নগাঁওঃ অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি মিঞা বিতৰ্ক সন্দৰ্ভত এটা ৱেৱ পৰ্টেলত প্ৰকাশিত এক বাতৰি অস্বীকাৰ কৰে (Assam Sahitya Sabha Miya Controversy)। মিঞা বাতৰ্ক আৰু এটা পৰ্টেলৰ বাতৰি সন্দৰ্ভত সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই কয় -গৰৈমাৰীৰ সভা বা সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী বা চৰকাৰৰ বিপক্ষে কোনো মন্তব্য কৰা নাছিলোঁ। মোৰ বক্তব্যত মুখ্যমন্ত্ৰী বা চৰকাৰৰ কথা উচ্ছাৰণ কৰা হোৱা নাছিল।
কিন্তু এটা পৰ্টেলত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই কামৰূপ জিলাৰ ছয়গাঁৱৰ এক ধৰ্মীয় সংখ্যালঘু এলেকাত স্থানীয় সাহিত্য সভাৰ এক অনুষ্ঠানত ২৫ জানুৱাৰীত অংশগ্ৰহণ কৰি ‘ মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাত ভৰি নিদিবলৈ আহ্বান অসম সাহিত্য সভাৰ’ , ‘চৰাঞ্চলৰ মুছলমান অসমীয়া’, ‘ মুখ্যমন্ত্ৰীৰ মিঞা নেৰেটিভ নস্যাৎ অসম সাহিত্য সভাৰ’ আৰু ‘মিঞা এটি ৰাজনৈতিক শব্দ’ বুলি মন্তব্য কৰা বুলি প্ৰকাশ পাইছিল। এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সমগ্র ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
ইয়াৰ পিছতে মঙলবাৰে সন্ধিয়া নগাঁৱত সংবাদ মেল আয়োজন কৰি পদুম ৰাজখোৱাই নিজৰ মত প্ৰকাশ কৰে। সংবাদ মেলত ৰাজখোৱাই নিজৰ ভাষণত মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ কথা উচ্ছাৰণেই কৰা নাছিল বুলি মন্তব্য কৰি কয় যে, অসত্য উপস্থাপন বা ভুল ব্যাখ্যা হোৱাটো উচিত নহয়। মই কোনো ৰাজনৈতিক ব্যক্তি নহয়। অসম সাহিত্য সভাও ৰাজনৈতিক মঞ্চ নহয়। গতিকে ৰাজনীতি আমাৰ ধৰ্ম নহয় । আমি বিচাৰোঁ শান্তি-সম্প্ৰীতিৰে ভৰা এখন সমাজ । সেই ইতিবাচক চিন্তাৰে আছিল মোৰ বক্তব্য। কিন্তু অসত্য উপস্থাপন হৈছে । ইয়াত শিৰোনাম কৰা প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ শাৰী মই নোকোৱা কথা ।
লগতে ৰাজখোৱাই কয়, “এনেদৰে, ভৈয়ামত থাকক, পৰ্বতত থাকক বা চৰ অঞ্চলত থাকক ,অসমত বসবাস কৰা অসমীয়া ভাষা সাহিত্যক ভাল পোৱা অসমত বসবাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকেই অসমীয়া । সেই অৰ্থত চৰ অঞ্চলৰ মুছলমানসকলো অসমীয়া । মই তেওঁলোকক অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে বুকুত ঠাই দিয়ক বুলি আহ্বান জনাইছিলো। জুবিন গাৰ্গে কোৱাৰ দৰে অসম সাহিত্য সভাত কোনো ধৰ্ম নাই, কোনো ভাষা নাই, কোনো জাতি নাই বুলিও উল্লেখ কৰিছিলোঁ। ৰাজনীতিৰ কথা সুকীয়া , সমাজনীতিও সুকীয়া ।
সমাজ নীতিয়ে কয়,আমি সকলোৱে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থাকিব লাগিব বুলি উল্লেখ কৰি ৰাজখোৱাই কয় যে, ৰাজনীতিয়ে ৰাজনীতি কৰিব। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ কাম কৰি যাব। কিন্তু সমাজনীতি সুকীয়া। চৰাঞ্চলৰ লোক সকলক অসমীয়া হৈ থাকক। অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰক।
অসমীয়া ভাষাক মান্যতা দিয়ক আদি কথা মই উল্লেখ কৰিছিলো বুলি উল্লেখ কৰি ৰাজখোৱাই কয় যে, শিশু সকলৰ ভবিষ্যত সুৰক্ষিত হব লাগিব। তেওঁলোকৰ বিকাশৰ বাবে সকলোৱে কাম কৰিব লাগিব। ভাষা সাহিত্যৰ বিকাশৰ হকে কাম কৰাৰ বাবে তেওঁলোকক আহ্বান জনোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আন কোনোবাই প্ৰৰোচিত কৰিব বিচাৰিলে তাক সুযোগ দিব নালাগে। চৰাঞ্চলৰ যুৱক – যুৱতীয়ে অসমীয়া কৃষ্টি – সংস্কৃতি আয়ত্ব কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় – চৰাঞ্চলত অসমীয়া ভাষাৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছে। বাল্য বিবাহৰ কু প্ৰভাৱৰ বিৰুদ্ধেও সভাখনত উল্লেখ কৰিছিলোঁ। মুখ্যমন্ত্ৰী বা চৰকাৰক আমি সময়ে সময়ে ভাল কামৰ বাবে আদৰণি জনাই আহিছো।
অৱশ্যে কিছু কথাত সাহিত্য সভাই চৰকাৰক আহ্বান জনাই অহাৰ কথা উল্লেখ কৰি গুৱাহাটী কলাক্ষেত্ৰত দামোদৰ দেৱৰ নামত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰটো আদৰণীয় বুলি উল্লেখ কৰি তেওঁ অসত্য বাতৰি উপস্থাপন কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।
লগতে পঢ়কঃ মিঞাসকল কষ্ট পায়েই থাকিব: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

