BNP Secures Absolute Majority in Bangladesh Election 2026বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বি এন পি-ৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা

নেশ্যনেল ডেস্ক: বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি চমুকৈ BNPয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে (Bangladesh Election 2026)। কালি আৰু আজি (১২ আৰু ১৩ ফেব্ৰুৱাৰীত) ঘোষিত বাংলাদেশৰ সংসদৰ ৩০০ খন আসনৰ ভিতৰত ভিতৰত বি এন পি আৰু ইয়াৰ মিত্ৰজোঁটে ২১৩ খন আসন, জামায়াতে ইছলামী আৰু ইয়াৰ মিত্ৰজোঁটে ৭৬ খন, নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬ খন আসন আৰু ইছলামী আন্দোলন বাংলাদেশে এখন আসন লাভ কৰিছে।

কোন সংমণ্ডলত কোনে কেইখন আসন লাভ কৰিছেঃ

উল্লেখযোগ্য বাংলাদেশৰ ৮ টা সংমণ্ডলত ৩০০ খন সংসদীয় আসন আছে। ইয়াৰে ঢাকা সংমণ্ডলৰ ৭০ টা সংসদীয় সমষ্টিৰ ভিতৰত বি এন পি মিত্ৰজোঁট ৫৪ টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ১২ টা, ৰাজশাহী সংমণ্ডলৰ ৩৯ টা সংসদীয় সমষ্টিৰ ভিতৰত বি এন পি মিত্ৰজোঁটে ২৭ টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ১১ টা, খুলানাৰ সংমণ্ডলৰ ৩৬ টা সংসদীয় সমষ্টিৰ ভিতৰত বি এন পি মিত্ৰজোঁটে ১১টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ২৩ টা, বৰিশাল সংমণ্ডলৰ ২১ টা সংসদীয় সমষ্টিৰ ভিতৰত বি এন পি মিত্ৰজোঁটে ১৭ টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ২টা, ৰংপুৰ সংমণ্ডলৰ ৩৩ টা সংসদীয় সমষ্টিৰ ভিতৰত বি এন পি মিত্ৰজোঁটে ১৪ টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ১৩ টা, ময়মনসিং সংমণ্ডলৰ ২৪ টা সংসদীয় সমষ্টিৰ ভিতৰত বি এন পি মিত্ৰজোঁটে ১৭ টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ৪ টা, ছিলেট সংমণ্ডলৰ ১৯ টা সংসদীয় সমষ্টিৰ বি এন পি মিত্ৰজোঁটে ১৬ টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ১ টা, চট্টগ্ৰাম সংমণ্ডলৰ ৫৮ টা সংসদীয় সমষ্টিৰ ভিতৰত বি এন পি মিত্ৰজোঁটে ৪৬ টা আৰু জামায়াতে ইছলামী মিত্ৰজোঁটে ৫টা সংসদীয় সমষ্টিত বিজয়ী হৈছে।

প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তাৰিক ৰহমানৰ দুটা সমষ্টিত বিজয়ঃ

বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি (বিএনপি)-ৰ সভাপতি আৰু প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তাৰিক ৰহমানে বাংলাদেশৰ ১৩ সংখ্যক সংসদীয় নিৰ্বাচনত গুৰুত্বপূৰ্ণ দুখন আসন—ঢাকা-১৭ আৰু বগুৰা-৬—ত অনানুষ্ঠানিকভাৱে জয় লাভ কৰিছে। ১৭ বছৰ পিছত বাংলাদেশলৈ উভতি অহা তাৰিক ৰহমানৰ বাবে এই জয় অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
উল্লেখযোগ্য যে কালি আৰু আজি (১২ আৰু ১৩ ফেব্ৰুৱাৰীত) ঘোষিত ফলাফল অনুযায়ী বি এন পিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ফলত বাংলাদেশত দলটোৱে চৰকাৰ গঠন কৰিব। ২০২৪ চনৰ আগষ্ট মাহত সংঘটিত প্ৰতিবাদৰ ফলত প্ৰধানমন্ত্ৰী পদৰ পৰা শেখ হাচিনা অপসাৰিত হৈছিল। বৰ্তমান দেশখনত মহম্মদ ইউনুচৰ নেতৃত্বত এখন অন্তৰ্বর্তী চৰকাৰ কাৰ্যৰত আছে। আজি (১২ ফেব্ৰুৱাৰীত) ঘোষিত ফলাফলত বি এন পিয়ে চৰকাৰ গঠন কৰা আৰু বাংলাদেশে নতুন প্ৰধানমন্ত্ৰী লাভ কৰাটো নিশ্চিত হয় । সেই অনুযায়ী প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি (বিএনপি)-ৰ মুৰব্বী তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় খাটাং। তাৎপৰ্যপূৰ্ণ ৰে বাংলাদেশ আৱামী লীগে এই নিৰ্বাচনৰ পৰা আঁতৰি থকাৰ ফলত বিএনপি আৰু জামায়াতে ইছলামীৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হয়।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বি এন পি পাৰ্টিৰ নেতা তাৰিক ৰহমানলৈ শুভেচ্ছা জ্ঞাপন কৰে। নিজৰ ‘X’ হেণ্ডেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে, “মই বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বিএনপি-ক বিজয় দিশত নেতৃত্ব প্ৰদানৰ বাবে তাৰিক ৰহমানক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ । এই বিজয়ে বাংলাদেশৰ জনসাধাৰণৰ আপোনাৰ নেতৃত্বৰ ওপৰত থকা আস্থাক প্ৰকাশ কৰিছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে, “ভাৰত এখন গণতান্ত্ৰিক, প্ৰগতিশীল বাংলাদেশৰ সমৰ্থনত সদায় থিয় হৈ থাকিব। আমাৰ বহুমুখী সম্পৰ্কসমূহ অধিক শক্তিশালী কৰি তুলিবলৈ আৰু আমাৰ যৌথ উন্নয়নৰ লক্ষ্যসমূহ আগবঢ়াবলৈ আপোনাৰ সৈতে একেলগে কাম কৰিবলৈ মই আগ্ৰহী।”

বিজয় সমদলৰ পৰিৱৰ্ত্তে প্ৰাৰ্থনাৰ নিৰ্দেশঃ

Bangladesh Nationalist Party (বিএনপি)-ৰ মুৰব্বী তাৰিক ৰহমানে বিজয় সমদলৰ পৰিৱৰ্ত্তে জুমাৰ নামাজৰ পাছত দেশজুৰি বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত কৰিবলৈ দলৰ সকলো কৰ্মকৰ্তাক নিৰ্দেশ দিছে

ঢাকাৰ ৩ সমষ্টিত বিজয়ী হিন্দু প্ৰাৰ্থী

বাংলাদেশৰ সংসদীয় নিৰ্বাচনত একমাত্ৰ হিন্দু বিজয়ী প্ৰাৰ্থী জন হৈছে জ্ঞানেশ্বৰ চন্দ্ৰ‌ ৰয়। তেওঁ ঢাকা -৩ সমষ্টিৰ পৰা বিজয়ী হৈছে। জ্ঞানেশ্বৰ চন্দ্ৰ ৰয় বি এন পি দলৰ প্ৰাৰ্থী। তেওঁ জামায়াতে ইছলামী দলৰ‌ মহম্মদ চাহিনুৰ ইছলামক পৰাজিত কৰে। ৰয়ে ৯৮ হাজাৰ ৭৮৫ টকা ভোট লাভ কৰাৰ বিপৰীতে চাহিনুৰ ইছলামে ৮২ হাজাৰ ২৩২ টকা ভোট লাভ কৰে। ইপিনে খুলানা ১ সমষ্টিত জামায়াতে ইছলামীৰ একমাত্ৰ হিন্দু প্ৰাৰ্থী কৃষ্ণ নন্দীৰ পৰাজয়‌হয়। তেওঁক বি এন পি আমিৰ ইয়াৰ খানে পৰাস্ত কৰে। খানে ১ লাখ ২১ হাজাৰ ৩৫২ টকা ভোট লাভ কৰাৰ বিপৰীতে কৃষ্ণ নন্দীয়ে ৭০ হাজাৰ ৩৪৬ টকা ভোট লাভ কৰে।

লগতে পঢ়কঃ Khaleda Zia Death: বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পৰলোক


Advertisement