35th Biennial Conference of Nagaon District Brahmin Society Concludes Successfullyনগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ৩৫ সংখ্যক দ্বি-বার্ষিক অধিবেশনৰ সামৰণি

নগাঁও: নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ৩৫ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখন দেওবাৰে এদিনীয়া কার্যসূচীৰে ননৈ বাদল গাঁও স্থিত সমাজৰ জিলা কাৰ্যালয় চৌহদত অনুষ্ঠিত হয় (Nagaon District Brahmin Society Conference)।

পুৱা পৰিবেশ নিকাকৰণৰ পাচত জিলা সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ শৰ্মাই পতাকা উত্তোলন কৰি অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পাচতে স্মৃতি তৰ্পন কৰে কাৰ্যকৰী সভাপতি বেদানন্দ ভাগৱতীয়ে।

আনহাতে শিল্পী জুবিন গাৰ্গৰ স্মৃতিত জিলা ব্ৰাহ্মণ সমাজৰ স্থায়ী কাৰ্যালয় চৌহদত এটি নাহৰ পুলি ৰোপন কৰে প্ৰাক্তনমন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই । নাহৰ পুলিটো ৰোপন কৰি দিয়া ভাষণত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই অসমৰ সংগীত জগতলৈ শিল্পী জুবিন গাৰ্গে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি কয়,” পাশ্চাত্য সংগীতৰ প্ৰতি যি সময়ত অসমৰ যুৱক-যুৱতী অধিক আকৃষ্ট হৈ পৰিছিল সেই সময়ত শিল্পী জুবিন গাৰ্গে অসমীয়া গীতৰ এক নতুন ধাৰা সৃষ্টি কৰি যুৱ প্ৰজন্মক অসমীয়া গীতৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল ।”

বিয়লি নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি নৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শর্মাই অসমৰ সমাজ জীৱনলৈ ব্ৰাহ্মণ সকলে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি সামাজিক দায়ৱদ্ধতা ৰক্ষা কৰি সংস্কাৰমুখী নীতিৰে ব্ৰাহ্মণ সকলক সমাজৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। আনহাতে অপ্ৰমাদী কবি মাধৱ কন্দলিৰ স্মৃতিত নগাঁৱত এক স্মাৰক ক্ষেত্ৰ স্থাপন কৰিবলৈ অসম ব্ৰাহ্মণ সমাজে আগবঢ়োৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিধায়ক শৰ্মাই পৰৱৰ্তী সময়ত সাধ্যানুসাৰে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

সভাত আন এগৰাকী সন্মানীয় অতিথি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে সম্প্ৰতিক সময়ত আধুনিকতাৰ ধামখুমীয়াত যুৱ প্ৰজন্মৰ বহুতেই নিজৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ পৰা ফালৰি কাটি এক বিশৃংখল জীৱনক সাৱতি লোৱা কাৰ্যত উদ্বেগ প্ৰকাশ কৰে ।

বিধায়ক গোস্বামীয়ে পৰম্পৰাগত আৰু বৌদ্ধক জ্ঞানৰ জৰিয়তে যুৱ প্ৰজন্মক আগবঢ়াই লৈ যোৱাত মনোনিৱেশ কৰিবৰ বাবে ব্ৰাহ্মণ সমাজক আহ্বান জনায় । সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সংস্কৃত পণ্ডিত ড০ নীতিশ চন্দ্ৰ শৰ্মা শাস্ত্ৰীয়ে “নিত্যসন্ধ্যা আৰু গায়ত্ৰী মহামন্ত্ৰ” শীৰ্ষক বক্তৃতা প্ৰদান কৰে ।

আনহাতে অধিবেশন উপলক্ষে জিতেন বৰকটকীৰ সম্পাদনাত জিলা ব্ৰাহ্মণ সমাজে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ ‘ব্ৰহ্মজ্যোতি’ উন্মোচন কৰে অসম ব্ৰাহ্মণ সমাজৰ সভাপতি অমূল্য নাথ শৰ্মাই ।

নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সাধাৰণ সম্পাদক দ্বিজেন গোস্বামীয়ে আঁত ধৰা আৰু ড০ দ্বিজেন শৰ্মা আৰু জিতেন বৰকটকীয়ে সহযোগিতা আগবঢ়োৱা সভাত অসম ব্ৰাহ্মণ সমাজৰ সম্পাদক প্ৰধান তুতুল বৰঠাকুৰ, জিলা ব্ৰাহ্মণ সমাজৰ উপদেষ্টা ক্ৰমে যজ্ঞপতি শৰ্মা শাস্ত্ৰী, মহেন্দ্ৰ শৰ্মা আৰু অনুপ বৰঠাকুৰ,প্ৰাক্তন জিলা সভাপতি লক্ষ্মীনাৰায়ণ শর্মা, কাৰ্যকৰী সভাপতি বেদানন্দ ভাগৱতীৰ লগতে জিলা সমাজ আৰু বিভিন্ন আঞ্চলিকৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

সভাত ব্ৰাহ্মণ সমাজলৈ বিশেষ ভাৱে সেৱা আগবঢ়োৱা সমাজৰ তিনিগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰ লগতে বিভিন্ন পৰীক্ষাত কৃতকার্যতা লাভ কৰা তিনিগৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ইয়াৰ পূৰ্বে অনুষ্ঠিত প্ৰতিনিধি সভাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে নৰেন্দ্ৰ নাথ শৰ্মাক সভাপতি, বেদানন্দ ভাগৱতীক কাৰ্যকৰী সভাপতি,অশোক শৰ্মা আৰু প্ৰশান্ত শৰ্মাক উপসভাপতি, বসন্ত শৰ্মাক সাধৰণ সম্পাদক, হৰেণ শৰ্মা আৰু ৰামচন্দ্ৰ শৰ্মাক সহকাৰী সম্পাদক হিচাপে লৈ জিলা ব্ৰাহ্মণ সমাজৰ আগন্তক দুটা বৰ্ষৰ কাৰ্যকালৰ বাবে এখন নতুন সমিতি গঠন কৰা হয়।

লগতে পঢ়কঃ নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা


Advertisement