নেশ্যনেল ডেস্কঃ বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা পুনৰবাৰ প্ৰকাশ পাইছে (India Unemployment Rate 2026)। চলিত বৰ্ষৰ প্ৰথম মাহতেই দেশত নিবনুৱা হাৰৰ বৃদ্ধি পাই ৫ শতাংশ হৈছে।
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ অৰ্থাৎ National Statistical Office (এন এছ অ’)য়ে প্ৰকাশ কৰা পৰ্যায়ক্ৰম শ্ৰম শক্তি সমীক্ষা অৰ্থাৎ Periodic Labour Force Survey (PLFS) অনুসৰি, জানুৱাৰী মাহত গ্ৰাম্য আৰু চহৰ—দুয়ো ক্ষেত্ৰতেই নিবনুৱা হাৰ (UR) সামান্য বৃদ্ধি পোৱা দেখা গৈছে। সমীক্ষাৰ মতে গ্ৰাম্য আৰু চহৰ দুয়ো ক্ষেত্ৰতেই শ্রমশক্তি অংশগ্ৰহণ হাৰ (LFPR) আৰু কৰ্মৰত জনসংখ্যাৰ অনুপাত (WPR) হ্ৰাস পোৱা দেখা গৈছে।
চৰকাৰী প্ৰতিবেদন অনুসৰি, গ্ৰামাঞ্চলত নিবনুৱা হাৰ বৃদ্ধি পোৱাৰ ফলতেই সামগ্ৰিক সূচক বৃদ্ধি পাইছে। ইয়াৰ পিছফালে বতৰৰ প্ৰভাৱ, শস্য কটাৰ পিছৰ মন্দা অৱস্থা আৰু কৃষিক্ষেত্ৰত লোকৰ উৎসাহ হ্ৰাস পোৱাৰ দৰে কাৰণ জড়িত বুলি উল্লেখ কৰা
সমীক্ষাত উল্লেখ থকা মতে ১৫ বছৰ আৰু তাৰ উৰ্ধৰ বয়সৰ লোকসকলৰ মাজত নিবনুৱা হাৰ ২০২৬ চনৰ জানুৱাৰী মাহত ৫ শতাংশলৈ বৃদ্ধি পাইছে। এই হাৰ ২০২৫ চনৰ ডিচেম্বৰ মাহত ৪.৮ শতাংশ আছিল। গ্ৰামাঞ্চলত নিবনুৱা হাৰ ৩.৯ শতাংশৰ পৰা বৃদ্ধি পাই ৪.২ শতাংশ হৈছে। একেদৰে চহৰ অঞ্চলত এই হাৰ ৬.৭ শতাংশৰ পৰা বৃদ্ধি পাই ৭.০ শতাংশ হৈছে।
সমীক্ষাত ১৫ বছৰ আৰু তাৰ উৰ্ধৰ পুৰুষসকলৰ মাজত নিবনুৱা হাৰ ২০২৬ চনৰ জানুৱাৰী মাহত প্ৰায় স্থিৰ অৱস্থাতেই আছিল।
কিন্তু একে বয়সৰ মহিলাসকলৰ ক্ষেত্ৰত জানুৱাৰী ২০২৬ত নিবনুৱা হাৰ ডিচেম্বৰ ২০২৫তকৈ অধিক দেখা গৈছে। প্ৰতিবেদনত কোৱা হৈছে যে মহিলা নিবনুৱা হাৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ডিচেম্বৰ সময়ছোৱাত লক্ষ্য কৰা পৰিসৰৰ ভিতৰতেই আছিল। সমীক্ষাৰ মতে এই বৃদ্ধি দীৰ্ঘম্যাদী দুৰ্বলতাৰ সংকেত নহয়, বৰং স্বল্পম্যাদী বৃদ্ধি অব পাৰি ।
একেদৰে ১৫ বছৰ আৰু ইয়াৰ উৰ্ধৰ লোকসকলৰ মাজত সামগ্ৰিক শ্রমশক্তি অংশগ্ৰহণ হাৰ (LFPR) জানুৱাৰী মাহত ৫৫.৯ শতাংশ বুলি প্ৰকাশ পাইছে। যি ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ৫৬.১ শতাংশতকৈ কম। গ্ৰামাঞ্চলত জানুৱাৰী মাহত শ্ৰমশক্তি অংশগ্ৰহণ হাৰ (LFPR) ৫৮.৭ শতাংশলৈ হ্ৰাস পাইছে, যি ২০২৫ চনৰ ডিচেম্বৰ মাহত ৫৯.০ শতাংশ আছিল।
চহৰ অঞ্চলত শ্রমশক্তি অংশগ্ৰহণ হাৰ (LFPR) ২০২৬ চনৰ জানুৱাৰী মাহত ৫০.৩ শতাংশ আছিল। যি ২০২৫ চনৰ ডিচেম্বৰ মাহত ৫০.২ শতাংশতকৈ সামান্য অধিক। জানুৱাৰী মাহত মহিলা শ্রমশক্তিৰ অংশগ্ৰহণ হাৰ আছিল ৩৫.১ শতাংশ। ইয়াৰে গ্ৰামাঞ্চলত মহিলাৰ শ্ৰমশক্তি অংশগ্ৰহণ হাৰ (LFPR) ৩৯.৭ শতাংশ আৰু চহৰ অঞ্চলত ২৫.৫ শতাংশ আছিল।
সমীক্ষাত উল্লেখ থকা মতে গ্ৰাম্য আৰু চহৰ দুয়ো ক্ষেত্ৰতেই সামান্য উঠা-নমাৰ সৈতে মহিলাৰ শ্ৰমশক্তি অংশগ্ৰহণ হাৰ(LFPR) প্ৰায় স্থিৰ অৱস্থাতেই আছিল।
১৫ বছৰ আৰু তাৰ ওপৰৰ বয়সৰ লোকসকলৰ মাজত সামগ্ৰিক কৰ্মৰত জনসংখ্যাৰ অনুপাত (WPR) ২০২৬ চনৰ জানুৱাৰী মাহত সামগ্ৰিকভাৱে স্থিৰ দেখা গৈছে।
গ্ৰামাঞ্চলত জুন ২০২৫ (৫৩.৩ শতাংশ)ৰ পৰা ডিচেম্বৰ ২০২৫ (৫৬.৭ শতাংশ)লৈ ধীৰে ধীৰে বৃদ্ধি পোৱা কৰ্মৰত জনসংখ্যাৰ অনুপাত (WPR) জানুৱাৰী ২০২৬ত সামান্য হ্ৰাস পাই ৫৬.২ শতাংশ হৈছে।
গ্ৰামাঞ্চলত জানুৱাৰী মাহত পুৰুষ আৰু মহিলাৰ কৰ্মৰত জনসংখ্যাৰ অনুপাত (WPR ) ক্ৰমে ৭৫.৭ শতাংশ আৰু ৩৮.০ শতাংশ আছিল, যি আগৰ মাহত ক্ৰমে ৭৬.০ শতাংশ আৰু ৩৮.৬ শতাংশ আছিল।
চহৰ অঞ্চলত জানুৱাৰী মাহত কৰ্মৰত জনসংখ্যাৰ অনুপাত (WPR )দুয়ো লিংগতে প্ৰায় স্থিৰ আছিল—পুৰুষৰ ক্ষেত্ৰত ৭০.৫ শতাংশ, মহিলাৰ ক্ষেত্ৰত ২৩.০ শতাংশ আৰু সামগ্ৰিকভাৱে ৪৬.৮ শতাংশ।
সৰ্বভাৰতীয় স্তৰত মাহিলী হিচাপসমূহ ৩,৭৩,১৫৮ জন লোকৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে।
উল্লেখ্য যে, বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতিমাহে দেশৰ নিবনুৱা হাৰৰ পৰিসংখ্যা প্ৰকাশ কৰি আহিছে। লগতে ত্ৰৈমাসিক প্ৰতিবেদনো প্ৰকাশ কৰি আহিছে।
শেহতীয়া নিবনুৱা হাৰ বৃদ্ধিৰ প্ৰতিবেদন সন্দৰ্ভত অৰ্থনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে যে দেশত কৰ্মসংস্থাপনৰ গুৰুতৰ অভাৱ বিদ্যমান। বহু শিক্ষিত যুৱকে উপযুক্ত চাকৰি লাভ কৰিব পৰা নাই। চৰকাৰে চাকৰিৰ ক্ষেত্ৰ বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি গ্ৰহণ কৰিলেও সামগ্ৰিক ছবিখন বিশেষ সলনি হোৱা দেখা নাই।
লগতে পঢ়কঃ MGNREGA আঁচনিৰ নাম সলনিৰ প্ৰস্তাৱ সদনত, কংগ্ৰেছৰ তীব্ৰ বিৰোধিতা

