গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকা বুলি উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত তদন্তৰ বাবে ৰাজ্যৰ চৰকাৰে গঠন কৰি দিয়া এছ আই টিৰ প্ৰতিবেদন অৱশেষত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰাৰ পাছত নিজৰ স্থিতি স্পষ্ট কৰিলে গৌৰৱ গগৈয়ে (Gaurav Gogoi Pakistan Link)। দেওবাৰে সংবাদ মেল আয়োজন কৰি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য এছ আই টিৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজহুৱাকৈ উল্লেখ কৰাৰ পাছত সোমবাৰে সংবাদ মেলৰ আয়োজন কৰি স্পষ্টীকৰণ দিলে গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে ‘সময় পৰিবৰ্তনৰ যাত্ৰা’ৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি ৰাজহুৱা কৰাৰ পাছতেই এইসমূহ বিষয় তল পেলাবলৈ মুখ্যমন্ত্ৰীয়ে পাকিস্তান প্ৰসংগ উল্লেখ কৰা বুলি সংবাদ মেলত মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মেলত পাকিস্তান সম্পৰ্কৰ অভিযোগ সম্পূৰ্ণৰূপে নস্যাত কৰি গৌৰৱ গগৈয়ে কয়, “মোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ এটাও প্ৰমাণ মুখ্যমন্ত্ৰীগৰাকীয়ে নাপালে। যাৰ ফলত প্ৰায় ছমাহ অসমৰ ৰাইজৰ পৰা এছ আই টিৰ প্ৰতিবেদন লুকুৱাই ৰাখিছে। যদি দেশৰ সুৰক্ষাৰ বিষয় জড়িত আছিল তেন্তে ছমাহ কিয় পলম কৰিলে?”
এছ আই টিৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰা সংবাদ মেলক ফ্লপ চিনেমা আখ্যা দিয়ে গৌৰৱ গগৈয়ে।
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় কাষ নাচাপিল আদালতৰ?
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ কথা ৰাজহুৱাকৈ কোৱাৰ পাছতো আদালতৰ কাষ চপা নাই কিয় বুলি কৰা প্ৰশ্নৰ উত্তৰত সংবাদ মেলত গৌৰৱ গগৈয়ে কয়, “বিষয়টো তদন্তৰ বাবে যিহেতু এছ আই টি গঠন কৰা হৈছে আৰু এছ আই টিয়ে তদন্ত কৰি আছে। এনে ক্ষেত্ৰত আমি যদি আদালতত গোচৰ দিওঁ তেন্তে আদালতে হয়তো এছ আই টিক বাধা দিব পাৰে, অথৱা নীতি নিয়ম দিলে হেতেন। কিন্তু তেতিয়া আমি কলেহেঁতেন ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা জড়িত থকা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কংগ্ৰেছ দলে সহায় কৰিব বিচৰা নাই। সমৰ্থন কৰিব বিচৰা নাই। সেই কাৰণেই আমি প্ৰথম দিনৰ পৰাই কৈছোঁ। এছ আই টিক আমি কোনো আইনী বাধা দিব বিচৰা নাই। এতিয়া অসমৰ ৰাইজৰ মাজত বিষয়টো ভেল্কীবাজী হিচাপে চর্চা হোৱাটো আমাৰ ৰাজনৈতিক সফলতা। ইয়াৰ বাবেই আমি বাধা দিব বিচাৰে7নাছিলোঁ। সেই মতে মুখ্যমন্ত্ৰীয়ে আমাৰ জালত ভৰি দিলে, এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে, আঢ়ৈ ঘণ্টা সংবাদ মেল দিলে কিন্তু এটাও প্ৰমাণ দিব পৰা নাই।
পাকিস্তান কিয় গৈছিল গৌৰৱ গগৈ?
