গুৱাহাটীঃ ক্ৰমশঃ ধূসৰ হৈ পৰিছে বিৰোধী শিবিৰৰ মিত্ৰতা। নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত ৰাজ্যৰ বিৰোধী দলসমূহে মিত্ৰতাৰ ক্ষেত্ৰত কোনোধৰণৰ ঐক্যমত উপনিত হ’ব পৰা নাই (pposition Alliance Assam)। ইয়াৰ বিপৰীতে পুনৰ শাসনলৈ আহিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ইয়াৰ বিপৰীতে মুখ্য বিজেপিক শাসনৰ পৰা আঁতৰাব বুলি হুংকাৰ দিলেও বিৰোধী দলসমূহ ঐক্যবদ্ধ হ’ব পৰা নাই। মিত্ৰতাৰ ক্ষেত্ৰত তেওঁলোকে অদ্যপি কোনো উত্তৰ উলিয়াব পৰা নাই।
নিশ্চিতভাৱে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব নিৰ্বাচনত। উল্লেখযোগ্য যে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইকে ধৰি বহু কেইজন বিশিষ্ট নাগৰিকৰে গঠিত নাগৰিক সভাই বিৰোধী দলসমূহৰ মাজত মিত্ৰতা হ’বলৈ বাৰে বাৰে আহ্বান জনাই আহিছে। তাৰ পিছতো নিৰ্লিপ্তহৈ আছে কংগ্ৰেছ।
ইতিমধ্যেই বিৰোধী দলসমূহৰ অন্যতম অংশীদাৰ ৰাইজৰ দলে অহা এক ফেব্ৰুৱাৰীত মিত্ৰতা সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। কেইটামান দিন পূৰ্বে ৰাইজৰ আয়োজন কৰা এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো দি শইকীয়াই উজনি অসম, মধ্য অসম, নামনি অসম, বি টি এছ ডি আৰু বৰাকত ৰাইজৰ দলক আসন দিয়াৰ আহ্বান জনাইছিল। কিন্তু কংগ্ৰেছে ৰাইজৰ দলক মাত্ৰ তিনিটা সমষ্টিহে দিব বিচাৰে। এটা সূত্ৰৰ মতে কংগ্ৰেছে ৰাইজৰ দলক শিৱসাগৰ, মানস-চেৰফাং আৰু চিচিবৰগাঁও সমষ্টিহে এৰি দিব বিচাৰে। তদুপৰি ৰাইজৰ দলে কোনো ধৰণৰ সাংগঠনিক তৎপৰতা অৱলম্বন নকৰা হোজাই, উদৰবণ্ড, বাক্সা, হাইলাকান্দি আদিহে কংগ্ৰেছে এৰি দিব বিচাৰে। ৰাইজৰ দলে ধিং, মৰিয়নি, নাওবৈচা, মাৰ্ঘেৰিটা,ডিগবৈ, ডিমৌ, হৰেশ্বৰ, মন্দিয়া আদি বিধানসভা সমষ্টি বিচাৰিছিল।
ইপিনে অসম জাতীয় পৰিষদক কংগ্ৰেছে সাতটা সমষ্টি দিব বিচাৰে। সেই কেইটা হৈছে খোৱাং, শদিয়া, মৰিগাঁও, পলাশবাৰী, ডিব্ৰুগড়, বজালী, গুৱাহাটী কেন্দ্ৰীয় । কিন্তু অসম জাতীয় পৰিষদে বঢ়মপুৰ, বিন্নাকাণ্ডি, মহামায়া,চেঙা, সৰুপথাৰ, দক্ষিণ কৰিমগঞ্জ আদি সমষ্টিও বিচাৰিছিল। কংগ্ৰেছে এই সমষ্টি সমূহৰ বিপৰীতে দলটোৰ সাংগঠনিক তৎপৰতা নথকা কলিয়াবৰ, তামোলপুৰ, কোকৰাঝাৰ আদি সমষ্টিহে অতিৰিক্ত ভাবে কংগ্ৰেছে এৰি দিব বিচাৰে। অৰ্থাৎ ডাঙৰ দল বুলি গপতে গঙা টোপ হৈ থকা কংগ্ৰেছে সৰু দল সমূহক গুৰুত্ব দিব বিচৰা নাই।
