নেশ্যনেল ডেস্কঃ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ আজি চতুৰ্থ দিন। শনিবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ উপমুখ্যমন্ত্ৰী হিচাপে প্ৰয়াত উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে দায়িত্ব গ্ৰহণ কৰে (Sunetra Pawar Deputy Chief Minister)। উল্লেখযোগ্য যে, অজিত পাৱাৰ জীৱিত কালত পাৱাৰ নেতৃত্বাধীন এন চি পি আৰু তেওঁৰ খুৰাক শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি ( এচ পি) একত্ৰিত হব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছিল। অজিত পাৱাৰৰ মৃত্যুৰ পিছত এই দুয়োটা দল পুনৰ একত্ৰিত হ’ব নে? এই প্ৰশ্ন উত্থাপিত হৈছে।
উপমুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ অজিত পাৱাৰৰ পত্নীৰ
মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ যোৱা বুধবাৰে বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে শণিবাৰে শপতগ্ৰহণ কৰে অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপমুখ্যমন্ত্ৰী (Maharashtra First Woman Deputy CM) । জানিব পৰা মতে এনে চি পি-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পাটেল আৰু দলৰ অন্যান্য নেতাসকলে অজিত পাৱাৰৰ মৃত্যুৰ পিছত পৃথকভাৱে সুনেত্ৰা পাৱাৰৰ সৈতে আলোচনাত মিলিত হয়। সেই আলোচনাৰ পিছতেই অজিত পাৱাৰৰ মৃত্যুৰ পিছত উপমুখ্যমন্ত্ৰী হিচাপে সুনেত্ৰাকেই নিযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি এনে চি পি দলৰ প্ৰভাৱশালী নেতা সদ্য প্ৰয়াত অজিত পাৱাৰৰ পৰিয়ালৰ দুৰ্গ হিচাপে পৰিচিত বাৰামতিৰ পৰা সুনেত্ৰা পাৱাৰক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাৰো সিদ্ধান্ত লয় দলটোৰ নেতৃবৰ্গই। এই বাৰামতিৰ পৰাই অজিত পাৱাৰে সাতবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
কোন এই সুনেত্ৰা পাৱাৰঃ
মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ গ্ৰহণ কৰা সুনেত্ৰা পাৱাৰ কেৱল প্ৰয়াত এনে চি পি নেতা অজিত পাৱাৰৰ পত্নীয়েই নাছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ এগৰাকী সমাজকৰ্মীও।
১৯৬৩ চনত ওসমানাবাদত (বৰ্তমান ধাৰাশিৱ) সুনেত্ৰা পাৱাৰৰ জন্ম হৈছিল । তেওঁ এটা মাৰাঠা পৰিয়ালৰ কণ্যা। তেওঁৰ পৰিয়ালটোও এটা ৰাজনৈতিক পৰিয়াল আছিল ।সুনেত্ৰাৰ পিতৃ বাজিৰাও পাতিল এগৰাকী প্ৰতিষ্ঠিত স্থানীয় ৰাজনৈতিক নেতা আছিল। তেওঁৰ ভাতৃ পদ্মসি্হ বাজিৰাও পাতিলো ১৯৮০ দশকত এগৰাকী শক্তিশালী ৰাজনৈতিক ব্যক্তিত্ব আছিল।
সুনেত্ৰাই ১৯৮৩ চনত ঔৰংগাবাদৰ এচ বি কলা আৰু বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ডিচেম্বৰ ১৯৮৫ চনত তেওঁ অজিত পাওৱাৰৰ সৈতে বিবাহবন্ধনত আবদ্ধ হৈছিল।
২০০৬ চনৰ পৰা, সুনেত্ৰা পাৱাৰে বাৰামতি Hi-tech Textile Park Ltd-ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ সংহত টেক্সটাইল উদ্যান আঁচনিৰ অধীনস্থ অভিলাসী বস্ত্ৰ উৎপাদন প্ৰকল্প। সুনেত্ৰা পাৱাৰে মহাৰাষ্ট্ৰৰ ৮৬ খন গাঁৱত Nirmal Gram (নিৰ্মল গাঁও) অভিযানত আত্ম সহায়ক গোট আন্দোলনৰ নেতৃত্ব দিছিল।
২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ এন ডি এ সমৰ্থিত প্ৰাৰ্থী হিচাপে বাৰামতি লোক সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে তেওঁ এন চি পি (এচ পি) নেতা সুপ্ৰিয়া ফুলেৰে হাতত পৰাজিত হৈছিল। ২০২৪ চনত তেওঁ মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।
