What’s in Nirmala Sitharaman’s Ninth Budget? Price Cuts, Hikes & Big Announcementsকি আছে নিৰ্মলাৰ নৱম বাজেট? নিচাসেৱনকাৰীৰ বাবে আছে বেয়া খবৰ

নেশ্যনেল ডেস্কঃ দেশৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দেওবাৰে সদনত দাখিল কৰে নৱম বাজেট (Nirmala Sitharaman Ninth Budget)।

এইবাৰৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একাধিক সামগ্ৰীৰ ওপৰত আমদানি শুল্কত ৰেহাই ঘোষণা কৰিছে। কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে কৰ ৰেহাই দিয়া হৈছে। আকৌ কেইটামান সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বা কৰৰ হাৰ বৃদ্ধি কৰা হৈছে।

কি কি বস্তুৰ দাম কমিব বাজেটত

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বাজেটত জীৱন দায়িনী ঔষধে ধৰি কেতবোৰ সামগ্ৰীৰ দাম হ্ৰাস হোৱাটো পৰিলক্ষিত হৈছে।
সেই অনুযায়ী

১৭টা জীৱনদায়ী ঔষধ (ডায়াবেটিছ আৰু কেঞ্চাৰৰ ঔষধসহ),

স্মাৰ্টফোন আৰু মোবাইলৰ যন্ত্ৰাংশ,

ইলেক্ট্ৰিক গাড়ীৰ বেটাৰী, চামৰাৰ বেগ,

জোতা, চি-ফুড,

খেলৰ সামগ্ৰী,

বিদেশ ভ্ৰমণ,

চিএনজি, ছ’লাৰ পেনেল,

মাইক্ৰ’ৱেভ, বিমানৰ যন্ত্ৰাংশ,

বিড়ি, শাৰী আদিৰ দাম হ্ৰাস পাব।

নিচাযুক্ত সামগ্ৰী সেৱনকাৰীৰ বাবে দুখবৰঃ

আপুনি যদি মদ, চিগাৰেট আদি নিচাজাতীয় সামগ্ৰীৰ সেৱনকাৰী তেন্তে আপোনাৰ বাবে দুখবৰ কঢ়িয়াই আনিছে নিৰ্মলা সীতাৰমনৰ নৱম বাজেটে। কাৰণ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট দাখিলৰ পিছত দাম বৃদ্ধি হ’ব চিগাৰেট আৰু সুৰাৰ।

এইবাৰৰ বাজেটত মূলত আত্মনির্ভৰতাৰ ওপৰত গুৰুত্ব দিছে মোদি চৰকাৰে। সেইবাবে ইচ্ছাকৃতভাৱে কিছুমান সামগ্ৰীৰ আমদানি কৰ বৃদ্ধি কৰা হৈছে। আকৌ কিছুমান সামগ্ৰীৰ যন্ত্ৰাংশ বা কেঁচামালৰ ওপৰত আমদানি কৰ কমোৱা হৈছে। ফলস্বৰূপে কিছুমান বিদেশী সামগ্ৰীৰ দাম বৃদ্ধি পাব পাৰে, আনহাতে ভাৰতত নিৰ্মিত সামগ্ৰীৰ দাম কমিব পাৰে।

প্ৰতিৰক্ষা ব্যয় বৃদ্ধিঃ

এইবাৰৰ বাজেটত প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে প্ৰতিৰক্ষা খণ্ডৰ মূলধনী বাজেট ২১.৮৪ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ ফলত এই আৱণ্টন ২.১৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। বিগত বাজেটত মূলধনী ব্যয় আছিল ১.৮ লাখ কোটি টকা। বিমান আৰু এৰো ইঞ্জিনৰ বাবে বিশেষভাৱে অধিক পুঁজি ধৰা হৈছে।

সেই অনুযায়ী বিমান আৰু এৰো ইঞ্জিনৰ বাবে ৬৩,৭৩৩ কোটি টকা সংৰক্ষিত কৰা হৈছে। তদুপৰি মুঠ প্ৰতিৰক্ষা বাজেটো ১৫ শতাংশ বৃদ্ধি পাইছে। বিগত বছৰৰ সামৰিক খণ্ডৰত৬.৮১ লাখ কোটি টকা ধাৰ্য কৰা হৈছিল। ইয়াক ৭.৮৪ লাখ কোটি টকালৈ উন্নীত হৈছে। প্ৰতিৰক্ষা বাজেটৰ অন্তৰ্গত পেঞ্চন ব্যয় ১.৬০ লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই ১.৭১ লাখ কোটি টকা কৰা হৈছে।

