গুৱাহাটীঃ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত পোন প্ৰথমবাৰৰ বাবে পৰিচালনা কৰিব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (Assam Board Exam 2026)।
ইয়াৰ অংশ স্বৰূপে অহা ১০ ফ্ৰেব্ৰুৱাৰীৰ পৰা কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ্যৰ মুঠ ১০৪৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইফালে, ৰাজ্যৰ ৮২১ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
প্ৰাপ্ত তথ্য অনুসৰি – চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সৰ্বমুঠ ৪ লাখ ৩৮ হাজাৰ ৫৬৫ গৰাকী শিক্ষাৰ্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। এই পৰীক্ষাৰ্থী সকলৰ ভিতৰত ১ লাখ ৯০ হাজাৰ ২৪৩ গৰাকী ছাত্ৰ আৰু ২ লাখ ৪৮ হাজাৰ ৩২২ গৰাকী ছাত্ৰী আছে।
মুঠ ১০৪৬ টা পৰীক্ষা কেন্দ্ৰৰ বিপৰীতে বিভিন্ন জিলাত মুঠ ৪৫ টা মূল্যায়ন জ’ন অসম বিদ্যালয় শিক্ষা পৰিষদে স্থাপন কৰিছে। এই জিলা সমূহৰ ভিতৰত বৰপেটা জিলাৰ ২৭ টা পৰীক্ষা কেন্দ্ৰত সৰ্বাধিক সংখ্যক ২৮ হাজাৰ ৯২০ গৰাকী শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰ ভিতৰত ১৬ হাজাৰ ৯০৮ গৰাকী ছাত্ৰ আৰু ১২ হাজাৰ ১২ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব।
অন্যহাতে, অহা ১১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮২১ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৩ লাখ ৩০ হাজাৰ ৭৪৪ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
ইয়াৰ ভিতৰত ১ লাখ ৫২ হাজাৰ ১১৬ গৰাকী ছাত্ৰ,১ লাখ ৭৮ হাজাৰ ৬২৪ গৰাকী ছাত্ৰী আৰু ২ গৰাকী তৃতীয় লিংগৰ শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।
এই শিক্ষাৰ্থী সকলৰ ভিতৰত কলা শাখাত মুঠ ২ লাখ ৪৭ হাজাৰ ৮৬৫ গৰাকী ( ছাত্ৰ- ১ লাখ ২হাজাৰ ৬৪৮ গৰাকী,ছাত্ৰী – ১ লাখ ৪৫ হাজাৰ ২১৬ গৰাকী আৰু ২ গৰাকী তৃতীয় লিংগৰ) শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব।
একেদৰে, বিজ্ঞান শাখাত মুঠ – ৬১ হাজাৰ ৫৬৮ গৰাকী ( ছাত্ৰ- ৩৪ হাজাৰ ৮০১ গৰাকী, ছাত্ৰী- ২৬ হাজাৰ ৭৬৬ গৰাকী আৰু ১ গৰাকী তৃতীয় লিংগ) শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব।
আকৌ বাণিজ্য শাখাত মুঠ – ১৯ হাজাৰ ৮০৬ গৰাকী ( ছাত্ৰ – ১৩ হাজাৰ ৭৮২ গৰাকী আৰু ছাত্ৰী – ৬ হাজাৰ ২৪ গৰাকী) শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
তদুপৰি ভকেশ্বনেল শাখাত মুঠ – ১ হাজাৰ ৫০৫ গৰাকী শিক্ষাৰ্থী ( ছাত্ৰ – ৮৮৭ গৰাকী আৰু ছাত্ৰী – ৬১৬ গৰাকী) উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।
উল্লেখযোগ্য যে- আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে কামৰূপ জিলাৰ সৰ্বাধিক ১৮ হাজাৰ ৮৮৫ গৰাকী শিক্ষাৰ্থী আৰু সৰ্বনিম্ন মাজুলী জিলাৰ ২ হাজাৰ ১৫০ গৰাকী শিক্ষাৰ্থীয়ে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।
উক্ত পৰীক্ষাৰ বাবে বিভিন্ন জিলাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে মুঠ ৪৮ টা মূল্যায়ন জ’ন স্থাপন কৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্ৰতিখন জিলাৰে পৰীক্ষা কেন্দ্ৰ সমূহত পৰীক্ষা সুকলমে তথা সুস্থ ভাৱে পৰিচালনা কৰাৰ বাবে জিলা আয়ুক্ত সকলে সভা অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰত নিয়োজিত পৰীক্ষক সকল আৰু নিৰীক্ষক সকলকো প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
তদুপৰি জিলা প্ৰশাসন সমূহে জিলাই জিলাই কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ সাঁচিপাত, সত্ৰীয়া ঐতিহ্য আৰু ৰাষ্ট্ৰীয় গৌৰৱ—নগাঁৱত সম্বৰ্ধিত মৃদু মৌসম বৰা
