চামগুৰিঃ পুনৰ বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ললে চামগুৰি সমষ্টিৰ বিজেপি বিধায়ক তথা অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই ৰাহুল গান্ধীৰ পৰা ৰকিবুল হুছেইন আনকি তাঞ্জিল হুছেইনলৈকে চোকা সমালোচনা কৰিলে বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই (Dipluranjan Sharma Criticism Congress)। সোমবাৰে নিজ সমষ্টি চামগুৰিত হকী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰি সংবাদ মাধ্যমৰ সন্মুখত বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক দিপ্লুৰঞ্জন শৰ্মা। কংগ্ৰেছক সমালোচনা কৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই কয়, “অহংকাৰী চৰিত্ৰ কংগ্ৰেছৰ DNA ত অহা। কংগ্ৰেছে পৰিয়ালবাদী ৰাজনীতি কৰে। তেওঁলোকে এতিয়া ৰজাৰ আচৰণ কৰে। ৰাহুল গান্ধীয়ে অসমৰ গামোচাখন লোৱা নাই । কংগ্ৰেছে কেৱল ল’ব জানে দিব নাজানে। কংগ্ৰেছত কেৱল ৰাজপুত্ৰ আৰু ৰাজকন্যাহে আছে। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী যিদৰে ৰাজপুত্ৰ আৰু ৰাজকন্যা। একেদৰে অসমত গৌৰৱ গগৈ, তাঞ্জিল হুছেইন আনকি ৰকিবুল হুছেইনো ৰাজপুত্ৰ। তেওঁলোকৰ Igo বহুত আছে (Assam BJP MLA Statement)।”
কংগ্ৰেছে বেলগক সন্মান দিব নাজানে বুলিও কটাক্ষ কৰি চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য (Samaguri BJP MLA)। “গৌৰৱ গগৈয়ে পদে পদে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক অপমান কৰি আহিছে। এইদৰে অপমান কৰা দেখিলে মোৰ বেয়াই লাগে (Assam Political News)।”
কংগ্ৰেছৰ নেতাৰ গাত অহংকাৰী ৰজাৰ চৰিত্ৰ থকা বুলি উল্লেখ কৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই আৰু কয়, “সামন্তযুগীয় অত্যাচাৰী ৰজাৰ যি চৰিত্ৰ সেই চৰিত্ৰ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু গৌৰৱ গগৈৰ গাত আছে।”
এটা সম্প্ৰদায়ক কষ্ট দিয়া প্ৰসংগত মন্তব্য কৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই কয়- “এটা নেৰেটিভ সৃষ্টি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে চব কা চাথ চব কা চৰকাৰ নীতি গ্ৰহণ কৰিছে। কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীকহে কষ্ট দিয়াৰ কথা কোৱা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীক কষ্ট দিয়াটো প্ৰতিজন অসমবাসীৰেই দায়িত্ব আৰু মহান কৰ্তব্য।”
লগতে পঢ়কঃ প্ৰসংগ ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বঃ বিজেপি নেতাক তিৰস্কাৰ আদালতৰ
