Assam Jatiya Parishad Slams Union Budget, Says Assam Ignored Againকেন্দ্ৰীয় বাজেটক লৈ অসন্তুষ্টি অসম জাতীয় পৰিষদৰ

গুৱাহাটীঃ সংসদত দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad reaction to Union Budget)৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটখনে অসম আৰু উত্তৰ-পূবৰ প্ৰতি কেন্দ্ৰৰ উদাসীনতাক পুনৰ এবাৰ উদঙাই দিছে। অভিলেখ হাৰৰ আন্তঃগাঁথনিগত ব্যয় আৰু উৎপাদন বৃদ্ধিৰ বিষয়ে চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে বাজেটৰ ঘোষণাসমূহৰ দ্বাৰা অসমে প্ৰকৃততে কেনেদৰে লাভৱান হ’ব, সেই বিষয়ে কোনো ৰূপৰেখা নাই।’’

গগৈ আৰু ভূঞাই লগতে কয়, ‘‘অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত দাম, যুৱক-যুৱতীসকলৰ নিবনুৱা সমস্যা, আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত থকা অৰ্থনৈতিক বোজাক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে আজিৰ কেন্দ্ৰীয় বাজেটত। কোনো অৰ্থপূৰ্ণ কৰ ৰেহাই নাই, কোনো সুনিৰ্দিষ্ট নিয়োগৰ নিশ্চয়তা নাই, আৰু অসমৰ দৰে প্ৰান্তীয় বা বানপ্ৰৱণ অঞ্চলৰ বাবে কোনো বিশেষ অৰ্থনৈতিক পেকেজ নাই।’’

দলটোৰ নেতাদ্বয়ে লগতে কয়, ‘‘স্বচ্ছ ৰাজ্যভিত্তিক বিত্তীয় আবণ্টন অবিহনে ব্যাপক হাৰত ঋণ লৈ থকাৰ ফলত অসমৰ অৰ্থনৈতিক পৰিকাঠামো বিপৰ্যস্ত হৈ পৰিছে। অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যৎ দিনে দিনে চৰম অনিশ্চয়তাৰ মাজলৈ গুচি গৈছে৷ বানে প্ৰতিবছৰে অসম ধ্বংস কৰে, কৃষকসকল ক্ষতিগ্ৰস্ত হয়, চাহ বাগিচাৰ শ্ৰমিকসকল অৱহেলিত হৈয়েই আছে, আৰু ক্ষুদ্ৰ উদ্যোগসমূহ ভাঙি গৈছে— কিন্তু এই বাজেটত ইয়াৰ কোনো উত্তৰ নাই। অসমৰ কৃষকসকলে উপযুক্ত বজাৰমূল্য নাপায় হতাশগ্ৰস্ত হৈছে। কৃষিখণ্ডৰ বাবে কোনোধৰণৰ গুৰুত্বই আৰোপ কৰা নাই কেন্দ্ৰই। পৰিৱৰ্তে নিৰ্বাচিত অঞ্চল আৰু কৰ্প’ৰেট স্বাৰ্থ সুৰক্ষিত হোৱা প্ৰকল্পকহে কেন্দ্ৰই পছন্দ কৰে।’’

সভাপতি গগৈয়ে কয়, ‘‘এয়া জনসাধাৰণৰ বাবে সামাজিক ন্যায় লাভৰ বাজেট নহয়, কৰ্প’ৰেটৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা বাজেট। উন্নয়ন কেৱল ভাষণেৰে জুখিব নোৱাৰি। অসমৰ বাবে এই বাজেটে কেন্দ্ৰৰ বৈষম্য, অৱহেলা আৰু সম্পূৰ্ণ দায়বদ্ধতাৰ অভাৱকেই স্পষ্টকৈ প্ৰতিফলিত কৰিছে৷’’

লগতে পঢ়কঃ কি আছে নিৰ্মলাৰ নৱম বাজেট? নিচাসেৱনকাৰীৰ বাবে আছে বেয়া খবৰ


Advertisement