নগাঁও: নগাঁও সদৰস্থ ছপা মাধ্যমৰ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ উদ্যোগত দেওবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী স্মৃতি ভৱনত প্ৰয়াত সাংবাদিক বিচিত্ৰ নাৰায়ণ বৰা আৰু ৰাতুল বৰাৰ সোঁৱৰণত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় (Nagaon Print Media Association Painting Competition)।
এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ মাজতে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা কমলা দেৱী তোদী স্মৃতি ভৱনত উপস্থিত হৈ প্ৰতিযোগী সকলক উৎসাহিত কৰে।
বিধায়ক শৰ্মাই নিজৰ চমু ভাষণত কয় যে, নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ কৰ্মৰাজি শলাগিবলগীয়া। নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনে প্ৰয়াত সাংবাদিক সকলৰ স্মৃতিত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।এইবাৰ বিচিত্ৰ নাৰায়ণ বৰা আৰু আৰু ৰাতুল ববাৰ সোঁৱৰণত চিত্ৰাংকন অনুষ্ঠিত কৰি প্ৰয়াত দুগৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে কণকণ ছাত্ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৃষ্টিশীলতাৰ ক্ষেত্ৰত উদগণি মূলক পদক্ষেপ গ্ৰহণ কৰিছে।এই প্ৰতিযোগিতাই শিশু সকলক যথেষ্ট উৎসাহিত কৰিব। ভৱিষ্যতেও অন্য ব্যতিক্ৰমী কাৰ্যসূচী হাতত ল’বলৈ তেওঁ এছ’চিয়েছনৰ বিষয়ববীয়া সকলক আহ্বান জনায়।
ইপিনে,প্ৰতিযোগিতাৰ অন্তত দুই বিচাৰক ক্ৰমে অৰবিন্দ দাস আৰু মোহৰ আলীয়ে বিজয়ী প্ৰতিযোগী সকলৰ নাম ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি,’ক’ আৰু শাখাত প্ৰথম পুৰস্কাৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আফৰীণ তাবাচ্চুম, দ্বিতীয় পুৰস্কাৰ কলং কপিলী বিদ্যাপীঠৰ তানজিল আলী, তৃতীয় পুৰস্কাৰ এ এল এখলাছ একাডেমীৰ নিব্ৰাছ আলমে লাভ কৰে। আনহাতে ‘খ’ শাখাত প্ৰথম পুৰস্কাৰ খ্ৰীষ্টজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱলীনা বৰা, দ্বিতীয় পুৰস্কাৰ এ কে এখলাছ একাডেমীৰ ৰিফা ছিদ্দিকাই আৰু তৃতীয় এ কে এখলাছ একাডেমীৰ তাহমিনা চুলতানাই লাভ কৰে।
নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ সাধাৰণ সম্পাদক হিচাপে চন্দনজ্যোতি বৰাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বঁটা প্ৰাপক সকলক বঁটা সমূহ প্ৰদান কৰে নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ সভাপতি কনক হাজৰিকা, কাৰ্যকৰী সভাপতি হেমেন কুমাৰ দাস,উপ সভাপতিত্ৰয় পলাশ প্ৰতীম হাজৰিকা অজয় মাহাতো,ফাইজুৰ ৰহমান, কোষাধ্যক্ষ ছফিকুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক বৈদ্যনাথ চাহানী, নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ সহকাৰী সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি শইকীয়া, নাজিম উদ্দিন আহমেদ মিন্টু দাস আদিয়ে।
অনুষ্ঠানটোৰ অন্যদিশ সমূহত সহযোগিতা আগবঢ়াই মিজু বৰা, ৰাজজ্যোতি দাস, সুৰুজ কুমাৰ বৰা, গোপাল ৰায়।
লগতে পঢ়কঃ দুষ্টচক্ৰৰ টাৰ্গেটত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
