গুৱাহাটীঃ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক এইবাৰ উভতি ধৰিলে সদৌ অসম ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুক সমালোচনা কৰা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক এইবাৰ কৌতুক আখ্যা দি কটাক্ষ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগতে সংঠনটোৰ মূখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই (Akhil Gogoi AASU Controversy)।
অখিল গগৈয়ে ছাত্ৰ সন্থাক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, “অখিল গগৈ এটা কৌতুকৰ নাম। অখিল গগৈয়ে যিবোৰ কথা কৈছে সেয়া হৈছে প্ৰলাপ। প্ৰলাপৰ কোনো উত্তৰ নাথাকে, প্ৰত্যুত্তৰো নাথাকে। কিবা প্ৰশ্নৰ উত্তৰ থাকে, কাৰোবাৰ মন্তব্যৰ প্ৰত্যুত্তৰ থাকে। কিন্তু প্ৰলাপ বা কৌতুকৰ কোনো উত্তৰ বা প্ৰত্যুত্তৰ নাথাকে। অখিল গগৈয়ে যিখিনি কৈছে সেইখিনি প্ৰলাপ।”
অখিল গগৈয়ে আছু নেতাৰ বিজেপিৰ সৈতে মিতিৰালি আছে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, “বিজেপিৰ সৈতে কাৰ মিতিৰালি আছে সেয়া ৰাইজে দেখি আছে। অখিল গগৈয়ে কোনকেইটা বিশেষ সমষ্টিত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে সেয়াও ৰাইজে দেখি আছে। বিশেষে সমষ্টি কেইটাত ভোট বিভাজন কৰি অখিল গগৈয়ে কাক সহায় কৰিব বিচাৰিছে সেয়াও ৰাইজে দেখি আছে। অখিল গগৈৰ কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই। অখিল গগৈ বাওঁপন্থী। তেওঁ আঞ্চলিকতাবাদ অথৱা জাতীয়তাবাদৰ মুখা এখন পিন্ধি আছে। অখিল গগৈৰ পৰা ছাত্ৰ সন্থাৰ জাতীয়তাবাদ শিকিব লগা নাই। সংখ্যালঘু মহিলাই সাৱটি ধৰিলে নিৰাপত্তাৰ চুমা যচাটো জাতীয় দায়ত্ব বুলি ভৱা অখিল গগৈৰ পৰা জাতীয়তাবাদ শিকিলে আছুৰ জাতীয়তাবাদ বাদ পৰিব।”
বিধায়ক অখিল গগৈক উভতি ধৰি আছুৰ মূখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যয়ো অখিল গগৈক বাওঁপন্থী নেতা আখ্যা দি অখিল গগৈৰ প্ৰলাপৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে।
লগতে পঢ়কঃ আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণৰ বিৰোধিতা অখিল গগৈৰ