অন্যহাতেদি মিত্ৰতাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ৩১ জানুৱাৰীৰ ভিতৰত ল’বলৈ ৰাইজৰ দলে কংগ্ৰেছক আহ্বান জনাইছিল। কিন্তু ৩১ জানুৱাৰী পৰ্যন্ত প্ৰধান বিৰোধী দল কংগ্ৰেছে চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰিলে। তৎসত্ত্বেও ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অদ্যপি মিত্ৰতাকলৈ আশাবাদী।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমক কয়, মিত্ৰতা যিমান খৰকৈ আগবাঢ়িব লাগিছিল, সেইটো হোৱা নাই। আশা কৰিম সোনকালে কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’ব। এই সম্পৰ্কে আলোচনা কৰিবলৈ এক তাৰিখৰ দিনা জৰুৰী কাৰ্যনিৰ্বাহক এখন আহ্বান কৰিছো। সেই দিনাই সংবাদমেলৰ জৰিয়তে মিত্ৰতা সম্পৰ্কে আমাৰ যি কথা ৰাইজক জানিবলৈ দিম। আমি আদৰ্শগত ভাবে যিবোৰ দল বিজেপি বিৰোধী সকলো একেলগ হম।
ইপিনে মিত্ৰতা নহ’লে কংগ্ৰেছ অকলে জিকিব নোৱাৰে বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয়, আমি ৰাইজৰ দলক ক’ত এডজাষ্ট কৰিব পাৰি উলিয়াই আছো। যোৱাবাৰ আমি আসন দিছিলো। তেওঁলোক সেই আসনত শোচনীয় হৈছিল। তেওঁলোকে নিজকে বহুত ডাঙৰ বুলি ভবাটোও ভুল।
অন্যহাতেদি ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰে সামাজিক মাধ্যমত ‘অসন্মানজনক! আমি মেৰুদণ্ডহীন নহয়’ বুলি লিখা পোষ্টেও তাৎপৰ্যপূৰ্ণ বহন কৰিছে।
এনেদৰেই বিৰোধী ঐক্য মাজত মিত্ৰতা সম্পৰ্কত সহমত নোহোৱাৰ সময়তে চি পি আই আৰু এ পি এইচ এল চিয়ে প্ৰাৰ্থী ঘোষণা কৰে। এই পি এইচ এল দিয়ে ঘোষণা কৰামতে কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিত বিক্ৰম হাঞ্চে, বোকাজানত চেভেন টেৰণ আৰু ডিফু সমষ্টিত দলটোৰ সভাপতি জন ইংতি কাছাৰ। আনপিনে চি পি আই দলেও ইতিমধ্যেই প্ৰাৰ্থী ঘোষণা কৰিছে।
অৱশ্যে দুটাকৈ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত ডাঙৰ দল বুলি গপতে গঙা টোপ হৈ থকা কংগ্ৰেছ নেতৃত্বৰ গা লৰে। দলটোৰ নেতৃত্বই বৃহস্পতিবাৰে বিৰোধী দলৰ একাংশ নেতাৰ সৈতে গোপন বুজাবুজিত বহে বুলিও এটা সূত্ৰত প্ৰকাশ। কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই মিত্ৰতাৰ ক্ষেত্ৰত পলম হোৱাৰ বাবে মিত্ৰদেৱ সমূহ অসন্তুষ্ট হোৱাৰ কথা স্বীকাৰ কৰি মিত্ৰতা হ’ব বুলি দৃঢ়তাৰে কয়। তেওঁ ২৬খন আসন বিৰোধী মিত্ৰদেৱ সমূহৰ বাবে মুকলি ৰখাৰ কথা কয়।
কিন্তু ইয়াৰ মাজতে আসন বুজাবুজিকলৈ বিৰোধী দল সমূহ ঐক্যমতত উপনিত হ’ব নোৱাৰাৰ বাবেই মিত্ৰতা ক্ৰমে জটিল হৈ পৰিছে। বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিৰোধীয়ে বিচৰা দৰে আসন এৰি দিব নিবিচৰা বাবেই এই জটিলতা আহি পৰিছে।
লগতে পঢ়কঃ ৰেজাউল কৰিম সৰকাৰক লৈ বিভাজনৰ দিশে অসম কংগ্ৰেছ
