Safe Childhood Golden Assam Nagaon উদ্যোগৰ অংশ হিচাপে নগাঁৱত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক সজাগতা কাৰ্যসূচী আৰম্ভ কৰা হৈছে (Nagaon child protection campaign)।
নগাঁৱত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক ৯০ দিনীয়া প্ৰচাৰ আৰু সজাগতা অভিযানৰ আৰম্ভণিমূলক কাৰ্যসূচী মঙলবাৰে অনুষ্ঠিত হয় নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত (Assam child safety awareness)।
নগাঁও: নগাঁও জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক ৯০ দিনীয়া প্ৰচাৰ আৰু সজাগতা অভিযানৰ আৰম্ভণিমূলক কাৰ্যসূচী মঙলবাৰে অনুষ্ঠিত হয় নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত (District Child Protection Unit Nagaon)। শিশুৰ শৈশৱ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বাল্যবিবাহ প্ৰতিৰোধ (Child marriage prevention Assam), শিশু শ্ৰম প্ৰতিৰোধ (Child labour awareness Nagaon) আৰু যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তিকে সজাগ কৰাৰ উদ্দেশ্যে এই ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ আয়োজন কৰা হৈছে বুলি জনায় উদ্যোক্তা সকলে।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। লগতে অনুষ্ঠানটোত উপস্থিত থাকে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, অতিৰিক্ত আয়ুক্ত দেৱাহুতী বৰা, মহিলা আয়োগৰ সদস্যা মামনি বৰা, সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মন, শিশু কল্যাণ সমিতিৰ সভাপতি অঞ্জুমনি শৰ্মা, কিশোৰ ন্যায় মণ্ডলীৰ সদস্য দিপীকা বৰদলৈ, স্বাস্থ্য বিভাগৰ প্ৰতিনিধি ডাঃ ধৰিত্ৰী পাটোৱাৰী, গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প বিষয়া শংখ প্ৰৱাল সাণ্ডিল্য, জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্য্য (District Child Protection Unit Nagaon), শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য আৰু বহুকেইগৰাকী বিশিষ্ট লোক।
সকলোৱে যাতে শিশু সকলৰ ভৱিষ্যত সুৰক্ষিত হয় আৰু শিশু সকলৰ বাবে এখন সুন্দৰ আৰু সুৰক্ষিত ধৰণী এৰি থৈ যাব পাৰি তাৰ ওপৰত একেলগে কাম কৰি যাবলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সকলোৰে প্ৰতি আহ্বান জনায় (Assam child safety awareness)।
লগতে পঢ়ক: Nagaon District Udyam Samagam- নগাঁৱৰ নেহৰুবালিত জিলা উদ্যম সমাগম

