তিত হৈ পৰিছে। ইতিমধ্যে অসম সাহিত্য সভাই এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণৰে বিষয়টো সু মীমাংসা কৰাৰ আহ্বান জনাইছে।
আনকি অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা যোৱা ২৯ নৱেম্বৰত কংগ্ৰেছে তেজপুৰ বিশ্ববিদ্যালয় সম্পৰ্কত আলোচনা বিচাৰিছিল যদিও অধ্যক্ষই নিদিয়াত কংগ্ৰেছী বিধায়ক সকলে সদন ত্যাগ কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছে যোৱা ৮ ডিচেম্বৰত গুৱাহাটীৰ চি বি আই কাৰ্যালয়ৰ দুৰ্নীতি বিৰোধী শাখাত বিতৰ্কিত উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে তদন্ত বিচাৰি স্মাৰক পত্ৰও প্ৰদান কৰিছিল। অন্যহাতেদি যোৱা ৬ ডিচেম্বৰত বিশ্ববিদ্যালয়ৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা সচিব তথা বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধ্যক্ষ ডঃ বিনীত যোশী,সৌম্যয় গুপ্তা বিশ্ববিদ্যালয়খনত উপস্থিতি হৈছিল।
তেওঁলোকে শিক্ষক,ছাত্র তথা কৰ্মচাৰী সকলৰ লগত আলোচনাতো মিলিত হৈছিল। তেওঁ সমস্যা সমাধানৰ আশ্বাসো দিছিল। কিন্তু এই আলোচনা ফলৱতী নহল। ফলত উপাচাৰ্য বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। সোমবাৰে (১৫ ডিচেম্বৰ) এই প্ৰতিবাদে ৮৬ দিন অতিক্ৰম কৰে। যোৱা ৬ ডিচেম্বৰত উচ্চ শিক্ষা সচিবে দি যোৱা আশ্বাস সমূহ কাৰ্যকৰী কৰাৰ দাবীত ১৫ ডিচেম্বৰত শিক্ষক,ছাত্র,কৰ্মচাৰী সকলে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজা পৰ্যন্ত অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
অন্যহাতেদি তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলন সন্দৰ্ভত আৰু প্ৰতিবাদকাৰীৰ দাবীৰ সন্দৰ্ভত ৰাইজক অবগত কৰিবলৈ অহা ১৯ ডিচেম্বৰত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত এখন গণ অভিবৰ্তন অনুষ্ঠিত হব বুলিও বিশ্ববিদ্যালয়ৰ ছাত্র এজনে কয়। তেওঁ দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ নকৰালৈকে আন্দোলন চলি থাকিব বুলিও উল্লেখ কৰে।

