নগাঁওঃ নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ে জাৰি কৰা এক জাননী অনুসৰি সুন বানু নামৰ এগৰাকী মহিলাক ভাৰতৰ ভূখণ্ডৰ পৰা আতৰি যোৱাৰ নিৰ্দেশ জাৰি কৰিছে (Declared Foreigner Assam Order)।
উল্লেখযোগ্য যে এই মহিলা গৰাকীক ২০০৯ চনতেই বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল, তেওঁক “Immigrants (Expulsion from Assam) Act, 1950” ৰ ধাৰা ২ অনুসৰি ভাৰতীয় ভূখণ্ডৰ পৰা উচ্ছেদ কৰাৰ বাবে আদেশ প্ৰদান কৰা হৈছে ।
এই আদেশ লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত মহিলা গৰাকীক ধুবুৰী/শ্ৰীভূমি /দক্ষিণ শালমাৰা-মানকাচৰ পথৰে অসম তথা ভাৰতৰ ভূখণ্ডৰ পৰা আঁতৰি যাবলৈ আদেশ প্ৰদান কৰা হৈছে ।
উল্লেখযোগ্য যে, এই আদেশ অমান্য কৰিলে চৰকাৰী আইন অনুসৰি অভিযুক্ত গৰাকীৰ ওপৰত আইনগত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব । লগতে প্ৰশাসনিক পদক্ষেপ হিচাপে, ঘোষিত বিদেশী নাগৰিকগৰাকীৰ বায়োমেট্রিক্স Foreigners Identification Portal (FIP) ত সংগ্ৰহ কৰা হ’ব আৰু তেওঁৰ নাম ভোটাৰ তালিকা, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ পৰা বাতিল/ফ্ৰীজ কৰা হ’ব ।
বিদেশী ঘোষিত মহিলা গৰাকীৰ নাম সকলো চৰকাৰী সামাজিক সুৰক্ষা আঁচনিৰ পৰা আঁতৰাই পেলোৱা হ’ব।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহতো নগাঁৱৰ বিভিন্ন স্থানৰ ১৫ জন ঘোষিত বিদেশীক অসম এৰি যোৱাৰ নিৰ্দেশ দিয়া হৈছিল।
পূৰ্বেও নগাঁও জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী বিদেশীক বহিষ্কাৰ কৰা হৈছিল।