আয়ুৰ্বেদ চিকিৎসাক গুৰুত্ব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বাজেটত আয়ুৰ্বেদ চিকিৎসাক গুৰুত্ব দিয়া হৈছে। বাজেটত চৰকাৰী অথবা বেচৰকাৰী অংশীদাৰিত্বত পাঁচটা আঞ্চলিক ‘মেডিকেল হাব’ গঢ়ি তোলাৰ কথা উল্লেখ কৰা হৈছে। এই ‘ইন্টিগ্ৰেটেড হেল্থ কেয়াৰ কমপ্লেক্স’সমূহত গৱেষণা, শিক্ষা আৰু ৰোগ চিনাক্তকৰণৰ আধুনিক ব্যৱস্থাৰ লগতে বিশেষ ‘আয়ুষ চেণ্টাৰ’ থাকিব। ৰোগীসকলৰ অস্ত্ৰোপচাৰ বা চিকিৎসাৰ পাছৰ যত্নৰ বাবে ইয়াত আবাসৰ ব্যৱস্থাও থাকিব । তদুপৰি আয়ুৰ্বেদিক ড্ৰাগ টেষ্টিং লেবৰেটৰীৰ অনুমোদন কৰা হৈছে। জামনগৰত অৱস্থিত ‘হু গ্লোবেল ট্ৰেডিশনেল মেডিচিন চেণ্টাৰ’কো আধুনিকীকৰণৰ পৰিকল্পনা কৰা হৈছে।

বাজেটত এ আই প্ৰসংগ

দেওবাৰে বাজেট ঘোষণা কৰাৰ সময়তো বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামে AI ৰ প্রসঙ্গ উল্লেখ কৰে। তেওঁ জনাই যে সেৱাৰ ক্ষেত্ৰত AI ৰ দৰে নতুন প্ৰযুক্তিৰ প্ৰভাৱ পৰ্যালোচনা কৰিবলৈ এখন নতুন কমিটি গঠন কৰা হ’ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত, বিশেষকৈ চাকৰিৰ ওপৰত AI ৰ প্ৰভাৱৰ মূল্যায়ন কৰাৰ কাম সেই উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ দ্বায়িত্বত থাকিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, “যুৱ ভাৰতৰ আকাংক্ষা পূৰণৰ পথ প্ৰশস্ত কৰিবলৈ মই এখন উচ্চ ক্ষমতাসম্পন্ন ‘শিক্ষাৰ পৰা কৰ্মসংস্থান আৰু উদ্যোগ’ বিষয়ক স্থায়ী সমিটি গঠনৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই সমিটিয়ে অৰ্থনৈতিক বৃদ্ধিৰ মূল চালিকা শক্তি হিচাপে সেৱা খণ্ডৰ ওপৰত দৃষ্টিনিক্ষেপ কৰিব।

শিক্ষানুষ্ঠানত থাকিব কনটেন্ট ক্ৰিয়েচনৰ লেব

অতি সম্প্ৰতি যুৱ প্ৰজন্মৰ মাজত কন্টেক্ট ক্ৰিয়েচন অতি জনপ্ৰিয়। ফেচবুক, ইনষ্টাগ্ৰামত ৰিল কৰি—ফটো তুলি ভাৰতৰ যুৱ প্ৰজন্মৰ বহু সংখ্যকে অৰ্থ উপাৰ্জনৰ পথ উলিয়াইছে। এইবাৰ বাজেটে সেই সেই দিশলৈ দৃষ্টি ৰাখি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে দেশৰ ১৫,০০০ বিদ্যালয় আৰু ৫০০ খন মহাবিদ্যালয়ত কন্টেণ্ট ক্ৰিয়েটৰ লেবৰেটৰী স্থাপন কৰা হ’ব বুলি সদৰী কৰে। বিত্তমন্ত্ৰীয়ে জনোৱা মতে এই লেবত এনিমেশ্যন, ভিজ্যুয়েল এফেক্টছ, গেমিং, কমিক্স আদি প্ৰশিক্ষণ এই লেবত প্ৰদান কৰা হ’ব।

বিত্তমন্ত্ৰীয়ে আশা কৰে এই লেবৰেটৰীৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ২০ লাখ মানুহৰ কৰ্মসংস্থান হ’ব। কেৱল কন্টেন্ট সৃষ্টি নোহোৱাকৈ, ভাৰতীয় জেন জিৰ মাজত ডিজিটেল মিডিয়াৰ সম্পৰ্কীয় দক্ষতা বৃদ্ধিও এই লেবৰেটৰীয়ে সহায় কৰিব। যদিও, কন্টেন্ট ক্ৰিয়েটৰসকলৰ বাবে চৰকাৰী কোনো সহায়ৰ ঘোষণা কৰা হোৱা নাই।

পৰ্যটন গাইডৰ প্ৰশিক্ষণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ ২০টা পৰ্যটন কেন্দ্ৰত ১০ হাজাৰ টুৰ গাইডক চৰকাৰীভাৱে প্ৰশিক্ষণ দিয়াৰ কথা ঘোষণা কৰে। ১২ সপ্তাহৰ এই প্ৰশিক্ষণত ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰ অন্তর্ভুক্তি থাকিব। ইয়াৰ উপৰিও, পৰ্যটনৰ ক্ষেত্ৰত জেন জিৰ সুবিধাৰ বাবে বিশেষ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমনে। তেওঁ জনাই যে, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু–কাশ্মীৰ, আৰাকু ভেলি আদি একাধিক পাহাৰী অঞ্চলত ট্ৰেকিঙৰ সহায়ক পৰিকাঠামো সৃষ্টি কৰা হ’ব। কৰ কমাৰ ফলত বিদেশ ভ্ৰমণৰ পেকেজো সস্তা হ’ব।

মহাত্মা গান্ধী গ্ৰাম স্বৰাজ যোজনা

খাদী আৰু বস্ত্ৰশিল্পৰ জৰিয়তে গ্ৰামীণ ভাৰতৰ অৰ্থনৈতিক উন্নতি আৰু আত্মনির্ভৰতা নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰ চৰকাৰে মহাত্মা গান্ধী গ্ৰাম স্বৰাজ যোজনা আৰম্ভ কৰিব। মূলতঃ বস্ত্ৰ শিল্প আৰু খাদীৰ উন্নয়নত এই প্ৰকল্পত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰা হ’ব। বাজেট ভাষণত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, “মই প্ৰত্যাহ্বান গ্ৰহণৰে টেক্সটাইল পাৰ্ক গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। খাদী আৰু তাঁতশিল্পৰ উন্নতিৰ বাবে মহাত্মা গান্ধী গ্ৰাম স্বৰাজ প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।”

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাঃ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেওবাৰে ৮৫ মিনিট, অৰ্থাৎ ১ ঘণ্টা ২৫ মিনিট বাজেট ভাষণ প্ৰদান কৰে। নিৰ্মালা সীতাৰমনে দাখিল কৰা ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাজেটক ঐতিহাসিক বাজেট বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ভূয়সী প্ৰশংসা কৰি কয়, “ এই বাজেটে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তুলিব।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই বাজেট হৈছে মানুহৰ প্ৰয়োজনৰ বাজেট। বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ লক্ষ্যতে এই বাজেট প্ৰস্তুত কৰা হৈছে। ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু অধিক উন্নতি লাভ কৰিব। সংস্কাৰসমূহ নতুন গতি পাব। এই বাজেটে মূল্যবৃদ্ধি কমোৱাৰ পথ মুকলি কৰিছে। আত্মনির্ভৰ ভাৰত প্ৰকল্পতো নতুন দিশ দেখুৱাব । বিকশিত ভাৰত অধিক মজবুত হ’ব। আধুনিক পৰিৱেশ (বাস্তুতন্ত্র) মহিলা স্বনির্ভৰ গোষ্ঠীসমূহৰ মাজত সৃষ্টি হ’ব। এই বাজেটে পর্যটন ক্ষেত্ৰকো উৎসাহ দিছে। বিশেষকৈ উত্তৰ-পূব ভাৰতত পর্যটন বৃদ্ধি পোৱা আশা কৰা হৈছে।”

বিৰোধীৰ সমালোচনাঃ

প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ নেতৃত্বই নিৰ্মলা সীতাৰমনৰ বাজেটক প্ৰশংসা কৰিলেও কঠোৰ সমালোচনা কৰিছে বিৰোধী দলসমূহৰ নেতৃত্বই। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, “এই বাজেট সম্পূৰ্ণ দৰিদ্ৰ জনসাধাৰণৰ বিৰোধী বাজেট। তদুপৰি মহিলা আৰু কৃষক বিৰোধী বাজেটো এইখন। কোনো ক্ষেত্ৰতেই সাধাৰণ মানুহৰ স্বাৰ্থক প্ৰতিফলিত নাই।” তেওঁ লগতে কয় বিত্তমন্ত্ৰী য়ে, “ঘোষণাৰ ফুলঝাৰি মাৰিলেও সাধাৰণ মানুহৰ জীৱনত ইয়াৰ কোনো প্ৰভাৱ নপৰে। “

কংগ্ৰেছৰ শীৰ্ষ নেতা জয়ৰাম ৰমেশে তেওঁৰ এক্স হেণ্ডেলত উল্লেখ কৰিঊ, “বাজেটৰ নথিপত্ৰবোৰ বিষদভাৱে চোৱাৰ প্ৰয়োজন আছে। কিন্তু এইটো স্পষ্ট যে ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাজেট সম্পৰ্কে যি যি প্ৰচাৰ চলোৱা হৈছিল, বাস্তৱত কেন্দ্ৰীয় চৰকাৰে তাৰ কাষেই চাপিবলৈ সক্ষম নহল। বাজেটখন সম্পূৰ্ণৰূপে নিষ্প্ৰভ।”

একেদৰে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে সাংবাদিকৰ আগত কয়, “বিজেপি চৰকাৰৰ পৰা আশা কৰি লাভ নাই। এই বাজেটত বিত্তশালীসকলৰ মন জয় কৰিবলৈহে চেষ্টা কৰা হৈছে।”

লগত পঢ়কঃ Colonel Sofia Qureshi Vishisht Seva Medal: কৰ্ণেল ছোফিয়া কুৰেশীলৈ ‘বিশিষ্ট সেৱা পদক


Advertisement