নগাঁও: সমগ্র দেশৰ এম.এচ.এম.ই খণ্ডৰ কাৰ্যকুশলতা ও গতিশীলতা বৃদ্ধি আৰু স্থানীয় উদ্যোগী সকলৰ উদ্যমীয়তাক শক্তিশালী আৰু উৎসাহ প্ৰদানৰ লক্ষ্যৰে অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড আৰু জিলা উদ্যোগ ও বাণিজ্য কেন্দ্ৰ, নগাঁৱৰ যৌথ সহযোগত ভাৰত চৰকাৰৰ এম.এচ.এম.ই মন্ত্ৰালয়ৰ Raising and Accelerating MSME Performance (RAMP) আঁচনিৰ অধীনত যুৱ আৰু মহিলা উদ্যোগী সকলৰ বাবে এটি উজ্জীৱিত মঞ্চ প্ৰদান কৰাৰ বাবে নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুৱালি খেলপথাৰত আজি ইংৰাজী ১৬ ডিচেম্বৰ তাৰিখৰ পৰা ২০ ডিচেম্বৰ, ২০২৫ লৈকে পাঁচদিনীয়াকৈ “জিলা উদ্যম সমাগম” আয়োজন কৰা হৈছে(Nagaon District Udyam Samagam)।
অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা “জিলা উদ্যম সমাগম”ৰ আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শর্মাই বন্তি প্ৰজ্বলনেৰে জিলা উদ্যম সমাগম মেলাৰ শুভ উদ্বোধন কৰে আৰু সমাগম স্থলিত বিভিন্ন উদ্যোগী সকলে স্থাপন কৰা বিপনী সমূহ পৰিদৰ্শন কৰে।

আয়ুক্ত গৰাকীয়ে মুখ্য অতিথিৰ ভাষণ প্ৰসংগত কয় যে, বৰ্তমান অসমত উদ্যোগীকৰণৰ এক জাগৰণৰ সৃষ্টি হৈছে । ইয়াৰ মূলতে ৰপ্তানিত এম.এছ.এম.ইয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । ঔদ্যোগিক সফলতাৰ বাবে আমি সকলোৱে ৰপ্তানিৰ যিটো চাহিদা, সেই পূৰণ কৰাত গুৰুত্ব আৰোপ কৰাটো অতি প্ৰয়োজনীয় । সমগ্র দেশৰ লগতে অসমতো যুৱক যুৱতী আৰু মহিলা সকলক আৰ্থিক দিশত সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমুহৰ সুবিধা গ্ৰহণ কৰিবলৈ আয়ুক্ত গৰাকীয়ে সকলোকে আহ্বান জনায় ।
জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র, নগাঁৱৰ যোগমন ডেকাৰজাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা আজিৰ এই অনুষ্ঠানটিৰ আদৰণি ভাষণ আগবঢ়ায় ডি.আই.চি.চি নগাঁৱৰ প্রধান পৰিচালক প্ৰাঞ্জন ৰাজমেধি ।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প পৰিচালক, শংখ প্ৰবাল শ্যাণ্ডিল্য, মনিৰাম বসুমতাৰী, জিলা অগ্ৰণী বেংক বিষয়া, নগাঁও, দিলীপ হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰকল্প পৰিচালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, শোণিতপুৰ,ৰাতুল মহন্ত, উপ-পৰিচালক, অসম ক্ষুদ্ৰ উদোগ উন্নয়ন লিঃকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ বিষয়া–কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ বহুতো গণ্যমান্য ব্যক্তি, উদীয়মান আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী উপস্থিত থাকে ।
শেষত দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰে উদ্ধোধনী অনুষ্ঠানটিৰ সফল সামৰণি পৰে ।উল্লেখযোগ্য যে, নেহৰুৱালিৰ এই উদ্যম সমাগম স্থলীত স্থানীয় এমএছএমই, ষ্টাৰ্ট-আপ আৰু আত্ম-সহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত বিভিন্ন ধৰণৰ সামগ্ৰী, নতুন উদ্ভাৱন আৰু সেৱাসমূহ প্ৰদৰ্শনৰ কাৰণে ৫০ খনৰো অধিক বিপনী স্থাপন কৰা হৈছে ।
লগতে পঢ়ক: অসমৰ তৃতীয় বছৰৰ বাবে উদ্ধোধন টৰিয়া সৰিয়হৰ মেঘা প্ৰজেক্ট – Mustard Mega Project

