Assam Congress Crisis after Bhupen Borah resignation from APCCঅসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ

গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাবে পুনৰ এক মোক্ষম আঘাট। বহু কেইজন কংগ্ৰেছৰ প্ৰভাৱশালী বিধায়কে দল ত্যাগ কৰাৰ পিছত সোমবাৰে (১৬ ফেব্ৰুৱাৰী) প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলত্যাগে দলটোক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিশ্চিতভাৱে বিপদত পেলাব।- Bhupen Borah Resigns

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলত্যাগৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগত হোৱা পৰিপ্ৰেক্ষিততে ভূপেন বৰাই দলত্যাগ কৰা বুলি জানিব পৰা গৈছে।

সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে তেওঁৰ পদত্যাগ সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত ভূপেন বৰাই বিশেষ কাৰণ সদৰী কৰা নাই যদিও স্বাভিমান ৰক্ষা কৰি দলত থাকিব নোৱাৰাৰ পৰিপ্ৰেক্ষিততে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে। তেওঁ কয়, “পদত্যাগ কৰাটো সঁচা। স্বাভিমানৰ প্ৰশ্ন আহিছে। দল কেনেদৰে পৰিচালিত হৈছে সেই বিষয়ে কেন্দ্ৰীয় নেতৃত্বক জনাইছো। পুৱা ৮ বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো।” তেওঁ লগতে কয়, ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ প্ৰশ্ন আহিব নোৱাৰে। ৰাজনীতি কৰিমেই। তেওঁ কয় যে মোক একাষৰীয়া কৰাটো পৃথক কথা। মাজুলীত আমাৰ যাত্ৰাৰ গাড়ীখন গৈ পোৱাৰ পিছত কোনো তালৈ কোন যাব বা কোন নাযাব তাৰ সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। এনেদৰে দল কৰিলে দলৰ ভৱিষ্যত কি হব সেই বিষয়েও কেন্দ্ৰীয় নেতৃত্বক জনাইছো। কেন্দ্ৰীয় নেতৃত্বই চিন্তা কৰাৰ পিছত সংবাদ মাধ্যমক সদৰী কৰিম।” প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে পোনপটীয়াকৈ একো নকলেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সাংসদ ৰকিবুল হুছেইনৰ নিৰ্দেশ পালন কৰি অহাৰো ইংগিত দিয়ে।

উল্লেখযোগ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতৃত্বই ভূপেন বৰাক বিৰোধী ঐক্য অন্য বিৰোধী ৰাজনৈতিক দল সমূহৰ লগত আলোচনা তথা আসন বুজাবুজিৰ কৰ্তৃত্ব প্ৰদান কৰিছিল। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ক্ষমতা প্ৰয়োগ কৰি প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰকিবুল হুছেইনকো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বৰাৰ লগতে বিৰোধী দলৰ লগত আলোচনাৰ কৰ্তৃত্ব প্ৰদান কৰে। এই কথাকেলৈ ভূপেন বৰা ক্ষোভিত আছিল বুলি জানিব পৰা গৈছে। অন্যহাতেদি উজনি অসমৰ খিলঞ্জীয়া অসমীয়া লোকৰ বসতি প্ৰধান সমষ্টি বুজাবুজিৰ ক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক কৰ্তৃত্ব প্ৰদান কৰাকলৈও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অন্যহাতেদি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰাই অহা অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব বুলিও চৰ্চা চলাৰ বিপৰীতে এটা আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিব বুলিও চৰ্চা চলিছে। তাৎপৰ্যপূৰ্ণ যে ২০২৪ চনতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে ভূপেন বৰাৰ কাৰণে বিজেপিত দুটা সমষ্টি সাজু কৰি ৰখা হৈছে বুলি মন্তব্য কৰিছিল।

সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, সাধাৰণ ঘৰৰ ল’ৰা আৰু খিলঞ্জীয়া ল’ৰা কংগ্ৰেছত থাকিব নোৱাৰে।” মুখ্যমন্ত্ৰী শৰ্মাই দুখৰ সময়ত ভূপেন বৰাৰ ঘৰলৈ মাত লগাবলৈ যাব বুলি কয়।

উল্লেখযোগ্য ২০২১ চনৰ পৰা ২০২৪ চনলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বত থকা ভূপেন বৰা ২০০৬ চনৰ পৰা ২০১৬ চনলৈকে বিহপুৰীয়া সমষ্টিৰ বিধায়ক আছিল। তেওঁ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰো সভাপতি আছিল। ২০১৩ চনত বৰা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল।

লগতে পঢ়ক: নগাঁও বটদ্ৰৱাত সাহস গোটাব নোৱাৰা শিবামনি বৰাৰ লক্ষ্য কিয় সংখ্যালঘু অধ্যুষিত ধিং?


Advertisement