গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সংযোগ থকা বিষয় সন্দৰ্ভত দেওবাৰে সংবাদমেলৰ জৰিয়তে তথ্য সদৰী কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Gaurav Gogoi Pakistan Link SIT Report)। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শণিবাৰে এখন সংবাদমেলত কেবিনেটে তেওঁক তথ্য সদৰী কৰিবলৈ বিধি সন্মত অনুমতি দিয়া বুলি উল্লেখ কৰি কয়, “কেবিনেটে যিখিনি তথ্য গোপনীয় নহয়, সেইখিনি তথ্য দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক সদৰী কৰিবলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে দেওবাৰে ১০-৩০ বজাত এইবিষয়ে সংবাদমেলৰ জৰিয়তে সদৰী কৰা হ’ব।”
গোচৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থালৈ হস্তান্তৰৰ সিদ্ধান্ত
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে সংবাদমেলত তদন্ত প্ৰক্ৰিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থালৈ হস্তান্তৰৰ বাবে কেবিনেটে সিদ্ধান্ত লোৱা বুলি অবগত কৰি কয়, “, “আলী টৌকি শ্বেখ আৰু অন্য সকলৰ ভাৰত বিৰোধী ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী সংস্থা গঠন কৰা হৈছিল। তাৰ প্ৰতিবেদন পুংখানুপুংখ ভাৱে কেবিনেটত আলোচনা হয়। আলোচনাত বিষয়টোৰ গভীৰতালৈ লক্ষ্য কৰি এচ আই টি আৰু ইয়াৰ লগত পঞ্জীভুক্ত গোচৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। গৃহ মন্ত্ৰালয়ে এটা তদন্তকাৰী সংস্থাৰ জৰিয়তে ইয়াৰ তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত লয়।”
তেওঁ কয়, “কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীয়ে বিশ্বাস কৰে ই এক গুৰুত্বপূৰ্ণ গোচৰ । ভাৰত নিৰাপত্তাৰ প্ৰতি ই ভাবুকি আনিব। এই ঘটনাৰ লগত তিনিজন ব্যক্তি আছে। তেওঁলোক হৈছে এজন আলী টৌকি শ্বেখ, এজন সাংসদৰ আৰু সাংসদ জনৰ পত্নী । আমি ভাৰত চৰকাৰলৈ গোচৰটো হস্তান্তৰ কৰিব বিচাৰো। যাতে আমি উলিয়াব নোৱাৰা কথাখিনি তেওঁলোকে উলিয়াব পাৰে। ২০১২ আৰু ২০১৬ চনৰ টেলিফোনিক তথ্য অসম চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰে। ভাৰত চৰকাৰেহে পাৰে। সেয়ে ইয়াক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত কৰিব লাগিব। কিন্তু অসম আৰক্ষীয়ে বহু তথ্য উদ্ঘাটন কৰিছে।”
ইপিনে গৃহ মন্ত্ৰালয়ে কোন সংস্থাৰ জৰিয়তে তদন্ত কৰিব সেই সিদ্ধান্ত নিজে ল’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “যেতিয়া এটা গোচৰ আৰক্ষীয়ে পঞ্জীভুক্ত কৰে তাৰ পিছত তদন্তৰ বাবে ‘চি বি আই’ বা ‘এন আই এ’ লৈ পঠিয়াব পাৰে। কিন্তু আমি নিৰ্বাচন নকৰো । আমি এচ আই টিৰ প্ৰতিবেদনখন গৃহ বিভাগলৈ পঠিয়াই দিম। গৃহ বিভাগে নিজস্ব বাবে গোচৰটোৰ তদন্তৰ দায়িত্ব ‘চি বি আই’ য়ে কৰিব নে ‘এন আই এ’ক দিব সেই সিদ্ধান্ত ল’ব।”
তেওঁ কয়,”ল’ৰা, ছোৱালী বা পত্নী পাকিস্তান গ’লে ভাৰত ৰাষ্ট্ৰক জনাব লাগিব। সাংসদ জন যোৱাৰ আগতো সামাজিক মাধ্যমত সক্ৰিয় আছিল। ঘূৰি অহাৰ পিছতো সক্ৰিয়। কিন্তু তাত থকা সময়ত তেওঁ নিষ্ক্ৰিয় আছিল। যদি তেওঁ পৰ্যটনৰ উদ্দেশ্যে গৈছিল তেন্তে ফেচবুক বা টুইটাৰত ফটো পোষ্ট কৰিব লাগিছিল।”
