গুৱাহাটীঃ নিৰ্বাচনলৈ মাত্ৰ দুই-তিনি মাহ বাকী থকা অৱস্থাত কেইবাটাও কাৰ্যসূচীলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শণিবাৰে (১৪ ফেব্ৰুৱাৰী) গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক আসন্ন বিধান সভা নিৰ্বাচনৰ বাবে সাজু হবলৈ আহ্বান জনায়।
প্ৰৱল আত্মবিশ্বাসৰে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “এইবাৰো অসমত বিজেপিৰ বৃহৎ বিজয় হ’ব । আমি কেৱল নিৰ্বাচনত জিকিলেই নহব। অসমৰ ৰাইজৰ হৃদয়ো জিকিব লাগিব। “
কংগ্ৰেছক ‘মাওবাদী মুছলিম লীগী কংগ্ৰেছ’ আখ্যা মোডীৰ
ভাষন প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছ দলক মাওবাদী মুছলিম লীগী কংগ্ৰেছ’ অৰ্থ্যাৎ এম এম চি আখ্যা দি কয়, “মুছলিম লীগে দেশক বিভাজিত কৰিছিল। আজিৰ কংগ্ৰেছেও ‘মাওবাদী মুছলিম লীগী কংগ্ৰেছ’হৈ পুনৰ দেশক বিভাজিত কৰাত নামি পৰিছে। এতিয়াৰ কংগ্ৰেছ এম এম চি । অৰ্থাৎ ‘মাওবাদী মুছলিম লীগী কংগ্ৰেছ’। সেয়ে আপোনালোক কংগ্ৰেছৰ পৰা সাৱধানে থাকিব। নৱপ্ৰজন্মই কংগ্ৰেছৰ কু শাসনৰ বিষয়ে হয়তো নাজানে। তেওঁলোককো সাৱধানে ৰাখিব আৰু কংগ্ৰেছৰ কু শাসনৰ বিষয়ে জনাব।”
ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাবে গৌৰৱ মোডীৰ
নিজকে বিজেপি কাৰ্যকৰ্তা হিচাবে গৌৰৱ অনুভৱ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “বিজেপিৰ কাৰ্যকৰ্তাই পৰিশ্ৰম কৰে। সেয়ে বিজেপিৰ সংগঠন আগবাঢ়ে। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অৰ্হতা আৰু গৌৰৱৰ কথা হৈছে নৰেন্দ্ৰ মোদী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা। অসমৰ সকলো কাৰ্যকৰ্তাক প্ৰণাম জনাইছো। মা কামাখ্যাকো প্ৰণাম। মা কামাখ্যাৰ আশীৰ্বাদতে অসমে দেশৰ সুৰক্ষা তথা সংস্কৃতিক আগবঢ়াই নিয়া বহু মহান সন্তান দিছে। এনেকুৱা এজন মহান সন্তান কবীন্দ্ৰ পুৰকায়স্থক প্ৰণাম জনাইছো।”
বিজেপিৰ কৰ্মকৰ্তা সকলক প্ৰশংসা কৰি তেওঁ কয়, ” আপোনালোকে ঘৰে ঘৰে গৈ সমৰ্থক সকলৰ লগত সংযুক্ত হ’ল। সেয়ে বুথ শক্তিশালী হ’ল আৰু অসমত বিজেপিৰ চৰকাৰ গঠন হ’ল।”
পুনৰ উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা
প্ৰধানমন্ত্ৰী মোডীয়ে পূৰ্বৰ দৰে আজিৰ ভাষনতো পুনৰ উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়েং তেওঁ কয় ,”যি উত্তৰপূৰ্বাঞ্চলক কংগ্ৰেছে উপেক্ষা কৰিছিল আমি সেই উত্তৰ পূৰ্বাঞ্চলৰ সেৱা কৰিছো। উত্তৰ পূৰ্বাঞ্চল আমাৰ বাবে অষ্টলক্ষ্মী। বাজেটত উত্তৰ পূৰ্বাঞ্চলক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি তুলিব। কংগ্ৰেছে অসমক যিমান ধন দিছিল বিজেপি চৰকাৰে ৫ গুণ অধিক ধন দিছে। বিগত ১১ বছৰত অসমে বিকাশৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰা চাৰে পাঁচ লাখ কোটি টকা লাভ কৰিছে। যি কংগ্ৰেছে অসমৰ বিকাশৰ বাবে ধন যোগান ধৰিব নোৱাৰে সেই কংগ্ৰেছে অসমৰ উন্নয়ন কৰিব পাৰিব নে? আহি থকা সময়ত ব্ৰহ্মপুত্ৰত নদী পৰ্যটন বৃদ্ধি কৰা হব।”
মৰাণত বায়ু সেনাৰ বিমানৰে ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ কথা উল্লেখ
মৰাণত বায়ু সেনাৰ বিমানৰে ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “কংগ্ৰেছৰ দিনত পথৰ অৱস্থা জৰাজীৰ্ণ আছিল। যাতায়ত কৰিলে কেতিয়া গন্তব্যস্থান পায় তাৰ ঠিকনা নাছিল। কিন্তু এতিয়া এনে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে য’ত কেৱল গাড়ীয়েই নচলে বিমানো অবতৰণ কৰিব পাৰে। ই গৌৰৱৰ বিষয়। এনেধৰণৰ বিকাশ এইবাবেই সম্ভৱ হৈছে যে ইয়াত ৰাইজৰ সহযোগত বিজেপি চৰকাৰ গঠন হৈছে। “
কংগ্ৰেছৰ দিনত সেনাৰ অস্ত্ৰ ক্ৰয়ৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ
কংগ্ৰেছ চৰকাৰৰ দিনত সেনাৰ অস্ত্ৰ ক্ৰয়ৰ।নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ ভাষন প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “বৰ্তমানৰ ভাৰতবৰ্ষ কেৱল দেশৰ সীমাতেই সতৰ্ক নহয়, শত্ৰুৰ ঘৰত সোমাইও প্ৰত্যুত্তৰ দিব পাৰে। পুলুৱামা আক্ৰমণৰ যি উত্তৰ দিছো বিশ্বই দেখিছে।” অপাৰেচন ‘সিন্দুৰ’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ শক্তি সকলোৱে দেখা বুলি মন্তব্য কৰে। তেওঁ কয়, ” কংগ্ৰেছৰ দেশৰ বাবে এনেধৰণৰে সাহসৰে সিদ্ধান্ত লোৱাৰ শক্তি আছিল নে? কংগ্ৰেছে খুউব বেছি মুখৰে কব পাৰে। একো কৰিব নোৱাৰে। কংগ্ৰেছে কেতিয়াও দেশৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া নাছিল। কংগ্ৰেছ চৰকাৰৰ এনে নেতিবাচক কামৰ বাবেই উত্তৰ পূৰ্বাঞ্চলে ভয়ত দিন কটাবলগীয়া হৈছিল। কংগ্ৰেছে দেশক বিপদত পেলাইছিল। কংগ্ৰেছৰ দিনত সেনাৰ বাবে অস্ত্ৰ ক্ৰয়ৰ নামত হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল।”
মোডীয়ে লগতে কয়, ” কংগ্ৰেছৰ সত্তৰ বছৰৰ কাৰ্যকালত তিনিখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈছিল। কিন্তু বিজেপিয়ে দহ বছৰত ৫ খন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰে। কংগ্ৰেছে অসম সমস্যা আৰু বিজেপিয়ে সমাধান দিছে। চেমি কণ্ডাক্টৰ প্ৰকল্পৰেও অসম বিশ্বত চিনাকি হব।”
২০২৬ চনৰ নিৰ্বাচন আমাৰ বাবে জীৱন আৰু মৰণৰ সংকল্পঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
“২০২৬ চনৰ নিৰ্বাচন আমাৰ বাবে জীৱন আৰু মৰণৰ সংকল্প।”- সভাখনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ শৰ্মাই। তেওঁ কয়, ” নিৰ্বাচনত বিজেপি বিজয়ী হবই লাগিব। কাৰণ অসমৰ উন্নয়ন দ্ৰুত গতিত আগবাঢ়ি গৈছে। আমি অসমক থমকি ৰ’ব দিব নোৱাৰো। আমাৰ উচ্ছেদ অভিযান থমকি ৰ’ব নোৱাৰে। আমাৰ সিদ্ধান্ত থমকি ৰ’ব নোৱাৰে। অসমৰ বিকাশ থমকি ৰ’ব নোৱাৰে। দিনে ৰাতিয়ে কাম কৰি নৰেন্দ্ৰ মোদীক আমি তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ দিম।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “আমি অসম মাতৃক জগত সভালৈ লৈ যাম। বিগত ১০ বছৰৰ বিৰামহীন প্ৰগতিয়ে অসমক নতুন যুগলৈ নিলে। এতিয়া অসমে কাৰো ওচৰত শিৰনত কৰিব নালাগে। যি সকলে ৰঙা চকুৰে অসমক চাই তেওঁলোকক কও বিজেপি চৰকাৰ আহি আছে আমি আপোনালোকৰ ৰঙা চকু উন্নয়নৰে কাঢ়ি লম।”
কংগ্ৰেছক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
৮০ সহস্ৰ বিজেপি কাৰ্যকৰ্তা উপস্থিত থকা সভাখনত ভাষন দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কয়, “এইখন অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এসময়ত অশান্ত অঞ্চল হিচাবে জনাজাত। পূৰ্বতে কংগ্ৰেছৰ শাসন কালত মানুহ আহিবলৈ ভয় খাইছিল। কংগ্ৰেছে নিকৃষ্ট ৰাজনীতিৰে অসমত বসবাস কৰা জাতি-জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিছিল। কংগ্ৰেছে অসমৰ জাতি, মাটি, ভাষা, সাহিত্য, সংস্কৃতি নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দিছিল।”
কংগ্ৰেছ দলটোৱে জন্মলগ্নৰে পৰা অবৈধ বিদেশীক প্ৰাধান্য দি আহিছিল বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ” অসমতো অবৈধ বিদেশীক নিৰাপত্তা দিবৰ বাবে ১৯৮৩ চনৰ ২০ অক্টোবৰত আই এম ডি টি আইন জাপি দিছিল। ইয়াৰ উদ্দেশ্য আছিল অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদান কৰি মাটি-ভেটি দি স্থায়ীভাৱে ৰখা। ভাৰতবৰ্ষৰ একতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কংগ্ৰেছে ঘৃণনীয় ৰাজনীতিত লিপ্ত হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে আই এম ডি টি আইন অবৈধ আৰু অসংবিধানিক বুলি বাতিল কৰাৰ ফলত আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত অসমত বসবাস কৰা প্ৰতিগৰাকী নাগৰিক সম্পূৰ্ণভাবে সুৰক্ষিত।”
উল্লেখযোগ্য যে, কেইবাটাও কাৰ্যসূচীলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণত উত্তৰ-পূবৰ প্ৰথম জৰুৰী অৱতৰণ সুবিধা (Emergency Landing Facility – ELF)ত অৱতৰণ কৰে। C-130J Super Hercules পৰিবহণ বিমানত আহি প্ৰধানমন্ত্ৰী মোডীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক শক্তিশালীকৃত অংশত অৱতৰণ কৰে। এই Emergency Landing Facility – ELF প্ৰায় ১০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে।
৪.২ কিলোমিটাৰ দীঘল এই পথছোৱা ৰানৱে হিচাপে ডিজাইন কৰা হৈছে। যিয়ে ৪০ টন পৰ্যন্ত ওজনৰ যুঁজাৰু বিমান আৰু ৭৪ টন পৰ্যন্ত ওজনৰ পৰিবহন বিমানকে ধৰি গধুৰ সামৰিক বিমান ধাৰণ কৰিব পাৰিব। ই জটিল পৰিস্থিতিত উদ্ধাৰ আৰু সাহায্য অভিযানৰ সময়ত সহায় কৰিব। অৱতৰণৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪০ মিনিট সময় তেজছ, সুখোই আদি যুঁজাৰু বিমানৰ বিভিন্ন কৌশল প্ৰদৰ্শনত অংশগ্ৰহণ কৰে।
তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটী মহানগৰত কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত গুৱাহাটী- উত্তৰ গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মা সেতু, ১০০খন বিদ্যুৎ চালিত বাছ, আইআইএম গুৱাহাটীৰ অস্থায়ী কেম্পাছ আদি ।
লগতে পঢ়ক: ১৪ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ প্ৰথম হাইৱে-ভিত্তিক লেণ্ডিং সুবিধাৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