অৱশেষত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ তিনিদিন পিছত তেওঁৰ পত্নী সুনেত্ৰা পাৱাৰে মহাৰাষ্ট্ৰত এন চি পি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয়।
কি ক’লে সুনেত্ৰা পাৱাৰে
উপমুখ্যমন্ত্ৰী শপত গ্ৰহণৰ পিচত সুনেত্ৰা পাৱাৰে কয়, ” অজিত দাদাই কৃষক, শ্ৰমজীৱী, নাৰী, যুৱসমাজ আৰু বঞ্চিত শ্ৰেণীৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰাৰ মন্ত্ৰ দিছিল। তেওঁৰ সপোন ন্যায়সংগত আৰু সমতাৰ ওপৰত আধাৰিত। তেওঁৰ আদৰ্শৰে উন্নত মহাৰাষ্ট্ৰ গঢ়াৰ লক্ষ্যত মই অবিৰাম আৰু সৎভাৱে কাম কৰি যাম। এই কঠিন সময়ত মহাৰাষ্ট্ৰৰ জনতাৰ মৰম আৰু সমৰ্থনেই মোৰ প্ৰকৃত শক্তি।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছাঃ
উপমুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা সুনেত্ৰা পাৱাৰক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক বাৰ্তাত তেওঁ উল্লেখ কৰে, “মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে সুনেত্ৰা পাৱাৰক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই দায়িত্ব লোৱা মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ ইতিহাস গঢ়িলে। মই আত্মবিশ্বাসী যে তেওঁ ৰাজ্যবাসীৰ কল্যাণৰ বাবে অবিৰামভাৱে কাম কৰিব আৰু অজিত পাৱাৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিব।”
ধূসৰ হৈ পৰিল এন চি পি আৰু এন চি পি (এচ পি) দলৰ একত্ৰীকৰণঃ
অজিত পাৱাৰৰ মৃত্যুৰ লগে লগে চি পি আৰু এন চি পি (এচ পি) দলৰ একত্ৰীকৰণৰ বিষয়টো অস্পষ্টহৈ পৰে। উল্লেখযোগ্য যে দুয়োটা শিবিৰ একত্ৰীকৰণৰ বিষয়টো বিগত কিছুদিন ধৰি চৰ্চিত হৈ আছিল। প্ৰয়াত উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ঘনিষ্ঠ কিৰণ গুজৰে দাবী কৰিছিল যে ১২ ডিচেম্বৰৰ মহাৰাষ্ট্ৰৰ প্ৰৱীণ ৰাজনৈতিক নেতা শাৰদ পাৱাৰৰ জন্মদিনতেই NCP-ৰ দুয়োটা গোট একত্ৰীকৰণ হোৱাৰ কথা আছিল। জন্মদিনৰ দিনা খুৰাকক অজিত পাৱাৰে এই উপহাৰটো দিব বিচাৰিছিল।
কিন্তু বিভিন্ন কাৰণত সেই সময়ত এই একত্ৰীকৰণ সম্ভৱ হৈ উঠা নাছিল। তাৰ পিছতো এই বিষয়ত শাৰদ পাৱাৰক মান্তি কৰাবলৈ অজিত পাৱাৰে তেওঁৰ ঘনিষ্ঠ নেতাসকলৰ জৰিয়তে চেষ্টা চলাইছিল। কিন্তু শেহতীয়াকৈ অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যুৰ পিছত সমগ্ৰ বিষয়টো জটিল হৈ পৰে। শনিবাৰে প্ৰৱীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে সাংবাদিকক দিয়া ইংগিত অনুযায়ী ভতিজাক অজিত পাৱাৰৰ মৃত্যুৰ পিছত পৰিস্থিতি সলনি হৈ গৈছে।
অজিত পাৱাৰৰ শিবিৰৰ নেতাসকল এতিয়া এই একত্ৰীকৰণৰ প্ৰতি বিশেষ উৎসাহী নহয়।
শাৰদ পাৱাৰে কয়, ‘একত্ৰীকৰণৰ আলোচনা চলি আছিল সঁচা। কিন্তু এতিয়া সকলো থমকি গৈছে। মুম্বাইত প্ৰফুল্ল পাটেল বা সুনীল তটকৰেৰ দৰে নেতাসকলে কি সিদ্ধান্ত লৈছে, সেই বিষয়ে মোৰ কোনো তথ্য নাই।’ একে সময়তে বিজেপি-নেতৃত্বাধীন এনে ডি এ জোঁটত যোগ দিয়াৰ সম্ভাৱনাও তেওঁ পোনপটীয়াকৈ নাকচ কৰিছে।
শাৰদ পাৱাৰৰ সৈতে আলোচনা কৰা নাই সুনেত্ৰা পাৱাৰেঃ
এনে চি পি ( এচ পি)ৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰৱীণ ৰাজনৈতিক নেতা শাৰদ পাৱাৰে সংবাদ মাধ্যমক জনোৱা মতে, উপমুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ বিষয়ে সুনেত্ৰা পাৱাৰে পৰিয়ালৰ সৈতেও কোনো আলোচনা কৰা নাছিল। শাৰদ পাৱাৰক অন্ধকাৰত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। এনে পৰিপ্ৰেক্ষিতত এনে চি পি আৰু এন চি পি (এচ পি)ৰ একত্ৰীকৰণৰ হোৱাৰ সম্ভাৱনা খীন দেখা গৈছে।
লগতে পঢ়কঃ Ajit Pawar plane crash death: বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু
