Rakibul Hussain Raises Direct Questions to Himanta Biswa Sarma Over Jubin Garg Death মুখ্যমন্ত্ৰীলৈ এসময়ৰ বন্ধু ৰকিবুল হুছেইনৰ পোনপটীয়া প্ৰশ্ন

নগাঁওঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য বিগত বৰ্ষৰ ১০ ছেপ্টেম্বৰতে সদৰী কৰিম বুলি ঘোষণা কৰাৰ সুদীৰ্ঘ ৬ মাহৰ পিছত যোৱা ৮ ফেব্ৰুৱাৰীতহে সদৰী কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছে তেওঁৰে এসময়ৰ ঘনিষ্ঠ বন্ধু তথা সাংসদ ৰকিবুল হুছেইনে (Rakibul Hussain questions Himanta Biswa Sarma)।

মংগলবাৰে নগাঁৱত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিততহে ছেপ্টেম্বৰ মাহত এচ আই টিৰ প্ৰতিবেদনৰ তথ্য ৰাজহুৱা কৰিব পৰা নাছিল বুলি কৰা মন্তব্যৰ উত্তৰত কয়, “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ ১০ ছেপ্টেম্বৰতে এচ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি ঘোষণা কৰিছিল।১০ ছেপ্টেম্বৰত অসমৰ মানুহ ৰৈ থাকিল। তেওঁ কিন্তু গাপ দিলে। কথাবোৰ সেই সময়ত ৰাজহুৱা নকৰিলে। একেদৰে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীতো নকলে। যোৱা ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰিলে। ১০ ছেপ্টেম্বৰ কিয় ৰাজহুৱা নকৰিলে বুলি তেতিয়া সাংবাদিকে সোধাত মুখ্যমন্ত্ৰীয়ে ক’লে যে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই তথ্য ৰাজহুৱা কৰিব পৰা নগ’ল। এই সম্পৰ্কত মোৰ পোনপটীয়া প্ৰশ্ন ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে জানিলে যে ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ’ব?’

সাংসদ হুছেইনে কয়,” জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱা নাই। হত্যা বুলি খোদ মুখ্যমন্ত্ৰীয়েই উল্লেখ কৰিছে। গতিকে আমি পুনৰ সুধিছো ১৯ ছেপ্টেম্বৰত হত্যা হোৱা জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে ১০ ছেপ্টেম্বৰত কেনেকৈ জানিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?”

বিজেপি কৰ্মী সকলেও কংগ্ৰেছক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰি সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয়, “আমি কংগ্ৰেছে বিৰোধী ঐক্যৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত কৰিম বুলি চিন্তা চর্চা কৰি থকাৰ সময়তে ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়া গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাবলৈ আগবাঢ়িছে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সন্দৰ্ভত কৰি অহা মন্তব্যৰ বাবে সাধাৰণ নাগৰিকৰ লগতে বিজেপি দলৰ কৰ্মীসকলো এতিয়া ক্ষুণ্ণ হৈ কংগ্ৰেছক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে।”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি সাংসদ ৰকিবুল হুছেইনে কয়, “পাকিস্তান সংযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে দাড়ি, কমাসহ যুক্তিসহকাৰে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উট চৰাইৰ দৰে মৰুভূমিৰ বালিত নিজৰ মূৰটো গুজি কোনেও নাইদেখা বুলিয়েই ভাবিছে।”

মুখ্যমন্ত্ৰীয়ে ৮ হাজাৰ বিদ্যালয় বন্ধ কৰি চুবুৰীয়ে চুবুৰীয়ে মদৰ দোকান খুলিছে বুলিও তেওঁক সাংসদ হুছেইনে সমালোচনা কৰি কয় যে কংগ্ৰেছে ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰে। তেওঁ ছাত্ৰ ছাত্ৰীক দূৰদৰ্শনত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল চাবলৈ নিদিবলৈও আহ্বান জনায় অভিভাৱক সকলক।

উল্লেখযোগ্য যে ‘দেশতকৈ মামী ডাঙৰ নহয়’ শ্ল’গানেৰে আজি বিজেপিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বাবে নগাঁও টাউন ব্লক কংগ্ৰেছৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই। প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে সাংসদ ৰকিবুল হুছেইনে, বিধায়ক নুৰুল হুদা, কংগ্ৰেছ নেতা উৎপল বনিয়া আদিয়ে। প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ তদন্তৰ দাবী উত্থাপন কৰে।

লগতে পঢ়কঃ পাকিস্তান প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বাকযুদ্ধ


Advertisement