নগাঁওঃ ২০২৬ ৰ বিধানসভা নিৰ্বাবচনৰ বাবে ক্ৰমাৎ সাজু হৈছে নিৰ্বাচন আয়োগৰ লগতে জিলা প্ৰশাসনো (Arms Deposit Before Election)। আগন্তক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে।
আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ, নিৰ্ভীক আৰু ন্যায়সঙ্গতভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসনে অস্ত্ৰ-শস্ত্ৰৰ ওপৰত কঠোৰ নিৰ্দেশ জাৰি কৰিছে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি নগাঁও জিলাৰ সকলো অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা লোকক তৎক্ষণাত নিজৰ অস্ত্ৰ, গুলী আদি নিজৰ নিজৰ স্থানীয় আৰক্ষী থানা তথা অনুমোদিত ভাণ্ডাৰত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে।
ভাৰতৰ নিৰ্বাচন আয়োগে ২০০৯ চনৰ ১ ছেপ্টেম্বৰত জাৰি কৰা স্থায়ী নিৰ্দেশনা (নং 464/INST/2009/EPS) অনুসৰি নিৰ্বাচনৰ ঘোষিত সময়ছোৱাত জিলা দণ্ডাধীশে অস্ত্ৰ আৰু গুলীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। উক্ত নিৰ্দেশনাৰ অনুচ্ছেদ ৩.১১ (জি) অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত অস্ত্ৰ জমা নিদিয়া অনুজ্ঞাপত্ৰ থকা মাৰনাস্ত্ৰৰ গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
এই প্ৰসংগত নগাঁও জিলাৰ আয়ুক্ত তথা জিলা দণ্ডাধীশ দেবাশীষ শৰ্মাই Arms Rules, 1962ৰ ধাৰা ৪৭(১)(A), (B) আৰু (C) অনুসৰি প্ৰাপ্ত ক্ষমতা ব্যৱহাৰ কৰি উক্ত নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনা অমান্য কৰা ব্যক্তিসকলৰ বিৰুদ্ধে অস্ত্ৰ আইন, ১৯৫৯ (সংশোধিত) আৰু প্ৰচলিত আইনৰ অন্যান্য ব্যৱস্থা অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে নিৰ্দেশনাত।
জিলা প্ৰশাসনৰ জাননীৰ মতে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এক সপ্তাহ পাছত জমা দিয়া অস্ত্ৰ আৰু গুলী পুনৰ নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰৰ গৰাকীক উভতাই দিয়া হ’ব। এই পদক্ষেপে নিৰ্বাচনী সময়ছোৱাত আইন-শৃংখলা ৰক্ষা কৰাৰ লগতে ভোটাৰৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি প্ৰশাসনে আশা প্ৰকাশ কৰিছে।
লগতে পঢ়কঃ দুষ্টচক্ৰৰ টাৰ্গেটত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
