Fagun Festival in Assam: The Fiery Beauty of Springমোকটো পোৱাই চিনি, মই যে ফাগুন

নিউজ ডেস্কঃ মোকটো পোৱাই চিনি, মই যে ফাগুন
অকৰা কবিৰ স’তে চুপতি মৰাৰ বাবে
মোৰটো বহু বদনাম
চাদৰৰ আঁচলেৰে নিচান উৰুৱা আৰু
ধূলিৰে দুচকু ঢাকি
অচিনাকি বান্ধবীৰ প্ৰথম দেখাৰ মূহুৰ্ততো
খেলি মেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস
(নৱকান্ত বৰুৱা)

এইয়াই ফাগুন। উৰুঙা ফাগুন (Fagun Festival in Assam)। ফাগুন মানেই আকাশত জুই ফুল ফুলাৰ বতৰ। ফাগুন মানে শুকান পাতৰ মৰমৰণি, আকাশৰ বুকুত শিমলু,পলাশ, মদাৰৰ জুই। দেহ মন কপাই যোৱা এছাটি পছোৱা। ফাগুন মানে ই পুৰণিক বিদায় দি নতুনক আদৰি অনাৰ প্ৰস্তুতি। ফাগুন মাহ মানেই হৃদয়ত সজোৱা এক ৰঙীন উৎসৱ।

মাঘ মাহৰ শীতল অনুভৱ শেষ হৈ, প্ৰকৃতি যেতিয়া নতুনকৈ প্ৰস্ফুটিত হ’বলৈ আৰম্ভ কৰে, তেতিয়াই আহে ফাগুন। ই কেৱল এটি মাহ নহয়—ই প্ৰেম, সৃষ্টিশীলতা আৰু নবজাগৰণৰ প্ৰতীক।

ফাগুনত নৈৰ পাৰৰ লঠঙা শিমলু জোপাৰ ৰঙাহৈ ফুলি উঠে। আকাশলৈ মুৰ তুলি চাই থকা শিমলুজোপাই যেন সোঁৱৰাই জীৱন এনেকুৱাই হ’ব লাগে। ফাগুন আহিলেই আকাশত বগা ডাৱৰৰ ভাঁজ, মাটিত সেউজীয়া ঘাঁহৰ কোমলতা, গছ-গছনিত কুঁহিপাতৰ সুৰভি আৰু পখিলাৰ কোলাহলৰ মাজেৰে এক নতুন জীৱনৰ আৰম্ভণি অনুভৱ হয়।

ফাগুন মাহে অসমৰ গ্ৰাম্য জীৱনত এক বিশেষ প্ৰভাৱ পেলায়। খেতিয়কৰ মুখত হাঁহি বিৰিঙে। গছৰ ডালত কুঁহিপাত ওলায়। লঠঙা ডাল সেউজীয়া হয়, উদং পথাৰ ভৰুণ হয়।

ফাগুন মাহ সাহিত্য আৰু সংগীতৰো এক গুৰুত্বপূৰ্ণ বিষয়। অসমৰ মহান শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতসমূহত বসন্তৰ উল্লাস আৰু জীৱনৰ দৰ্শন সজীৱ ৰূপত ফুটি উঠিছে। তেওঁৰ সুৰত ফাগুন মানেই এক প্ৰেমময় অনুভৱ, য’ত মানুহে মানুহক আঁকোৱালি লয়। তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যতো বসন্তৰ বৰ্ণনা গভীৰ সাহিত্যিক ভাষাত প্ৰতিফলিত হৈছে। তেওঁ বসন্তক নতুন জীৱনৰ আহ্বান হিচাপে উপস্থাপন কৰিছিল।

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ মাজৰে প্ৰকাশ পাইছে ফাগুনৰ এই ৰূপ।
“ফাগুনৰ এই গধূলি
ধূলিৰে ঢকা আকাশখনত
কোন ৰূপহীয়ে মেলি দিলে ডাৱৰ-সেমেকা চুলি”

একেদৰে অনুৰাধা দাসৰ গীতত ফাগুন প্ৰকাশ পাইছে এনেধৰণৰে
” ক’ত ফাগুনৰে উতলা বা
গুচি যা গুচি যা গুচি যা
নেখাবি ফুল কৰি
উতলা তোৰ পাখি মেলি “

ফাগুন মাহে প্ৰেমৰো এক বিশেষ অৰ্থ বহন কৰে। এই সময়ছোৱাত প্ৰকৃতিৰ সৌন্দৰ্যই মানুহৰ মনত কোমল অনুভূতি জগায়। কুঁহিপাতৰ সেউজীয়া, কপৌফুলৰ সুগন্ধ আৰু বতাহত উৰা মৰা পখিলাই যেন হৃদয়ৰ নিভৃত কোণত সপোনৰ ৰঙ ভৰাই তোলে। যুৱ হৃদয়বোৰত নতুন প্ৰেমৰ অংকুৰ মুকলি হয়। সাহিত্যিকসকলে ফাগুনক বহুসময়ত প্ৰেমৰ উপমা হিচাপে ব্যৱহাৰ কৰিছে—য’ত বিচ্ছেদৰ পিছত মিলন, অন্ধকাৰৰ পিছত পোহৰ, আৰু শীতৰ পিছত উষ্ণতা আহে।

ফাগুন মাহৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে ৰঙৰ উৎসৱ ফাকুৱা বা হোলী। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হোলী উদযাপন কৰা হয়। বিশেষকৈ মথুৰা আৰু বৃন্দাবন-ত হোলীৰ ৰঙেৰে পথ-ঘাট ৰঙীন হৈ উঠে। অসমৰো বহু ঠাইত হোলী উদযাপন কৰা হয়, য’ত মানুহে ৰঙৰ মাজেৰে মিলনৰ বাণী, সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰে। হোলীৰ এই ৰঙে যেন সমাজৰ ভেদাভেদ আঁতৰাই সমতা আৰু ভাতৃত্ববোধৰ বাণী আগবঢ়ায়।

ফাগুনত গাঁৱৰ পুখুৰীৰ পানীত সূৰ্যাস্তৰ ৰঙীন প্ৰতিফলনে এক মনোমোহা দৃশ্য সৃষ্টি কৰে। এই দৃশ্যবোৰে কবি আৰু শিল্পীক অনুপ্ৰাণিত কৰে নতুন সৃষ্টি কৰিবলৈ।
ফাগুন মানেই আশাৰ বাণী। জীৱনত যত বাধা-বিঘিনি নাথাকক কিয়, ফাগুনে শিকাই—প্ৰত্যেক শীতৰ পিছত বসন্ত আহে। জীৱনৰ দুখ-দুৰ্দশাৰ মাজতো এক নতুন আৰম্ভণিৰ সম্ভাৱনা সদায় থাকে।

সেয়েহে, ফাগুন মাহ কেৱল এটা পঞ্জিকাৰ মাহ নহয়; ই আমাৰ হৃদয়ৰ উল্লাস, প্ৰকৃতিৰ সেউজীকৰণ আৰু সমাজৰ মিলনৰ এক অনন্য প্ৰতীক।

লগতে পঢ়কঃ অৰণ্যৰ দলিচাত ফাগুনৰ ৰঙীন নিমন্ত্ৰণ: লাওখোৱা-বুঢ়াচাপৰিত শিমলু উৎসৱ ২০২৬-ৰ বৰ্ণিল শুভাৰম্ভ।


Advertisement