AJP Urges Supreme Court for Suo Motu Case Against BJP Over Alleged Communal Provocationবিজেপি নেতৃত্বৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজুৰ আহ্বান অজাপৰ

গুৱাহাটীঃ বিজেপি দলে ইয়াৰ সামাজিক মাধ্যম মঞ্চসমূহত আপলোড কৰি কিছু সময়ৰ ভিতৰতে ডিলিট কৰি দিয়া হিংসাত্মক বাৰ্তা সম্বলিত ভিডিঅ’‍টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে (AJP calls for suo motu case against BJP)। উক্ত ভিডিঅ’টোৰে বিজেপিয়ে অসমত স্পষ্টকৈ সাম্প্ৰদায়িক হিংসাৰ বাবে উচটনি দিয়া বুলি দলটোৱে অভিযোগ কৰে।

সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে বিজেপি দলৰ অসম ৰাজ্যিক সমিতিৰ ফেচবুক আৰু টুইটাৰ মঞ্চত আপলোড কৰি কিছু সময়ৰ ভিতৰতে ডিলিট কৰি দিয়া উক্ত ভিডিঅ’টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বন্দুকৰ পৰা ওলোৱা গুলিয়ে নিৰ্দিষ্ট কিছু সংখ্যক লোকক হত্যাৰ উদ্দেশ্যে টাৰ্গেট কৰা দেখুৱাই তাৰ সৈতে ‘পইন্ট ব্লেংক শ্বট’ বুলি লিখি দিয়া হৈছিল। তাৰ দ্বাৰা বিজেপি দলে কি বুজাব বিচাৰিছে সেয়া স্পষ্ট।

ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৰ উক্ত ভিডিঅ’ প্ৰচাৰপ উদ্দেশ্য আৰু মানসিকতাক গৰিহণা দি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে যি সময়ত ৰাজ্যৰ নাগৰিকসকলে শান্তি আৰু সমৃদ্ধি বিচাৰি আছে, তেনে সময়ত বিজেপিয়ে অসমত হত্যা-হিংসাৰে জংঘলৰাজ প্ৰতিষ্ঠাৰ ইংগিত সম্বলিত বাৰ্তা দি আছে।

অসমত হত্যা-হিংসাক উচটনি দিয়াৰ অপৰাধত বিজেপি নেতৃত্বৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নিজাববীয়া গোচৰ ৰুজো কৰিবলৈ জাতীয় পৰিষদৰ নেতাদ্বয়ে অসম আৰক্ষীক আহ্বান জনায়।

লগতে পঢ়কঃ কেন্দ্ৰীয় বাজেটক লৈ অসন্তুষ্টি অসম জাতীয় পৰিষদৰ


Advertisement