নগাঁওঃ পুনৰনিৰ্মাণৰ বাবে প্ৰায় এটা পষেক বন্ধ ৰখাৰ পাছত শনিবাৰৰ পৰা পুনৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ (Mahamrityunjay Temple Reopens)। শনিবাৰে পুৱাই মহামৃত্যুঞ্জয় মন্দিৰৰ ট্ৰাষ্টি ৰিণিকি ভূঞা শৰ্মাই যজ্ঞৰ শুভাৰম্ভ কৰাৰ পাছতেই ভক্তৰ বাবে মুকলি কৰি দিয়া হয় মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ (Riniki Bhuyan Sharma)।
চলিত মাহৰ ১৬ তাৰিখৰ পৰা মন্দিৰৰ কিছু অংশ পুনৰ নিৰ্মাণ কাৰ্যৰ বাবে ভক্তৰ লগতে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ। প্ৰায় এটা পষেক বন্ধ থকাৰ পাছত শনিবাৰে পুনৰ বিশ্বৰ সৰ্বসৃহৎ মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয় ভক্তৰ লগতে পৰ্যটক বাবে।
বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত নগাঁৱৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰাৰ পাছতেই পুৱাৰ পৰাই বিভিন্ন প্ৰান্তৰ অগণন ভক্তপ্ৰাণ লোকৰ সমাবেশ ঘটিছে মহাদেৱৰ আশীষ লবলৈ। মন্দিৰৰ নিৰ্ধাৰিত পুনৰনিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত শনিবাৰৰ পৰা পুনৰ ভক্তপ্ৰাণ জনতাৰ বাবে মন্দিৰভাগ মুকলি কৰি দিয়া হয়।
উল্লেখযোগ্য যে, মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পূৰ্বেই শনিবাৰে পুৱাৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাঙ্গণত আৰম্ভ হৈছে মহামৃত্যুঞ্জয় যজ্ঞ। পুৱা স্থানীয় বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত মহামৃত্যুঞ্জয় মন্দিৰৰ ট্ৰাষ্টি ৰিণিকি ভূঞা শৰ্মাই মহামৃত্যুঞ্জয় যজ্ঞৰ শুভাৰম্ভ কৰে। মহামৃত্যুঞ্জয় যজ্ঞও আৰম্ভ হোৱা মহামৃত্যুঞ্জয় মন্দিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও বহু ভক্তই এই পৱিত্ৰ যজ্ঞ আৰু দৰ্শনৰ বাবে উপস্থিত হোৱা পৰিলক্ষিত হৈছে (Mahamrityunjay Yagya)। মন্দিৰ প্ৰশাসনে ভক্তসকলৰ সুবিধাৰ্থে পুৰ্বৰ দৰেই শৃংখলাবদ্ধ ব্যৱস্থাও গ্ৰহণ কৰিছে।
নগাঁও জিলাত অৱস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে বিশেষ গুৰুত্ব লাভ কৰিছে (World’s Largest Shivling Temple)। প্ৰায় ১২৬ ফুট উচ্চতাৰ এই বিশাল শিৱলিংগাকাৰ মন্দিৰটো আধুনিক স্থাপত্য কলা আৰু আধ্যাত্মিক চেতনৰ অপূৰ্ব সংমিশ্ৰণ।
এই মন্দিৰটো ধৰ্মীয় উপাসনাৰ উপৰিও নগাঁও জিলাৰ এক অন্যতম ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপেও পৰিচিত হৈছে। শিৱভক্তৰ লগতে পৰ্যটকসকলৰ বাবে এই মন্দিৰে বিশেষ আকৰ্ষণ সৃষ্টি কৰি আহিছে। মহাশিৱৰাত্ৰি, শ্ৰাৱণ মাহ আৰু বিশেষ যজ্ঞ-অনুষ্ঠানৰ সময়ত ইয়াত লক্ষাধিক ভক্তৰ সমাগম হয়।
প্ৰায় এটা পষেক বন্ধ হৈ থকাৰ পাছত বিশ্ব সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে পুনৰ মুকলি কৰি দিয়াত উৎফুল্লিত হৈ পৰিছে ভক্তসকল (Nagaon Mahamrityunjay Mandir)।
লগতে পঢ়কঃ ৩১ জানুৱাৰীলৈ বন্ধ থাকিব নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ
