নগাঁওঃ প্ৰত্যেক বছৰৰ দৰে এই বছৰো ইছলাম ধৰ্মাৱলম্বী লোকসকলে সাঁজু হৈছে পৱিত্ৰ হজৰ বাবে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ পৰাও পৱিত্ৰ হজৰ বাবে সাজু হৈছে ১৬১ গৰাকী ইছলাম ধৰ্মাৱলম্বী লোক। পৱিত্ৰ হজ যাত্ৰাৰ বাবে সাঁজু হোৱা নগাঁও দিলাপ হজ যাত্ৰীসকলক প্ৰশিক্ষণৰ লগতে সম্বৰ্ধণা জ্ঞাপনৰ উদ্যেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয় (Hajj Training Camp Nagaon 2026)।
নগাঁও জিলাৰ পানীগাওঁ কছলুখোৱা দাৰুল উলুম মাদ্ৰাছা প্ৰংগনত অনুষ্ঠিত অনুষ্ঠানত দেওবাৰে হজযাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদানৰ লগতে সম্বদ্ধৰ্না জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত সভাপতিত্ব কৰে আলহাজ ছহিদ উল্লাহে ৷ আগন্তুক ১৯ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লগীয়া হজ যাত্ৰাৰ বাবে দেওবাৰে দাৰুল উলুম মাদ্ৰাছাত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে হাজি আমিনুল ইছলামৰ লগতে আন কেইাগৰাকী বিশিষ্ট প্ৰশিক্ষক ৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি নগাঁও জিলা হজ কমিটিৰ সক্ৰিয় সদস্য হিচাবে অংশগ্ৰহণ কৰে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ লগতে বিশিষ্ট সমাজকৰ্মী আব্দুল হান্নান লস্কৰে ৷
আগন্তুক ২০২৬ বৰ্ষৰ মক্কা- মদীনাত হ’ব লগীয়া হজত নগাঁৱৰ পৰা যাবলগীয়া হজযাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা আৰু সম্বদ্ধৰ্ণা পত্ৰৰে শুভ কামনা জনোৱাৰ লগতে হজৰ সময়ত ল’বলগীয়া বিভিন্ন নিতী-নিৰ্দেশনা-নিয়মাৱলী, সাৱধানতা আদিৰ সন্দৰ্ভত অৱগত কৰে ৷
নগাঁও জিলাৰ পৰা যাত্ৰা কৰিব লগীয়া ১৬১ গৰাকী হজযাত্ৰীৰ মহিলাৰ সংখ্যা প্ৰায় ৪০ গৰাকী ৷ দেওবাৰে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠানত মাদ্ৰাছা কমিটিৰ আলহাজ ছহিদ উল্লা,সম্পাদক আলহাজ নুৰুল আমিন, মাদ্ৰাছাৰ প্ৰধান শিক্ষক গিয়াছউদ্দিন উৱাহিদ মাজাহিৰীকে প্ৰমুখ্যে কৰি মাদ্ৰাছা কমিটিৰ অন্যান্য বিষয়ববীয়া সকলো উপস্থিত থাকে৷
লগতে পঢ়কঃ মোকটো পোৱাই চিনি, মই যে ফাগুন

