নগাঁওঃ ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰি মঙলবাৰে প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা (Nagaon Final Voter List 2026)। ভোটাৰ তালিকাৰ পৰা কোনো এগৰাকী ভোটাৰৰ নাম অন্যায়ভাৱে কৰ্তন হোৱা নাই বুলি উল্লেখ কৰি সংবাদ মেলত ভোটাৰ তালিকাৰ বিষয়ে অৱগত কৰিলে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সদৰী কৰা তথ্য অনুসৰি-
SR সম্পন্ন হোৱাৰ পাছত নগাঁৱত মুঠ ভোটাৰ ১৫,৫১,৫৩০ গৰাকী। ইয়াৰে
পুৰুষ ভোটাৰ: ৭,৭৮,২০৮ গৰাকী
মহিলা ভোটাৰ: ৭,৭৩,২৭০ গৰাকী
তৃতীয় লিংগৰ ভোটাৰঃ ৫২ গৰাকী
বিধানসভা সমষ্টি ভিত্তিত ভোটাৰৰ সংখ্যা
ধিং বিধানসভা সমষ্টি
মুঠ ভোটাৰ: ২,৩৫,৪৮১
পুৰুষ: ১,২১,০৮৯
মহিলা: ১,১৪,৩৮৪
ৰূপহীহাট বিধানসভা সমষ্টি
মুঠ ভোটাৰ: ২,৩১,৫৮৪
পুৰুষ: ১,১৮,৬৬১
মহিলা: ১,১২,৯১৮
তৃতীয় লিংগ: ৫
কলিয়াবৰ বিধানসভা সমষ্টি
মুঠ ভোটাৰ: ১,৮৮,৯৮২
পুৰুষ: ৯৩,৯৭০
মহিলা: ৯৫,০০৬
তৃতীয় লিংগ: ৬
চামগুৰি বিধানসভা সমষ্টি
মুঠ ভোটাৰ: ২,২৪,৮২৬
পুৰুষ: ১,১৩,৭৮৫
মহিলা: ১,১১,০৩৫
তৃতীয় লিংগ: ৬
বঢ়মপুৰ বিধানসভা সমষ্টি
মুঠ ভোটাৰ: ২,৩০,৪৭১
পুৰুষ: ১,১৪,৭১১
মহিলা: ১,১৫,৭৫১
তৃতীয় লিংগ: ৯
নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টি
মুঠ ভোটাৰ: ১,৯৭,২৮৪
পুৰুষ: ৯৫,৩৪৮
মহিলা: ১,০১,৯৩০
তৃতীয় লিংগ: ৬
ৰহা বিধানসভা সমষ্টি
মুঠ ভোটাৰ: ২,৪২,৯০২
পুৰুষ: ১,২০,৬৪৪
মহিলা: ১,২২,২৪৬
তৃতীয় লিংগ: ১২
SR প্ৰক্ৰিয়াত ভোটাৰ কৰ্তন আৰু অন্তৰ্ভুক্তিৰ তথ্য
SR প্ৰক্ৰিয়াৰ জৰিয়তে জিলাখনত মুঠ ৪৩,৮৬৭ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। কৰ্তনৰ বাবে লাভ কৰা ৭০,৭১৬ টা অভিযোগৰ ভিতৰত ৪৩,৮৬৭টা অভিযোগ গ্ৰহণযোগ্য হোৱাত সেই অনুসৰি ভোটাৰৰ নাম কৰ্তন কৰা হয়।
সমষ্টি ভিত্তিত কৰ্তনৰ সংখ্যা—
ধিং বিধানসভা সমষ্টি: ৫,৬৪৬
ৰূপহীহাট বিধানসভা সমষ্টি: ৪,৯১১
কলিয়াবৰ বিধানসভা সমষ্টি: ৪,৭২৬
চামগুৰি বিধানসভা সমষ্টি: ৪,২৪৫
বঢ়মপুৰ বিধানসভা সমষ্টি: ৬,৬২০
নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টি: ৯,৯০২
ৰহা বিধানসভা সমষ্টি: ৭,৮১৭
নতুনকৈ অন্তৰ্ভুক্ত হোৱা ভোটাৰৰ সংখ্যা
SR প্ৰক্ৰিয়াত জিলাখনত মুঠ ৪৩,১২১ গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
সমষ্টি ভিত্তিত অন্তৰ্ভুক্ত ভোটাৰ—
ধিং বিধানসভা সমষ্টি: ৮,০১৩
ৰূপহীহাট বিধানসভা সমষ্টি: ৯,৩৬০
কলিয়াবৰ বিধানসভা সমষ্টি: ৪,৩৯২
চামগুৰি বিধানসভা সমষ্টি: ৬,১৫৪
বঢ়মপুৰ বিধানসভা সমষ্টি: ৫,৪৪৮
নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টি: ৩,৪৬২
ৰহা বিধানসভা সমষ্টি: ৬,২৯২
ভোটাৰ স্থান সলনিৰ তথ্য
নগাঁও জিলাত SR প্ৰক্ৰিয়াত মুঠ ১,৭৩,৯৪২ গৰাকী ভোটাৰৰ স্থান সলনি হৈছে।
সমষ্টি ভিত্তিত স্থান সলনি—
ধিং বিধানসভা সমষ্টি: ৩৭,৯৯৭
ৰূপহীহাট বিধানসভা সমষ্টি: ৫৪,৬৬৬
কলিয়াবৰ বিধানসভা সমষ্টি: ৭,৭৬২
চামগুৰি বিধানসভা সমষ্টি: ৪০,৯২৩
বঢ়মপুৰ বিধানসভা সমষ্টি: ৭,৭৫৬
নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টি: ১১,৯১৭
ৰহা বিধানসভা সমষ্টি: ১২,৯২১
ভোটাৰ তালিকাৰ পৰা কোনো এগৰাকী নাগৰিকৰ নাম অন্যায়ভাৱে কৰ্তন হোৱা নাই বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্যন্ত শুধৰণি কৰাৰ সুবিধা লাভ কৰিব বুলিও সংবাদ মেলত উল্লেখ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে অস্ত্ৰ জমা বাধ্যতামূলক: নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ
