গুৱাহাটীঃ অসমত সম্পন্ন হোৱা বিশেষ সংশোধন প্ৰক্ৰিয়াৰ পিছত মাত্ৰ ৫০০ আবেদন আহিছে। গুৱাহাটীত সংবাদ মেলত এই কথা সদৰী কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে (Assam Voter List Revision 2026)। তেওঁ কয়, ” প্ৰায় ২.৫ কোটি ভোটাৰৰ সৈতে তুলনা কৰিলে এই সংখ্যা অতি কম। মুখ্য নিৰ্বাচনী আয়ুক্তজনে সংশোধন প্ৰক্ৰিয়াটো সুশৃংখলভাৱে সম্পন্ন হৈছে বুলিও মন্তব্য কৰে।
উল্লেখযোগ্য যে দুদিনীয়া অসম ভ্ৰমণৰ অন্তত সংবাদমাধ্যমৰ সৈতে কথা পাতি তেওঁ এই মন্তব্য কৰে। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ভ্ৰমণত তেওঁৰ সৈতে নিৰ্বাচন আয়ুক্ত ড° এছ এছ সন্ধু আৰু বিবেক যোশী তথা ভাৰতীয় নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
জ্ঞানেশ কুমাৰে কয় যে আন নিৰ্বাচনমুখী ৰাজ্যসমূহত য’ত বিশেষ নিবিড় সংশোধন চলি আছে, তাতকৈ অসমত বিশেষ সংশোধন কৰা হৈছে, কাৰণ ৰাজ্যখনত এন আৰ চি-ৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত আছে। এই সংশোধনৰ মূল উদ্দেশ্য হৈছে যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ব্যক্তিৰ নাম তালিকাৰ পৰা আঁতৰোৱা।
তেওঁ ব্লক পৰ্যায়ৰ বিষয়া আৰু ৰাজ্যিক নিৰ্বাচন বিভাগৰ কৰ্মচাৰীৰ কামৰো প্ৰশংসা কৰে।
নিৰ্বাচনৰ তাৰিখ ঘোষণা সন্দৰ্ভত তেওঁ কয় যে আয়োগে অসমৰ সামগ্ৰিক প্ৰস্তুতি পৰ্যালোচনা কৰিছে। কিন্তু চূড়ান্ত সিদ্ধান্ত দিল্লীত Election Commission of India-ৰ বৈঠকৰ পাছত লোৱা হ’ব। ভোটগ্ৰহণৰ তাৰিখ নিৰ্ধাৰণৰ সময়ত ৰঙালী বিহুৰ দিশটোও বিবেচনা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
এইবাৰ ৰাজ্যজুৰি ৩১,৪৮৬টা ভোটকেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰতিটো ভোটকেন্দ্ৰত সৰ্বাধিক ১,২০০জন ভোটাৰ থাকিব বুলি জানিবলৈ দিয়ে। ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে অধিক সুশৃংখলিত হয় সেয়ে অসমৰ সকলো ভোট গ্ৰহণ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে লাইভ ৱেবকাষ্টিংৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্য নিৰ্বাচনী আয়ুক্তজনে সদৰী কৰে। তেওঁ কয় ইয়াৰ দ্বাৰা নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা বৃদ্ধি পাব। তেওঁ কয়, “ভোটাৰসকলৰ সুবিধাৰ্থে প্ৰাৰ্থীসকলৰ ৰঙীন ছবি সংযোজন কৰা হ’ব।”
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা চূড়ান্ত নিৰ্বাচনী তালিকা অনুসৰি ৰাজ্যখনত মুঠ ২.৪৯ কোটি যোগ্য ভোটাৰ আছে। ইয়াৰে ১,২৪,৭৫,৫৮৩ গৰাকী মহিলা আৰু ১,২৪,৮২,২১৩ গৰাকী পুৰুষ ভোটাৰ। তৃতীয় লিংগ শ্ৰেণীৰ ৩৪৩ জন ভোটাৰ আছে।
লগতে পঢ়কঃ নগাঁও জিলা প্ৰশাসনৰ কি কামৰ শলাগ ললে মুখ্য নিৰ্বাচন আয়ুক্তই

