নেশ্যনেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বলৈ বুধবাৰে আদালতে এজন বিজেপি নেতাক তিৰস্কাৰ কৰে। বিজেপি নেতাজন হৈছে ভিগ্নেশ শিশিৰ (Rahul Gandhi dual citizenship case)।
উল্লেখযোগ্য যে বিজেপি নেতা জনে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ভাৰতৰ লগতে ব্ৰিটেইনটো নাগৰিকত্ব থকাৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল। বুধবাৰে লক্ষ্ণৌৰ বিশেষ সাংসদ-বিধায়ক আদালতে সেই এই অভিযোগ খাৰিজ কৰে। লগতে ন্যায়াধীশ গৰাকীয়ে অভিযোগকাৰী কৰ্ণাটকৰ বিজেপি নেতা ভিগ্নেশ কুমাৰক তিৰস্কাৰো কৰে।
বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ এই গোচৰ প্ৰথমে ৰায়বেৰেলীৰ বিশেষ সাংসদ-বিধায়ক আদালতত দাখিল কৰা হৈছিল। পিছত নিৰাপত্তাৰ কথা বিবেচনা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে গোচৰটো লক্ষ্ণৌৰ বিশেষ আদালতলৈ স্থানান্তৰ কৰে। অভিযোগকাৰী বিজেপি নেতাজনে তেওঁৰ হাতত ৰাহুল গান্ধীৰ দ্বিনাগৰিকত্বৰ তথ্য পাতি থকা বুলিও অবগত কৰিছিল।
অভিযোগকাৰী বিজেপি নেতাজনে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা আৰু ১৯২৩ চনৰ অফিচিয়েল ছিক্ৰেটছ এক্টৰ অধীনত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ লগতে তেওঁৰ ভাৰতীয় নাগৰিকত্ব বাতিল কৰাৰো দাবী কৰিছিল।
যোৱা ১৪ জানুৱাৰীত আঠ দিনৰ শুনানি সম্পূৰ্ণ কৰাৰ পিছত বিশেষ আদালতৰ ন্যায়াধীশ অলোক বৰ্মাৰ আদালতে বুধবাৰে সেই গোচৰটো খাৰিজ কৰে। ন্যায়াধীশ অলোক বৰ্মাৰ মতে, “নাগৰিকত্বৰ বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা এই আদালতৰ নাই। এই মামলা মূলতঃ আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰহে।”
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, কিছুদিন পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়েও ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব সন্দৰ্ভত এটা গোচৰ খাৰিজ কৰিছিল।
উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ পূৰ্বেও একাধিকবাৰ প্ৰশ্ন উত্থাপন কৰিছে বিজেপি নেতাই। ইয়াৰ পূৰ্বে বিজেপি নেতা সুব্ৰহ্মণ্যন স্বামীয়ে একেটা প্ৰসংগতে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল। স্বামীৰ দাবী আছিল যে ব্ৰিটিছ সংস্থা ব্যাকপ্ছ লিমিটেডৰ জৰিয়তে ২০০৫ আৰু ২০০৬ চনত ৰাহুলে দাখিল কৰা বাৰ্ষিক ৰিটাৰ্ণ সম্পৰ্কীয় নথিসমূহেই তেওঁৰ ব্ৰিটেইনৰ নাগৰিকত্বৰ প্ৰমাণ।
ইয়াৰ উপৰিও ইংলেণ্ডত ৰাহুলৰ নামত থকা এটা কোম্পানিৰ ঘোষণা-পত্ৰত তেওঁ নিজকে ইংলেণ্ডৰ নাগৰিক হিচাপে উল্লেখ কৰিছে বুলিও অভিযোগ কৰিছিল। ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি দাবী উত্থাপন কৰি তেওঁৰ মনোনয়ন বাতিলৰ দাবীও উত্থাপিত হৈছিল একাধিকবাৰ ।
বিজেপি নেতাসকলে পূৰ্বতে বহু বাৰ ৰাহুল গান্ধীক বিদেশী নাগৰিক হিচাপে প্ৰমাণ কৰাৰ চেষ্টা চলালেও কেন্দ্ৰীয় চৰকাৰে বিষয়টোত বিশেষভাৱে মন্তব্য কৰা দেখা নাই। বৰঞ্চ কেন্দ্ৰীয় চৰকাৰে বিষয়টো এৰাই চলা হে দেখা গৈছে।
