Massive Reshuffle in Assam Information & Public Relations Department ৰাজ্যৰ জনসংযোগ বিভাগত ব্যাপক ৰদ-বদল

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত (Information & Public Relations Department) জনসেৱাৰ স্বাৰ্থত বহুকেইগৰাকী বিষয়াক দিয়া হৈছে বদলিৰ নিৰ্দেশ (Assam IPRD Transfer Order)। ৰাজ্য চৰকাৰৰ এক নিৰ্দেশৰ জৰিয়তে কেইবাগৰাকী বিষয়াক নতুন স্থানত বদলি কৰা হৈছে। এই ৰদ-বদলসমূহে বিভাগীয় কাম-কাজ অধিক গতিশীল আৰু কার্যকৰী কৰিব বুলি চৰকাৰী মহলে আশা প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্দেশনা নং IPRD.278084/64 অনুসৰি, জনসংযোগ বিভাগৰ মুখ্য কাৰ্যালয়ত যুটীয়া সঞ্চালক হিচাপে কৰ্মৰত অংশুমা মহিলাৰী (Joint Director)ক তথ্য আৰু জনসংযোগ অসমৰ মুখ্য কাৰ্যালয়ৰ সেৱা কোকৰাঝাৰস্থিত আঞ্চলিক বিষয়া আৰু CHD-ৰ কাৰ্যালয়লৈ সংলগ্ন কৰা হৈছে। বিটিচি অঞ্চলত চৰকাৰী তথ্য প্ৰচাৰ আৰু যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত এই নিযুক্তি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

ইয়াৰ লগতে নিৰ্দেশনা নং IPRD.278084/64-A অনুসৰি, পূৰ্বে জাৰি কৰা এক বদলি আদেশ চৰকাৰে স্থগিত ৰাখিছে। এই অনুসাৰে, শোণিতপুৰ জিলাৰ জনসংযোগ বিষয়া অংকিতা গগৈ আৰু মৰিগাঁও জিলা জনসংযোগ বিষয়া পম্পী দেৱীৰ। এই দুয়োগৰাকী বিষয়াৰ ২৬ নৱেম্বৰ ২০২৫ তাৰিখে জাৰি কৰা বদলি আদেশ আপাততঃ কাৰ্যকৰী নহ’ব বুলি নিৰ্দেশনাত উল্লেখ আছে। জনসেৱাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নিৰ্দেশনাত উল্লেখ আছে।

আনফালে, নিৰ্দেশনা নং IPRD.278084/64-B অনুসৰি, ডিব্ৰুগড়ৰ জনসংযোগ বিষয়া মামুন বৰকটকী (DIPRO)ক বদলি কৰি তিনিচুকীয়া জিলাৰ জনসংযোগ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ তিনিচুকীয়াৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব।

এই অনুসৰি নিৰ্দেশনা নং IPRD.278084/64-C অনুসৰি, তিনিচুকিয়াৰ জনসংযোগ বিষয়া বিকাশ শৰ্মা (DIPRO)ক বদলি কৰি নগাঁও জিলাৰ জনসংযোগ বিষয়া (DIPRO) হিচাপে নিযুক্তি দিয়া হৈছে। নগাঁৱত খালী হৈ থকা জনসংযোগ বিষয়াৰ পদত দায়িত্বভাৰ গ্ৰহণ কৰিব তিনিচুকীয়াৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাই।

ইয়াৰ উপৰিও, নিৰ্দেশনা নং IPRD.278084/64-D অনুসৰি, মাজুলীৰ জনসংযোগ বিষয়া অয়ন হাজৰিকা (DIPRO) ক মুখ্য কাৰ্যালয়ত সংলগ্ন কৰি মুখ্য কাৰ্যালয়ৰ লিয়াচন বিষয়া (Liaison Officer), হিচাপে নিযুক্তি দিয়া হৈছে।

আন এক গুৰুত্বপূৰ্ণ বদলি নিৰ্দেশনা অনুসৰি, নিৰ্দেশনা নং IPRD.278084/64-E অনুসৰি, যোৰহাটৰ জনসযোগ বিষয়া ৰজৎ সেন (DIPRO), ক বদলি কৰি ডিব্ৰুগড়ৰ জনসংযোগ বিষয়া হিচাপে (DIPRO) হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ পূৰ্বৰ জনসংযোগ বিষয়া মামুন বৰকটকীৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব।

শেষত,নিৰ্দেশনা নং IPRD.278084/64-F অনুসৰি নাজিৰাৰ SDIPRO বৰ্ণালী দত্তক বদলি কৰি বোকাখাতৰ SDIPRO হিচাপে নিযুক্তি দিয়া হৈছে। বোকাখাতত খালী হৈ থকা SDIPRO পদ পূৰণ কৰাৰ লক্ষ্যৰে এই বদলিৰ নিৰ্দেশ দিয়া বুলিও নিৰ্দেশনাত উল্লেখ।

বিভাগীয় সূত্ৰই জনোৱা মতে, এই সকলোবোৰ ৰদ-বদল জনসেৱাৰ স্বাৰ্থত আৰু বিভাগীয় কাম-কাজ অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে। নতুন দায়িত্বত বিষয়াসকলে ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি তথ্য প্ৰচাৰ, চৰকাৰী আঁচনিৰ জনজাগৰণ আৰু সংবাদ মাধ্যমৰ সৈতে সমন্বয় অধিক শক্তিশালী কৰিব বুলি আশা কৰিছে বিভাগটোৱে।

লগতে পঢ়কঃ ৰাজ্যৰ ৬৭ টা নতুন বিদ্যালয় ভৱনৰ উদ্বোধন, ৬১ টা বিদ্যালয় ভৱনৰ শিলান‍্যাস মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ


Advertisement