Assam Congress First Candidate List 2026 to be Announced in First Week of Marchমাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা কৰা হব কংগ্ৰেছৰ প্ৰথম প্ৰাৰ্থী তালিকা

গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিচতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত প্ৰথমখন সংবাদমেল সম্বোধন কৰে (Assam Congress First Candidate List 2026)। প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা এই মাহৰ শেষৰ পিনে বা মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা কৰা হব বুলি সদৰি কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদমেলত কয়,” ভূপেন বৰাৰ বিজেপিত যোগদানে ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰি থকা নাটকখন উন্মোচন কৰিলে।”

বিজেপিলৈ গৈ বহু ৰাজনীতিবিদ নোহোৱা হল বুলি মন্তব্য কৰি তেওঁ কয়, “বিজেপিত যোগদান কৰি ভূপেন বৰাও নোহোৱা হ’বলৈ গৈ আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো নোহোৱা হৈ গ’ল।”

সদ্যদলত্যাগী কংগ্ৰেছ নেতা ভূপেন বৰাৰ কথাৰ কোনো গুৰুত্ব নাই বুলি মন্তব্য কৰি গগৈয়ে কয়, “ভূপেন বৰাই বৰদোৱা থান আৰু কামাখ্যা মন্দিৰত শপত খাই কৈছিল যে তেওঁ কেতিয়াও বিজেপি লৈ নাযায়। যিজনে এনেধৰণৰ শপত খোৱা স্বতেও কংগ্ৰেছ দল ত্যাগ কৰি এদিনৰ পিছতে বিজেপিলৈ যাব পাৰে তেওঁৰ কথাৰ মূল্য কিমান চিন্তা কৰক।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, “নাৰীক অপমান কৰা বুলি অভিযোগ উঠা ভূপেন বৰা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বাবে হিন্দুৰ ডাঙৰ নেতা।

প্ৰথমে নাৰীক অপমান কৰাৰ অভিযুক্ত সজালে, এতিয়া বিজেপি যোগদান কৰাৰ বাবে হিন্দু নেতা সজাইছে। মুখ্যমন্ত্ৰীয়ে অলপতে ভূপেন বৰা, মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়াৰ প্ৰসংগত ক্ষোভিত হৈছিল। আনকি মহিলা আয়োগৰ জৰিয়তে ভূপেন বৰালৈ চমনো পঠিয়ালে। ভূপেন বৰাক গালিও পাৰিছিল। যিজনক নাৰীৰ অপমানৰ দাগ লগাইছিল সেইজন ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে এজন ডাঙৰ হিন্দু নেতা হৈ পৰিল। হিমন্ত বিশ্ব শৰ্মাই কাকো হিন্দু নেতাৰ প্ৰমাণ পত্ৰ দিয়াৰ অধিকাৰ নাই। তেওঁ অসমৰ জিন্না। তেওঁ গৰু চিণ্ডিকেটৰ লগত জড়িত ব্যক্তিক প্ৰাৰ্থিত্ব দিব বিচাৰে।”

মিত্ৰতাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “মিত্ৰতা সম্পৰ্কত কোনো সন্দেহ নাই। মিত্ৰতা হবই ।” তেওঁ লগতে কয়, “বিজেপিৰ লগত মিত্ৰতা কৰা অসম গণ পৰিষদ দলৰ বাবে এই নিৰ্বাচন শেষ নিৰ্বাচন । কিন্তু কংগ্ৰেছৰ লগত মিত্ৰতা কৰা সকলে ৰাজনৈতিক ভাৱে অক্সিজেন পাব। ৰাজনৈতিক ভাৱে সাহস পাব। কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰিলে সকলোৰে লাভ হব। কিন্তু বিজেপিৰ লগত মিত্ৰতা কৰিলে ক্ষতি হয়।”

ভূপেন বৰা মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি চৰ্চা হোৱা সম্পৰ্কত তেওঁ কয়, “আমিও জানিছিলো বিশ্বাস কৰা নাছিলো। তেওঁ যদি কংগ্ৰেছত বেয়া পাইছিল বিজেপি বিৰোধী অন্যদলত যোগদান নকৰিলে কিয়? এদিনো নৰলে বিজেপিত যোগদান কৰিলে।”

গগৈয়ে কয়, “এইবাৰ নতুন কংগ্ৰেছী আৰু ভূৱা কংগ্ৰেছীৰ মাজত যুঁজ হব। ১৫ বছৰত কংগ্ৰেছত থাকি কেলেংকাৰী কৰা সকলে নিজকে বচাবলৈ গৈ বিজেপিত যোগদান কৰি দলটো হাইজেক কৰিলে। গতিকে এইবাৰ নতুন কংগ্ৰেছীৰ লগত ভূৱা কংগ্ৰেছীৰ যুঁজ হব।” প্ৰসংগক্ৰমে তেওঁ বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি আছেনে বুলি উল্লেখ কৰি ৰাজেন গোহাঁইয়ে বিজেপি ত্যাগ কৰা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৰুত্ব নাইকিয়া হোৱাৰ বিষয়ে কয়।

সাহস আছে যদি হিন্দু ধৰ্মৰ বিষয়ত মোৰ লগত তৰ্ক কৰক বুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে কয়, “ৰাজনীতিত কোন দিনা কাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হয় কোনেও কব নোৱাৰে।”

ইপিনে সংবাদ মেলতে কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী কাইলৈ অসমলৈ আহিব বুলি সদৰি কৰি তেওঁ কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ কৰ্মী সকলৰ লগতো মিলিত হব বুলি কয়।

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ


Advertisement