Communal Harmony in Juria: A Powerful Example of Hindu-Muslim Unity in Assamহিন্দু-মুছলমানৰ ৰাজনীতিৰ মাজতে জুৰীয়াত সম্প্ৰীতিৰ অনন্য নিদৰ্শন

নগাঁওঃ হিন্দু মুছলমানৰ ৰাজনীতিয়ে একপ্ৰাকৰ অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ জনতাক। ৰাজনীতি হাজাৰ ভাগ কৰিলেও জুবিন গাৰ্গৰ অদৰ্শৰে যেন বহুতেই জীয়াই ৰাখিছে সম্প্ৰীতি। জুবিন গাৰ্গৰ অসমত যেন বিনষ্ট হ’বলৈ দিয়া নহয় সম্প্ৰীতিৰ এনাজৰী (Communal Harmony in Juria)।

হিন্দু-মুছলমানৰ মাজত বিভেদমূলক ৰাজনীতি আৰু ঘৃণাৰ ভাষাই শিৰোনাম দখল কৰিছে, ঠিক তেনে সময়তে নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ পৰা আহিছে এক ইতিবাচক, মানৱীয় আৰু সম্প্ৰীতিৰ অনন্য নিদৰ্শনৰ এক খবৰ। জুৰীয়াই পুনৰবাৰ প্ৰমাণ কৰিলে যে অসমীয়া সমাজৰ মূল শক্তি হ’ল সম্প্ৰীতি, সহানুভূতি আৰু সমন্বয় (Hindu Muslim Unity in Assam)।

জুৰীয়াৰ দগাঁও গাঁৱৰ সূৰ্য্য বৰা নামৰ এজন অকলশৰীয়া যুৱকৰ আকস্মিক মৃত্যুত সমগ্ৰ গাঁও শোকত নিমজ্জিত হৈ পৰে। পৰিয়ালৰ ঘনিষ্ঠ লোকৰ অভাৱত যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। কিন্তু এই দুখৰ সময়তে আগবাঢ়ি আহিল গাঁওখনৰ হিন্দু-মুছলমান উভয় সমাজ (Assam communal harmony)।

গাঁৱৰ ৰাইজৰ লগতে স্থানীয় মুছলমান সমাজৰ লোকসকলে সূৰ্য্য বৰাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সকলো দায়িত্ব নিজ হাতে লয়। কেৱল উপস্থিত থাকিয়েই নহয়, নিশা এপৰলৈকে মুছলমান সমাজৰ লোকসকলে শ্মশানত থাকি অন্ত্যেষ্টিক্ৰিয়াৰ যাৱতীয় সকলো কৰ্ম সম্পন্ন কৰাত সহায় কৰে (Hindu Muslim brotherhood)। শোকাকুল পৰিৱেশত তেওঁলোকৰ এই নিঃস্বাৰ্থ সহায়তাই বহুজনৰ চকুলোৰে অশ্ৰু নিগৰায়।

ধৰ্ম, জাতি বা ৰাজনৈতিক বিভাজনক আঁতৰাই ৰাখি মানুহে মানুহৰ কাষত থিয় দিয়াৰ এই দৃশ্যই দগাঁও গাঁৱক এক অনন্য দৃষ্টান্ত হিচাপে আগবঢ়াই তুলিছে। স্থানীয় ৰাইজে কয় যে, দুখ-বিপদত একেলগে থিয় দিয়াটোৱেই অসমীয়া সমাজৰ পৰম্পৰা, আৰু সেই পৰম্পৰাক জুৰীয়াই পুনৰ জীৱন্ত কৰি তুলিলে। আমি জুবিন গাৰ্গে দেখুওৱাই যোৱা বাটেৰেই আগবাঢ়ি গৈছো।

এই ঘটনাই স্পষ্টভাৱে প্ৰমাণ কৰে যে ৰাজনৈতিক বিভাজনৰ বিপৰীতে সাধাৰণ মানুহৰ হৃদয়ত আজিও জীয়াই আছে সম্প্ৰীতি আৰু সহমৰ্মিতা। জুৰীয়াৰ এই ঘটনাই সমাজক মানৱতা সকলো ধৰ্মৰ ওপৰত, আৰু একতাৱেই সমাজৰ সৰ্ববৃহৎ শক্তিৰ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।

লগতে পঢ়কঃ Batadrava Cultural Project: ১ ফেব্ৰুৱাৰীত দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প


Advertisement