কংগ্ৰেছে বুথ পৰ্যায়ৰ কৰ্মীক নিৰামিষ ভাত খুৱাই
এইবাৰ ৰাজনৈতিক বোকা ছটিওৱাৰ বিষয় হৈ পৰিছে ভাত। শনিবাৰে মুখ্যমন্ত্ৰীয়ে এখন সভাত অংশগ্ৰহণৰ পিছত সাংবাদিকৰ আগত কংগ্ৰেছে বুথ পৰ্যায়ৰ কৰ্মীক নিৰামিষ ভাত খুৱাই বুলি অভিযোগ কৰি কয়, ” শুকুৰবাৰে নগাঁৱৰ এখন হোটেলত ৬০ প্লেট ভাতৰ অৰ্ডাৰ দিছিল। কংগ্ৰেছৰ নেতা কেইজনৰ বাবে ৩০ প্লেট চিকেন ৰাইচ আৰু বুথৰ মানুহৰ বাবে ৩০ প্লেট নিৰামিষ। এইটো কংগ্ৰেছৰ মানসিকতা।এখন বাছত উঠি ঘূৰি ফুৰিছে। আগতো মানুহ নাই,পিছতো মানুহ নাই।”
কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে অশালীন ইংগিত দিয়াৰ অভিযোগ
অসমৰ বিৰোধী দলপতি, কংগ্ৰেছ নেত্ৰীৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কালি যি অশালীন ইংগিত দিছে বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “এইয়া অত্যন্ত লজ্জাজনক৷ এয়া আমাৰ সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয়৷ এনেধৰণৰ মানুহেই মহিলা কল্যাণ মন্ত্ৰী হ’ব। বিষয়টো মহিলা আয়োগৰো দৃষ্টি গোচৰ কৰিব কৈছো।যাতে ব্যৱস্থা লয়।”
ই কোনো ৰাজনীতি নহয়, ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে কৰা তদন্তঃ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সম্পৰ্কত ‘এচ আই টি’য়ে কৰা তদন্ত কোনো ৰাজনীতি নহয়, ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে কৰা তদন্ত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। শনিবাৰে সাংবাদিকৰ আগত ডঃ শৰ্মাই কয়, “ই এটা ভাৰতক দুৰ্বল কৰা ষড়যন্ত্ৰ।অসম চৰকাৰে তেনেদৰেই বাবে। ইয়াৰ কেন্দ্ৰীয় ভূমিকা পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী বৃটিছ নাগৰিক জড়িত। বৃটিছ নাগৰিক গৰাকী এজন সাংসদৰ পত্নী। কেন্দ্ৰীয় চৰকাৰৰ ওচৰ পালে এই তদন্ত বহুত আগবাঢ়িব। কাৰণ আমাৰ তদন্ত কৰিব পৰা ক্ষমতা সীমিত। এই সীমিত ভাবেই যিখনি তথ্য আমি গোট খুৱাইছোঁ। সেই তথ্যখিনিয়েই যথেষ্ট। যদি এই তদন্তৰ ভাৰ ‘এন আই এ’, ‘আই বি’ বা ‘চি বি আই’ য়ে ল’লে আৰু বহু আগবাঢ়ি যাব। আমি যিখিনি তদন্ত কৰিছো সেইখিনি ১০ শতাংশ। ৯০ শতাংশ ওলাবলৈ বাকী আছে। ই কোনো ৰাজনীতি নহয়, ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে কৰা তদন্ত। ই ৰাজনীতিত প্ৰভাৱ পৰিব নে নপৰে সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটো মূল বিষয়। গৌৰৱ গগৈয়ে স্থানীয় বৈদ্যুতিন মাধ্যমত সাক্ষাৎকাৰত যিমান তথ্য দিছিল সকলো ভুল। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল মোৰ ল’ৰাৰ নাগৰিকত্ব কভিডৰ সময়ত সলনি কৰিছিলো। কিন্তু আমাৰ হাতত থকা তথ্যমতে তেওঁ ২০২২ চনত ল’ৰাৰ নাগৰিকত্ব সলনি কৰিছিল। অৰ্থাৎ কভিডৰ বহু পিছত। গতিকে আমাৰ বিশ্লেষণত প্ৰমাণিত হৈছে যে গৌৰৱ গগৈয়ে আত্মপক্ষৰ সমৰ্থনত দিয়া সাক্ষাৎকাৰৰ তথ্য ভুল।”
লগতে পঢ়কঃ সৰ্বাৰ বৰঘৰৰ পৰাই হিমন্তক পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