পাকিস্তান ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, “মই পাকিস্তান যোৱাৰ তথ্য ২০১৪ চনতেই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ হাতত আছে। মই কি কাৰণত গৈছিলো সেই কথাও সকলো জ্ঞাত। মোৰ পত্নী এবছৰ তেওঁ এটা আন্তৰাষ্ট্ৰীয় অনুষ্ঠানৰ বাবে পাকিস্তাত আছিল। এবছৰ তেওঁ তাত আন্তৰাষ্ট্ৰীয় বতৰ পৰিবৰ্তনৰ ওপৰত কাম কৰিছিল। যি অনুষ্ঠানৰ ধন বিনিয়োগ কৰিছিল ব্ৰিটিছে। সেই কামৰ বাবে মোৰ পত্নী পাকিস্তানত থকা বাবে তেওঁ তাত কিদৰে অতিবাহিত কৰে, কিদৰে বজাৰ কৰে, ক’ৰপৰা বস্ত্ৰ ক্ৰয় কৰে কিদৰে থাকে? সেইসমূহ বিষয় চাবলৈহে মই পাকিস্তান গৈছিলোঁ। লাহোৰৰ পাছপ’ৰ্ট লৈ যোৱাৰ পাছত ইছলামবাদত মোৰ পত্নীৰ কাৰ্য্যালয়ৰ বিভাগ থকা বাবে ইয়াত তাতো গৈছিলোঁ। এই সকলো তথ্য মই সেই সময়তেই মোদী চৰকাৰৰ হাতত পাছপ’ৰ্ট জমা দি সকলো অৱগত কৰিলোঁ। পূৰ্বেও এই কথাটো মই সংবাদ মেলত উল্লেখ কৰিছিলোঁ। এইসমূহ কথা মই মুখ্যমন্ত্ৰীক উত্তৰ দিবলৈ কোৱা নাই। কেৱল অসমৰ ৰাইজক আৰু সংবাদ মাধ্যমক উত্তৰ দিবলৈহে কৈছোঁ।
সন্তানৰ বিদেশী নাগৰিক সন্দৰ্ভত কি কলে গৌৰৱে?
নিজৰ পৰিয়ালৰ নাগৰিকত্ব সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, “ মই সৰুৰে পৰা মোৰ দেউতাক দেখাই নাছিলোঁ। দেউতা সদায় ৰাইজৰ মাজত আছিল আৰু মাকে মোক ডাঙৰ দীঘল কৰিছে। মোৰ ৰাজনীতি মুখ্যমন্ত্ৰীত কৈ পৃথক। মই ৰাইজৰ মাজত আছোঁ আৰু মোৰ পত্নীয়ে চাকৰি কৰি সন্তানক ডাঙৰ দীঘল কৰি আছে। মই মোৰ সন্তানক মাতৃৰ ওপৰত এৰি দিছোঁ। যেতিয়া মোৰ সন্তানৰ বয়স যেতিয়া ১৮ বছৰ হ’ব তেতিয়া তেওঁলোকে স্বাধীন মনে সদনত গ্ৰহণ কৰিব। বিজেপি চৰকাৰৰ ভিতৰত উচ্চস্তৰীয় মন্ত্ৰী বিধায়কে তেওঁলোকৰ সন্তানে নিজৰ ভাৰতীয় পাছপ’ৰ্ট ছাৰেণ্ডৰ কৰিছে।
ভাৰতৰ সুৰক্ষাৰ দিশত কিয় প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে
সংসদত দেশৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰা প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰা সন্দৰ্ভত উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আমি সংসদত প্ৰশ্ন উত্থাপনৰ পূৰ্বেই আমি জাননী দিব লাগে উত্তৰ সাজু কৰিবলৈ। এনে অৱস্থাত লোকসভাৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰে যিমূহ প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰয়োজন নহয় অথৱা দেশৰ সুৰক্ষাৰ প্ৰতী ভাবুকিৰ সৃষ্টি কৰিব পাৰে তেনে প্ৰশ্নৰ উত্তৰ নিদিয়ে। এনে ক্ষেত্ৰত মোৰ প্ৰশ্ন যদি সুৰক্ষা জড়িত তেন্তে চৰকাৰে উত্তৰ কিয় দিলে? মোৰ প্ৰশ্নৰ যিহেতু চৰকাৰে দিছে গতিকে চৰকাৰ অথৱা লোকসভাৰ সচিবে সিদ্ধান্ত লৈছে এই প্ৰশ্ন শুদ্ধ প্ৰশ্ন বুলি।”
তৰুণ গগৈৰ আদৰ্শৰে ৰাজনীতি কৰাৰ কথাও সংবাদ মেলত উল্লেখ কৰে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
সংবাদ মেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনো উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। মুখ্যমন্ত্ৰীয়ে ৰচনা কৰা কাহিনীৰ কোনো ভিত্তি নাই নাই বুলি উল্লেখ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় , “ এয়া মানুহক বিপথে পৰিচালিত কৰিবলৈ এটা ফুচুৰি কাহিনী।
লগতে পঢ়কঃ সংবাদ মেলত গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে
